Bihar:✒️বিহাৰত ৰাষ্ট্ৰীয় গণতান্ত্রিক মর্চা (এনডিএ)ৰ বৃহৎ সাফল্যৰ আঁৰৰ গণিত কি? কিদৰে সকলোকে আচম্বিত কৰি তোলা ফলাফল হস্তগত কৰিবলৈ সক্ষম হ’ল এনডিএ। ৰাজনৈতিক বিশ্লেষকসকলে এই প্রেক্ষাপটতে চর্চালৈ আনিছে বিগত দশকত বিহাৰৰ দলীয় ব্যৱস্থাত হোৱা গাঁথনিগত পৰিবৰ্তন। কালি ঘোষিত ফলাফলত এনডিএ কমেও ৪৭.২ শতাংশ ভোট লাভ কৰবাৰ বিপৰীতে মহাজোট বন্ধনে ৩৭.৩ শতাংশ ভোট লাভ কৰে। অর্থাৎ দুয়োপক্ষৰ মাজত প্রায় ১০ শতাংশ ভোট পার্থক্য আছে। ২০২০৩ মহাজোট বন্ধনে লাভ কৰা ৩৭.২৩ শতাংশৰ পৰা এইবাৰ আগুৱাব নোৱাৰিলে। একপ্রকাৰ গেঠেলা মাৰিলে এই মিত্রজোটব পাবদর্শিতাব গ্রাফডাল। মাল্লাহ সম্প্রদায়ৰ ভোট আকর্ষিত কৰাৰ লক্ষ্যৰে বিকাশশীল ইনছান পার্টি (ভিআইপি), অতিশয় পিছপৰা শ্ৰেণীৰ তালিকাত অন্তর্ভুক্ত তাঁতি-পান সম্প্রদায়ক লক্ষ্য কবি ইণ্ডিয়ান ইনক্লুছিভ পার্টি আদিৰ দৰে সৰু সৰু দলক মিত্ৰজোঁটৰ অংশীদাৰ কৰাৰ পাছতো ২০২০তকৈ ভোট নাবাঢ়িল মহাজোঁট বন্ধনৰ। বিভিন্ন জাতি-সম্প্ৰদায়ৰ উন্নয়ন ভিত্তিক প্রতিশ্রুতিৰ অংকয়ো অতিৰিক্ত ভোট আনি দিব নোৱাৰিলে মহাজোঁট বন্ধনক।
ইয়াৰ পৰিৱৰ্তে এনডিএই অৰ্জন কৰিবলৈ সক্ষম হ’ল আকাশচুম্বী সাফল্য। কমেও ১০ শতাংশ ভোট বৃদ্ধি পালে মিত্ৰজোঁটৰ। ইয়াৰ মূল কাৰণ হৈছে লোকজনশক্তি পার্টি (ৰামবিলাস)ৰ এনডিএলৈ প্রত্যাবর্তন। ইয়াৰ ফলত ৫.৫ শতাংশ ভোট লাভ কৰে মিত্ৰজোঁটে। অতিৰিক্তভাবে বিজেপি আৰু জনতা দল (ইউনাইটেড)-এ ভোটৰ শতাংশৰ হাৰ ক্ৰমে ১.৫ আৰু তিনি শতাংশ বৃদ্ধি কৰিবলৈ সক্ষম হয়। জেডি (ইউ)ৰ ভোটৰ লক্ষ্যণীয় বৃদ্ধিৰ আঁৰত কাৰণ ব্যাখ্যা কৰি বিশ্লেষক মহলে কয় যে দুটা প্ৰভাৱশালী কাৰকৰ বাবে দলটো উপকৃত হৈছে। ইয়াৰে এটা হৈছে এলজেপি (ৰামবিলাস)ৰ সমৰ্থকৰ ভোট লাভ আৰু আনটো মহিলাৰ সমৰ্থনৰ চমকপ্রদ বৃদ্ধি। উল্লেখ্য যে ২০২০ত এলজেপি (ৰামবিলাস)য়ে চিৰাগ পাছোৱানৰ নেতৃত্বত জেডি (ইউ)ৰ বিৰুদ্ধে বিশেষভাবে প্রার্থী থিয় কৰাইছিল।
ইপিনে, মহিলা ভোটাৰৰ উত্থানৰ আঁৰত মহিলা শক্তিক লক্ষ্য কৰি গ্ৰহণ কৰা কল্যাণমূলক আঁচনি নেকি বুলি চর্চা হৈছে যদিও বিভিন্নজনে এই ক্ষেত্রত দ্বিমত প্রকাশ কৰে।ঐতিহাসিকভাৱে বিহাৰৰ ৰাজনৈতিক প্রেক্ষাপট খণ্ড-বিখণ্ড কিয়নো ইয়াৰ সমষ্টিসমূহত বিভিন্ন ৰাজনৈতিক দলৰ সবল প্রতিদ্বন্দ্বিতা এক চিৰাচৰিত বিষয়। ২০১৫ৰ এক সমীক্ষা অনুসৰি বিধানসভা আৰু লোকসভা উভয়তে সৰু-বৰ ৰাজনৈতিক দলে বিহাৰৰ নিৰ্বাচনী প্রতিদ্বন্দ্বিতাত সমস্ত বল প্রয়োগ কৰে। যাৰ বাবেই ভোটৰ বিন্যাসো বহুমুখী হয়। ফলত ইয়াৰ দ্বাৰা প্রভাবিত হয় ৰাজনৈতিক দলসমূহে লাভ কৰা আসন। এক গাণিতিক পদ্ধতিৰে চলোৱা সমীক্ষা অনুসৰি বিহাৰৰ লোকসভাই হওক বা বিধানসভা নির্বাচনেই হওক ই দুকোণীয়া বা তিনিকোণীয়া প্রতিদ্বন্দ্বিতাতে আবদ্ধ নাথাকে। অর্থাৎ বহুধা বিভক্ত হয় ভোট। বিহাৰৰ দৰে ৰাজ্যত প্রায় প্রতিটো দলেই ব্যাপক ধনবল-জনবলৰ প্ৰদৰ্শন কৰা দেখা যায়।
অৱশ্যে ২০১৯ৰ পৰা এই ছবিখন সলনি হ’বলৈ ধৰিছে। বিহাৰৰ ৰাজনৈতিক শক্তিৰূপে মিত্রজোঁটৰ আত্মপ্রকাশৰ লগে লগে এক নির্ণায়ক পট পৰিৱৰ্তন হ’বলৈ ধৰে। ২০১৯ৰ বিহাৰৰ লোকসভা নির্বাচনত দুটা মূল মিত্রজোঁট ক্রমে এনডিএ আৰু মহাজোটবন্ধন অর্থাৎ এমজিবিয়ে নাটকীয়ভাৱে বিহাৰৰ বহুধা বিভক্ত ভোটক দুকোণীয়া প্রতিদ্বন্দ্বিতাৰ দিশলৈ লৈ যায়। অৱশ্যে ২০২০ৰ বিধানসভা নিৰ্বাচনত পুনৰ বহুধা বিভক্ত হয় ভোট। এলজেপি (ৰামবিলাস)য়ে জেডি (ইউ)ৰ বিৰুদ্ধে প্রার্থী প্রকাশ কৰি পৃথকে প্রতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্তই ইয়াৰ মূল কাৰণৰূপে বিবেচিত হয়।
অৱশ্যে ২০২৪ৰ লোকসভা নির্বাচনত এলজেপি (ৰামবিলাস) য়ে পুনৰ এনডিএলৈ প্রত্যাবর্তন কৰাত সলনি হৈ পৰে গণিত। ২০২৫তো এই মিত্রজোঁটে বাহাল থাকিব বুলি কোৱা হয়। এই প্রেক্ষাপটত বিহাৰত ভোটৰ গণিত দ্বিকোণ প্রতিযোগিতাৰ মাজতে আবদ্ধ হৈ পৰে। এই ঐক্যবদ্ধ ৰাজনৈতিক ফল লাভ কৰি ২০২৪ৰ লোকসভা নিৰ্বাচনৰ বিহাৰৰ প্ৰতিটো বিধানসভা সমষ্টিতে এনডিএই অতি প্রভাৱশালী শক্তিৰূপে পৰিগণতি হয়। ২০২৫ৰ বিধানসভা নির্বাচনতো দ্বিকোণ গাঁথনি সুস্পষ্ট হয় যদিও ইয়াৰ সামান্য সালসলনি হয়। ইয়াৰ কাৰণ হৈছে প্রশান্ত কিশোৰৰ জন সুৰজ পার্টি (জেএছপি)ৰ বিহাৰৰ ৰাজনৈতিক প্রেক্ষাপটত প্রৱেশ।
অৱশ্যে জিএছপিয়ে এনডিএক প্রত্যাহ্বান জনোৱাতকৈ দেখা গ’ল যে প্রতিষ্ঠান বিৰোধী ঢৌৰ ভোট অর্থাৎ মহাজোঁটবন্ধনৰ ভোটহে ছান কাঢ়িলে। কালি ঘোষিত ফলাফলত জেএছপিৰ লগতে অল ইণ্ডিয়া মজলিছ-ই-ইট্রেহাদুল মুছলিম-ইন অর্থাৎ অল ইণ্ডিয়া মিমে বিৰোধী ভোটতে খহনীয়া আনিলে। ৩.৫ শতাংশ ভোট লাভ কৰি জেএছপিয়ে প্রতিষ্ঠান বিৰোধী ঢৌৰ ভোটৰ কিছু অংশ আদায় কৰাৰ ফলত মহাজোটবন্ধনৰ ভোটৰ অংশ ২০২৪ৰ ৪০.১ শতাংশৰ পৰা ২০২৫ত ৩০.৩ শতাংশলৈ হ্রাস হয়। এই হ্ৰাসৰ পৰিমাণ ২.৮ শতাংশ। বিশ্লেষকসকলে আঙুলিয়াই দিয়ে যে এই ভোট প্রশান্ত কিশোৰলৈ গৈছে।
মহিলাৰ অভাৱনীয় সমর্থন কেৱল ১০ হেজাৰ টকাৰ বাবে নহয়
বিহাৰ নিৰ্বাচনৰ ঐতিহাসিক বিজয়ৰ সাফল্য এনডিএই উদ্যাপন কৰাৰ সময়তে মহিলাৰ ভোটৰ অংশ এক বৃহৎ চৰ্চাৰ বিষয় হৈছে। এই নির্বাচন বিহাৰৰ প্ৰথমটো নির্বাচন য’ত মহিলাই পুৰুষক অতিক্রম কৰি ব্যাপক হাৰত ভোটদান কৰিলে। তথ্য অনুসৰি ৭১.৬ শতাংশ মহিলাই ভোটদান কৰাৰ বিপৰীতে পুৰুষৰ ভোটদানৰ সংখ্যা আছিল ৭২.৮ শতাংশ। মুঠ সংখ্যাৰ ক্ষেত্ৰটো দেখা গ’ল যে মহিলাই পুৰুষতকৈ অধিক ভোটদান কৰিলে। ৰাজ্যখনৰ মুখ্যমন্ত্রী তথা জেডিইউৰ মুৰব্বী নীতিশ কুমাৰৰ ভোটবেংকত মহিলাৰ এক মুখ্য উপাদান। একেদৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিগত দশকত মহিলাৰ ভোট বৃহৎ পৰিমাণে আদায় কৰিবলৈ সক্ষম হৈছে। সেয়েহে নীতিশ আৰু মোদীৰ যুটি মহিলাৰ সমর্থনৰ অন্যতম কাৰকৰূপে বিবেচিত হৈছে।
দুয়োৰে অতি শক্তিশালী প্ৰচাৰ অভিযান আৰু সমান্তৰালভাৱে মহিলাক লক্ষ্য কৰি প্ৰদান কৰা জনকল্যাণমূলক আঁচনিয়ে বিহাৰৰ ভোটদান কেন্দ্রলৈ মহিলাক অধিক আকর্ষিত কৰিলে বুলি কোৱা হৈছে।
ইপিনে, নীতিশ কুমাৰ চৰকাৰে নিৰ্বাচনৰ কিছুদিন পূর্বে যিকোনো মহিলাকে ব্যৱসায়িক কাম-কাজৰ বাবে ১০ হেজাৰ টকাৰ সাহায্য প্ৰদানৰ বিষয়ে ঘোষণা কৰে। এই পদক্ষেপ বিৰোধী মহাজোটবন্ধনৰ বাবে বৃহৎ প্রত্যাহ্বান হৈ পৰে। মহাজোটবন্ধনে বিভিন্ন প্রতিশ্রুতিৰে ইয়াৰ প্ৰত্যুত্তৰ দিবলৈ চেষ্টা কৰে যদিও ৰূপায়ণ আৰু প্ৰতিশ্ৰুতিৰ মাজত পাৰ্থক্য আছে।
বিশ্লেষকমহলে কয় যে এনডিএ চৰকাৰে মহিলাৰ বেংক একাউন্টলৈ প্রতিশ্রুতিৰ ধন হস্তান্তৰ কৰিবলৈ সক্ষম হয় আৰু মহাজোটবন্ধনৰ প্রতিশ্রুতি সেই পর্যায়তে সীমাবদ্ধ হৈ পৰে। অশোক গেহলটৰ দৰে কংগ্ৰেছৰ জ্যেষ্ঠ নেতাও ১০ হেজাৰ টকা প্রদানক এনডিএৰ প্ৰতি মহিলাক লালায়িত কৰাৰ এক বৃহৎ উপাদান বুলি অভিহিত কৰাই নহয়, তেওঁ নির্বাচনী বিধি বলবৎ থকাৰ পাছতো এইদৰে নগদ ধন হস্তান্তৰ কৰিবলৈ দি দেশৰ নিৰ্বাচন আয়োগে ঐক্যবদ্ধ কৰা বুলিও অভিযোগ কৰে।
অৱশ্যে আন একাংশৰ মতে, নীতিশ কুমাৰৰ প্ৰতি এই অভাৱনীয় সমর্থন কেৱল এককালীন নগদ ধনৰ হস্তান্তৰ হ’ব নোৱাৰে। বিগত ২০ বছৰীয়া শাসনকালত নীতিশে বিহাৰৰ মহিলা সবলীকৰণৰ প্ৰতি লক্ষ্য ৰাখি কে’ব্যালানি পদক্ষেপ গ্ৰহণ কৰা দেখা গৈছে। নীতিশ কুমাৰৰ প্ৰথমটো কার্যকালত চাইকেল লাভ কৰা ছোৱালীজনী এতিয়া প্রাপ্ত বয়স্ক হৈ সদ্যসমাপ্ত নির্বাচনত ১০ হেজাৰ টকা লাভ কৰা এগৰাকী সবল মহিলাৰূপে পৰিগণিত হৈছে।
নীতিশৰ কাৰ্যকালত ছাত্ৰীক চাইকেল প্ৰদানৰ আঁচনিয়ে বিহাৰৰ বিদ্যালয়ত ছাত্ৰীসকলৰ সংখ্যা বৃদ্ধিৰ ক্ষেত্ৰত অতি নির্ণায়ক ভূমিকা গ্রহণ কৰা বুলি কোৱা হৈছে। দীঘলীয়া শাসনকালত জীৱিকা আদিৰ দৰে বহু মহিলাকেন্দ্রিক আঁচনি গ্রহণ কৰা দেখা গৈছে। তেওঁ আনকি সকলো নিগম-নিকায়ত মহিলাৰ বাবে ৫০ শতাংশ আসন সংৰক্ষণৰ ব্যৱস্থা কৰিছে।
তদুপৰি বিহাৰত সুৰা নিষিদ্ধ কৰাৰ ফলত সুৰাসক্ত স্বামীৰ দ্বাৰা গাৰ্য্যস্থ হিংসাৰ বলি হোৱা ৰাজ্যখনৰ দৰিদ্ৰ শ্ৰেণীৰ বৃহৎ সংখ্যক মহিলাৰ জীৱনলৈ আহিছিল সকাহ। ইয়াৰ ফলতো মহিলাৰ মাজত তেওঁৰ ভেটি সবল হয়। সেয়েহে সাতে-পাঁচে মিলি মহিলাৰ ভোট নীতিশৰ পক্ষত অহাৰেই কথা। শেষ মুহূৰ্তৰ ১০ হেজাৰ টকাৰ নগদ ধন হস্তান্তৰে এক স্ফুলিংগৰ দৰে কাম কৰে আৰু খেল সলনি হয়।






























