Nitish Kumar:✒️পাটনাস্থিত জেডিইউৰ কাৰ্যালয়ৰ বাহিৰত নীতিশ কুমাৰৰ ফটোৰ লগতে বাঘৰ ছবি সম্বলিত এখন প’ষ্টাৰ লিখা আছিল বলিউদৰ অভিনেতা ছলমান খানৰ এখন ছবিৰ নাম- ‘টাইগাৰ অভি জিন্দা হো’। শুকুৰবাৰে বেলিটোৱে পশ্চিমলৈ ধাৱমান হোৱাৰ সময়ত সেই বাক্যশাৰীৰ তাৎপর্য স্পষ্ট হৈ পৰে।
৭৪ বছৰ বয়সীয়া নীতিশ কুমাৰে বুজাই দিলে যে এতিয়া তেৱেই বিহাৰৰ ৰাজনীতিৰ মূলকেন্দ্ৰ।কালি সন্ধিয়া পর্যন্ত এনডিএৰ প্রার্থীয়ে দুই শতাধিক আসনত জয়লাভকৰিছে বা আগবাঢ়ি আছে। চৰকাৰ গঠনৰ বাবে প্রয়োজনীয় সংখ্যা (১২২) তকৈ সেয়া অনেক বেছি। ইয়াৰ ভিতৰত কুমাৰৰ দল জেডিইউয়ে লাভকৰিছে ৮৪খন আসন। বিজেপিৰ সংগ্ৰহ ৯৪। অর্থাৎ এনডিএৰ চৰকাৰ হোৱাটো নিশ্চিত হৈছে।
আনহাতে, জোঁটৰ বৃহত্তম অংশীদাৰ নহ’লেও আসনসংখ্যাৰ নিৰিখত কাৰ্যত বিজেপিৰ লগতে আছে জেডিইউ। অথচ পাঁচ বছৰৰ পূর্বে ২০২০ৰ নিৰ্বাচনত ১১৫টা সমষ্টিত প্রতিদ্বন্দ্বিতা কৰি কুমাৰৰ দলে মাত্ৰ ৪৩খন আসন লৈয়ে সন্তুষ্ট থাকিবলগীয়া হৈছিল। তুলনাত কম আসন (১১০)ত প্রতিদ্বন্দ্বিতা কৰি ভাল ফল পাইছিল অংশীদাৰ দল বিজেপিয়ে। তেওঁলোকে লাভকৰিছিল ৭৪খন আসন। সেই দিশৰ পৰা চালে এইবাৰৰ নিৰ্বাচনত মুখ্যমন্ত্রী কুমাৰে নিজৰ প্ৰাসংগিকতা বৰ্তাই ৰখাৰ সমান্তৰালকৈ নিজৰ দলকো সম্মানজনক স্থানলৈ তুলি আনিলে।
যোৱাবাৰ ৪৩খন আসন পোৱাৰ পাছতো কুমাৰ মুখ্যমন্ত্ৰী হৈছিল। এইবাৰ প্ৰায় দুগুণ আসন পোৱাত স্বাভাৱিকতে তেওঁ মুখ্যমন্ত্ৰীৰ আসনৰ প্ৰধান দাবীদাৰ। সেইবাবেই প্রশ্ন উত্থাপন হৈছে যে জেডিইউৰ প্রবীণ নেতাজনে দশমবাৰলৈ বিহাৰৰ মুখ্যমন্ত্ৰীৰ আসনত বহিব পাৰিবনে?
নিৰ্বাচনৰ পূৰ্বে কুমাৰৰ অসুস্থতাক লৈ বিভিন্ন খবৰ ওলাইছিল। বার্ধক্যজনিত কাৰণত তেওঁ আৰু সক্ৰিয় ৰাজনীতিত থাকিব নে নাই, সেই প্রশ্নও বিহাৰৰ বতাহত বিয়পিছিল। এই প্রশ্ন যে কেৱল বিৰোধী আৰজেডি বা কংগ্রেছেই তুলিছিল তেনে নহয়; বৰঞ্চ এনডিএৰ ভিতৰচ’ৰাতো এই চর্চা প্ৰৱল হৈছিল। কুমাৰে অৱশ্যে বিগত একাধিক নিৰ্বাচনৰ দৰে এইবাৰো ভোটাৰৰ সন্মুখত নিজৰ ‘সুশাসনবাবু’ ভাৱমূর্তি দাঙি ধৰিছিল।
কেৱল তাতেই নিশ্চিন্ত হৈ নাথাকি তেওঁ নিৰ্বাচনৰ পূৰ্বে ইটোৰ পাছত সিটো জনতাৰ আকৰ্ষণকাৰী আঁচনি আৰম্ভ কৰিছিল। প্ৰতিটো পৰিয়ালকে ১২৫ ইউনিট পর্যন্ত বিদ্যুৎ বিনামূলীয়াকৈ দিয়াৰ সিদ্ধান্ত লয় কুমাৰ নেতৃত্বাধীন এনডিএ চৰকাৰে। ইয়াৰ সমান্তৰালকৈ তেওঁ জ্যেষ্ঠ নাগৰিক, বিধৱা মহিলা আৰু বিশেষভাৱে সক্ষম নাগৰিকসকলৰ সামাজিক নিৰাপত্তা পেন্সনৰ পৰিমাণ চাৰিশ টকাৰ পৰা ১,১০০ টকালৈ বৃদ্ধি কৰে। মহিলা ভোটবেংকৰ কথা মনত ৰাখি নিৰ্বাচনৰ কিছু মাহৰ পূৰ্বে তেওঁৰ চৰকাৰে ‘মুখ্যমন্ত্রী মহিলা ৰোজগাৰ যোজনা’ আৰম্ভ কৰে। এই আঁচনিত বিহাৰত প্ৰথম দফাৰ ভোটৰ কিছু দিনৰ পূৰ্বেই ডেৰ কোটি মহিলা হিতাধিকাৰীৰ বেংক একাউণ্টত ১০ হেজাৰ টকাকৈ সোমাইছিল।
মাজৰ কিছু মাহৰ কথা বাদ দিলে ২০০৫ৰ পৰা এই পর্যন্ত বিহাৰৰ মুখ্যমন্ত্ৰীৰ আসনখনত কুমাৰেই উপবিষ্ট হৈ আছে। বিগত ২০টা বছৰত অনেক ৰাজনৈতিক উত্থান-পতন ঘটিছে, একাধিকবাৰ জোঁট সলাই ভিন ভিন দল আৰু জোঁটৰ হাতত ধৰি আহিছে কুমাৰে। তাৰ বাবে কুমাৰক ‘পল্টুৰাম’ বা ‘পল্টুচাচা’ বুলিও বিদ্রুপ কৰা হয়। তথাপি কিন্তু কুমাৰৰ ৰাজনৈতিক গুৰুত্ব হ্রাস পোৱা নাই। সম্ভৱতঃ সেই গুৰুত্বৰ কাৰণেই ২০২৪ৰ জানুৱাৰীত কুমাৰে যেতিয়া পুনৰ আৰজেডিৰ সংগ ত্যাগ কৰি বিজেপিৰ লগত হাত মিলালে, তেতিয়া তুলনাত কম আসন থাকিলেও জোঁটৰ মুখ্যমন্ত্ৰীৰূপে কুমাৰকে মনোনীত কৰা হৈছিল। তাৰ কিছু মাহৰ পাছতে লোকসভা নির্বাচনত ১২খন আসনত জয়ী হৈ কুমাৰৰ দল জেডিইউৱে কেন্দ্ৰৰ শাসকজোঁট এনডিএৰ সংখ্যাগৰিষ্ঠতা অর্জনত সহায়ক হয়। ফলত পাটনাৰ পাছত দিল্লীতো কুমাৰৰ দল গুৰুত্বপূৰ্ণ হৈ উঠে। অৱশ্যে এনে এজন গুৰুত্বপূৰ্ণ নেতাকো এইবাৰ নিৰ্বাচনৰ পূৰ্বে এনডিএৰ মুখ্যমন্ত্ৰীৰ দাবীদাৰ বুলি ঘোষণা নকৰিলে বিজেপিৰ শীর্ষ নেতৃত্বই। বৰঞ্চ কোৱা হৈছিল যে নির্বাচনী ফলাফল ঘোষণাৰ পাছত বিধায়কসকলেই পৰৱৰ্তী মুখ্যমন্ত্রীক নির্বাচন কৰিব। যাৰ বাবে এনডিএৰ ভিতৰচ’ৰাতে বিভিন্ন চৰ্চা আৰম্ভ হৈছিল। অৱশ্যে প্ৰচাৰৰ অন্তিম পর্বত সকলো জল্পনা-কল্পনাত চেঁচাপানী ঢালি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কয়, ‘নীতিশ কুমাৰৰ নেতৃত্বতে এনডিএই বিহাৰত জয়ৰ নজিৰ গঢ়িব।’
আজিৰ ফলাফলৰ পৰা এটা বিষয় স্পষ্ট যে কুমাৰক বাদ দি এনডিএৰ আন অংশীদাৰ দলসমূহক লৈ বিহাৰত চৰকাৰ গঠন কৰিব পৰা অৱস্থাত আছে বিজেপি। অথচ দিল্লীত এনডিএ চৰকাৰৰ সংখ্যাগৰিষ্ঠতা ৰক্ষাত যিসমূহ দল সহায়ক হৈ আছে, কুমাৰৰ জেডিইউ তাৰ অন্যতম। সেইবোৰ অংক মনত ৰাখিয়ে মুখ্যমন্ত্ৰীৰূপে পুনৰ কুমাৰৰ নাম ঘোষণা কৰিব পাৰে পদ্ম শিবিৰে। অন্যথা পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ নাম ঘোষণা কৰাত বিলম্ব কৰিব পাৰে। সেই ক্ষেত্ৰত বিহাৰৰ শাসকজোঁটৰ দুই প্রধান দলে দৰ-দাম কৰাৰ পথ ল’ব নে নলয়, তাৰ প্রতিয়ে সম্প্রতি সমগ্র দেশৰ দৃষ্টি নিবদ্ধ হৈছে।
অৱশ্যে সকলো মিলাই এই মুহূৰ্তত কুমাৰ ‘সুবিধাজনক’ স্থিতিত আছে বুলিয়ে একাংশ বিশেষজ্ঞই মত প্ৰকাশ কৰিছে। কিয়নো আৰজেডি আমোলৰ ‘জংঘলৰাজ’ৰ বিপৰীতে কুমাৰৰ ‘স্বচ্ছ ভাৱমূর্তি’ সদায় এনডিএৰ ডাঙৰ অস্ত্ৰ হৈ আহিছে। তাৰ ওপৰতে বিহাৰত সুৰা নিষিদ্ধ কৰাৰ পাছত মহিলা ভোটাৰসকলৰ মাজত কুমাৰৰ ক্ৰমবর্ধমান জনপ্রিয়তাকো নুই কৰাটো কঠিন। এই জনপ্রিয়তাকে প্রত্যাহ্বান জনাব পৰা ‘বিহাৰী মুখ’ এই মুহূৰ্তত বিজেপিত নাই। সেই অংক মনত ৰাখিয়ে হয়তো এই মুহূর্তত জেডিইউ কিছু নিশ্চিন্ত হৈ আছে। সেই নিশ্চয়তাৰ পৰাই আজি দুপৰীয়া নিৰ্বাচনৰ ফলাফল প্রায় স্পষ্ট হোৱাৰ লগে লগে জেডিইউৰ সামাজিক মাধ্যমৰ পৃষ্ঠাত প’ষ্ট কৰা হৈছিল, ‘নীতিশ কুমাৰেই বিহাৰৰ মুখ্যমন্ত্ৰী হৈ থাকিব।’ অৱশ্যে কিছু ক্ষণৰ পাছতে সেই প’ষ্টটো মছি পেলোৱা হয়। যদিও প’ষ্টটো মছি পেলালেও বিহাৰৰ নিৰ্বাচনত নীতিশ কুমাৰ বিলীন নহ’ল; বৰঞ্চ টাইগাৰ ‘জিন্দা’ই আছে।






























