Bomb blast:✒️দিল্লীৰ বিস্ফোৰণ কাণ্ডৰ অন্যতম অভিযুক্ত আল-ফালাহ চিকিৎসা মহাবিদ্যালয়ৰ অধ্যাপিকা ডাঃ ছাহিন ছঈদে যোৱা সোমবাৰৰ বিস্ফোৰণৰ পাছত ডুবাইলৈ পলায়নৰ পৰিকল্পনা কৰিছিল। ফৰিদাবাদৰ বিস্ফোৰক উদ্ধাৰ কাণ্ডত গ্ৰেপ্তাৰ হোৱা আল-ফালাহ চিকিৎসা মহাবিদ্যালয়ৰ অধ্যাপিকা ডাঃ ছাহিনে এই উদ্দেশ্যে বিস্ফোৰণটোৰ এসপ্তাহ পূর্বে পাৰপত্ৰৰ পৰীক্ষণ (ভেৰিফিকেচন) কৰোৱাৰ তথ্য সম্প্রতি তদন্তত পোহৰলৈ আহিছে।
সূত্ৰৰ মতে যোৱা তিনি নৱেম্বৰত তেওঁৰ পাৰপত্ৰ পৰীক্ষণ কৰিবলৈ আল-ফালাহ মেডিকেল কলেজত এজন আৰক্ষীৰ লোক উপস্থিত হৈছিল। ডুবাইলৈ উৰা মৰাৰ উদ্দেশ্যে পাৰপত্ৰৰ বাবে আবেদন জনায়। সম্প্রতি তদন্তকাৰীৰ সন্দেহ হ’ল যে বিস্ফোৰণ সফল হ’লে তেওঁ ডুবাইলৈ পলায়নৰ পৰিকল্পনা প্রস্তুত কৰিছিল।
কিন্তু এই বিস্ফোৰণৰ আগদিনা অর্থাৎ যোৱা ন নৱেম্বৰত তেওঁক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। তেওঁৰ গাড়ীৰ পৰা আৰক্ষীয়ে এটা এ কে-৪৭ ৰাইফল উদ্ধাৰ কৰে। ইয়াৰ সমান্তৰালভাৱে আল-ফালাহ মেডিকেল কলেজত বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্রী উদ্ধাৰ কৰে আৰক্ষীয়ে।
তদন্তকাৰীৰ সূত্ৰৰ মতে ডাঃ ছাহিনৰ স’তে পাকিস্তানী সন্ত্রাসবাদী সংগঠন জইচ-ই-মহম্মদৰ প্ৰত্যক্ষ যোগাযোগ আছে। তেওঁ চিকিৎসা মহাবিদ্যালয়খনৰ কৰ্মচাৰী আৱাসৰ ৩২ নম্বৰ ফ্লেটত বাস কৰে। তেওঁ জনোৱা আমন্ত্রণ মর্মে এই ফ্লেটত উপস্থিত হৈ তেওঁৰ পাৰপত্ৰ পৰীক্ষণ কৰে।
তেওঁলোকে পাৰপত্ৰৰ প্ৰতিলিপিও তেওঁৰ পৰা সংগ্ৰহ কৰে। তদুপৰি ফটোও তোলে। সূত্ৰৰ মতে, আৰক্ষীয়ে ডাঃ ছাহিনৰ পাৰপত্ৰ পৰীক্ষণৰ প্ৰতিবেদনো তৈয়াৰ কৰে। কিন্তু কোনো কাৰণত তেওঁক পাৰপত্ৰৰ বাবে সেউজ সংকেত দিয়া নহ’ল। তাৰ পাছতে তেওঁ সন্ত্রাসবাদী কার্যকলাপত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হয়।
ইতিমধ্যে তেওঁৰ ম’বাইল ফোন আৰু সকলো নথিপত্র তদন্তকাৰী আৰক্ষীয়ে জব্দ কৰিছে। আনহাতে ডাঃ ছাহিন তেওঁৰ সহকৰ্মীসকলৰ মাজত ‘লেডী ছাৰ্জন’ বুলি পৰিচিত আছিল। তেওঁৰ সহকৰ্মী সূত্ৰই প্ৰকাশ কৰা অনুসৰি তেওঁ নিতৌ বিয়লি চাৰিটা বজাৰ পাছত কেতবোৰ কাম কৰিছিল।
এই কামবোৰক তেওঁ ‘আচল কাম’ আখ্যা দিছিল। তেওঁৰ এই ‘আচল কাম’ কি তাৰ বিষয়ে সহকর্মীসকলে উমঘাম পোৱা নাছিল বুলি জনায়। সম্প্রতি তদন্তকাৰীয়ে এই আচল কামৰ ৰহস্যভেদ কৰাৰ চেষ্টা কৰি আছে।






























