Bomb blast:✒️যোৱা ১০ নৱেম্বৰৰ সন্ধিয়া দিল্লীৰ লালকিল্লা মেট্র’ ৰেল ষ্টেছনৰ ওচৰত সংঘটিত আত্মঘাতী কাৰ বোমা বিস্ফোৰণত দুই কিলোগ্রাম এম’নিয়াম নাইট্রেটসহ অতি দাহ্য পদার্থ সন্ত্রাসবাদীয়ে ব্যৱহাৰ কৰাৰ তথ্য তদন্তত পোহৰলৈ আহিছে। সূত্রই জনোৱা মতে, ঘটনাস্থলীৰ পৰা প্ৰেৰণ কৰা মুঠ ৫২ টা নমুনা পৰীক্ষা কৰি এই তথ্য উদ্ধাৰ কৰিছে বিশেষজ্ঞৰ দলে।
বিশেষজ্ঞসকলৰ ধাৰণা হ’ল যে এম’নিয়াম নাইট্রেট আৰু পেট্র’লিয়াম ব্যৱহাৰ কৰি এই কাৰ বোমা তৈয়াৰ কৰে সন্ত্রাসবাদীয়ে। সূত্ৰৰ মতে বিস্ফোৰণটো ঘটোৱা ডাঃ ওমৰ বোমা তৈয়াৰত সিদ্ধহস্ত আছিল। উল্লেখ্য যে প্রথম অৱস্থাত এই কাৰ বোমা বিস্ফোৰণত কেৱল এম’নিয়াম নাইট্রেট ব্যৱহাৰ হোৱাৰ তথ্য পোহৰলৈ আহিছিল। সম্প্রতি এম’নিয়াম নাইট্রেটৰ স’তে অতি দাহ্য পদার্থ ব্যৱহাৰ কৰাৰ তথ্য বিশেষজ্ঞই উদ্ধাৰ কৰিছে। বিশেষজ্ঞৰ মতে এনে বোমা পাঁচৰ পৰা ১০ মিনিটৰ ভিতৰতে তৈয়াৰ কৰাটো সম্ভৱ।
উল্লেখ্য যে ঘটনাৰ দিনা আবেলি ৩-১৯ বজাৰ পৰা সন্ধিয়া ৬-২৮ বজালৈ ঘটনাস্থলীৰ ওচৰৰ এক পার্কিংস্থলত গাড়ীৰ ভিতৰত ডাঃ ওমৰ বহি আছিল। এই গাড়ীখন আছিল এখন আই-২০ গাড়ী। এই গাড়ীৰ জৰিয়তে তেওঁ বিস্ফোৰণটো ঘটাই অর্ধ-শতাধিকক হতাহত কৰে। শেহতীয়াভাবে তদন্তকাৰীয়ে ঘটনা সংঘটিত হোৱাৰ সময়ত বিস্ফোৰণস্থলীৰ ওচৰে-পাঁজৰে ৰখাই থোৱা গাড়ীসমূহৰ গৰাকীসকলকো তলব কৰা বুলি সূত্রই জনায়। ডাঃ ওমৰক কেনে অৱস্থাত কেতিয়া তেওঁলোকে দেখিছিল সেই বিষয়ে তথ্য উদ্ধাৰৰ উদ্দেশ্যে এই গাড়ীৰ গৰাকীসকলক তলব কৰা হৈছে বুলি সূত্রই প্রকাশ কৰিছে। তেওঁলোকৰ পৰা আত্মঘাতী বোমাৰুজনৰ চালচলন সন্দেহজনক আছিল নেকি তাৰ তথ্য উদ্ধাৰৰো চেষ্টা তদন্তকাৰীয়ে কৰিব বুলি সূত্রই জনায়।
উল্লেখ্য যে সমগ্র দেশ কঁপোৱা এই বিস্ফোৰণৰ তদন্ত ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা (এনআইএ)ই কৰি আছে। তদুপৰি দিল্লী আৰক্ষীৰ বিশেষ কোষে সুকীয়াকৈ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে। সূত্ৰই জনোৱা মতে, এই বিস্ফোৰণত ব্যৱহৃত আই-২০ গাড়ীখন বিস্ফোৰণৰ আগদিনা অর্থাৎ যোৱা দেওবাৰে নিশা ফৰিদাবাদত প্রথমে দেখা গৈছিল। পাছত গাড়ীখন দিল্লী-মুম্বাই এক্সপ্রেছ ঘাইপথত দেখা গ’ল। এই ঘাইপথত এখন ধাবাৰ কাষতো গাড়ীখন দেখা গৈছিল। পৰৱৰ্তী সময়ত গাড়ীখন এখন দোকানৰ ওচৰত দেখা যায়।
সূত্ৰৰ মতে, গাড়ীখনৰ ভিতৰতে দেওবাৰে নিশাটো ডাঃ ওমৰে কটায়। পিছদিনা পুৱা দিল্লী অভিমুখে যাত্ৰা আৰম্ভ কৰে। উখলা, কনাট প্লেচ হৈ তেওঁ পূব দিল্লীত প্ৰৱেশ কৰে। পাছত তেওঁ মধ্য দিল্লীলৈ যাত্রা কৰে। দিনৰ এক বজাত আছফ আলী পথৰে তেওঁ এটা মছজিদৰ ওচৰলৈ যায়। তাত তেওঁক তিনি ঘণ্টা থকা দেখা যায়। পাছত আবেলি ৩-১৯ বজাত তেওঁ লালকিল্লাৰ ওচৰৰ সুনেহৰি মছজিদৰ পার্কিং স্থলত উপস্থিত হয়। তাতো তেওঁ তিনি ঘণ্টা ৰোৱাৰ পাছত সন্ধিয়া বিস্ফোৰণটো ঘটায়।
আল-ফালাহ মেডিকেল কলেজৰ বিৰুদ্ধে দিল্লী আৰক্ষীৰ গোচৰ, আটক আৰু দুজন চিকিৎসক
এইবাৰ ফৰিদাবাদৰ আল-ফালাহ মেডিকেল কলেজৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিলে দিল্লী আৰক্ষীয়ে। বিশ্ববিদ্যালয় অনুদান আয়োগ (ইউজিচি) আৰু ‘নাক’-এ উত্থাপন কৰা জালিয়াতিৰ অভিযোগত ব্যক্তিগত উচ্চ শিক্ষানুষ্ঠানখনৰ বিৰুদ্ধে দিল্লী আৰক্ষীৰ অপৰাধ শাখাই গোচৰ ৰুজু কৰিছে বুলি সূত্রই জনায়। উল্লেখ্য যে এই চিকিৎসা মহাবিদ্যালয় হাস্পতালতে কৰ্মৰত আছিল আত্মঘাতী বোমাৰু ডাঃ ওমৰ। ইতিমধ্যে বিস্ফোৰক উদ্ধাৰৰ ঘটনা সংক্ৰান্তত ডাঃ ওমৰৰ কে’বাজনো সহযোগীক তদন্তকাৰী সংস্থাই গ্ৰেপ্তাৰ কৰিছে। তেওঁলোকৰ দুই অন্যতম হ’ল ডাঃ মোজাম্মিল আৰু ডাঃ ছাহিন ছঈদ।
তদুপৰি দিল্লী আৰক্ষীয়ে চিকিৎসা মহাবিদ্যালয় হাস্পতালখনৰ আৰু তিনিজনক আটক কৰিছে। ইয়াৰে দুজন চিকিৎসক। তেওঁলোকক ক্রমে মহম্মদ আৰু মুস্তাকিম বুলি চিনাক্ত কৰা হৈছে। এই সন্দেহজনক সকলৰ সবিশেষ তথ্য উদ্ধাৰৰ উদ্দেশ্যে দিল্লী আৰক্ষীৰ এটা দল শিক্ষানুষ্ঠানখনৰ ওখালাস্থিত কার্যালয়তো উপস্থিত হৈছে। সূত্ৰই প্ৰকাশ কৰা অনুসৰি মহম্মদ আৰু মুস্তাকিমৰ স’তে ধৃত ডাঃ মোজাম্মিলৰ সম্পৰ্ক আছে। দিল্লী বিস্ফোৰণৰ দিনা এই দুই চিকিৎসকৰ এজন এইমছত এক সাক্ষাৎকাৰত অৱতীৰ্ণ হোৱাৰ উদ্দেশ্যে দিল্লীত আছিল বুলি সূত্রই প্রকাশ কৰিছে।
ডাঃ মোজাম্মিলৰ স’তে তেওঁলোকৰ সম্পৰ্ক কেনে আছিল, তাৰ তথ্য উদ্ধাৰৰ উদ্দেশ্যে দুয়োকে জেৰা কৰি থকা হৈছে বুলি সূত্রই জানিবলৈ দিছে। সূত্রই লগতে জনোৱা মতে দিল্লীকে ধৰি দেশৰ বিভিন্ন স্থানত ধাৰাবাহিক বিস্ফোৰণ সংঘটিত কৰাৰ উদ্দেশ্যে বিস্ফোৰক কিনিবলৈ এই চক্রই কমেও ২৬ লাখ টকা সংগ্ৰহ কৰে। সংগৃহীত এই ধনৰ তিনি লাখ টকাৰে চক্রটোৱে এনপিকে সাৰ ক্ৰয় কৰে। এই এনপিকে সাৰ বোমা তৈয়াৰত সচৰাচৰ ব্যৱহাৰ কৰা হয় বুলি সূত্ৰই প্ৰকাশ কৰিছে। এই সাৰ চক্ৰটোৱে দীনেশ ওৰফে ডাব্বু নামৰ এজন লোকৰ পৰা ক্ৰয় কৰে। ইতিমধ্যে দীনেশক আৰক্ষীয়ে আটক কৰিছে।
অভিযোগ অনুসৰি দীনেশে অনুজ্ঞাপত্র নথকা সন্দেহজনক লোককো এই এনপিকে সাৰ বিক্ৰী কৰে। তদুপৰি আৰক্ষীয়ে দিল্লী বিস্ফোৰণ কাণ্ড সম্পৰ্কত ৱাজিপুৰ ঔদ্যোগিক অঞ্চলৰ এজন চাহ বিক্রেতাকো সোধপোছ কৰিছে। তেওঁৰ চাহৰ দোকানত ডাঃ ওমৰে বিস্ফোৰণৰ ১০-১৫ মিনিট পূর্বে ৰৈছিল। এই সম্পৰ্কত চাহ বিক্রেতাজনে কয় যে বিস্ফোৰণৰ প্ৰাক্ক্ষণত তেওঁৰ দোকানত এজন মুখত মাস্ক লগোৱা ব্যক্তিয়ে কিছু সময়ৰ বাবে বহিছিল। তেওঁৰ দোকানত লোকজনে চাহপান কৰিছিল নে অথবা দীর্ঘসময় ধৰি বহি আছিল নেকি সেই তথ্য উদ্ধাৰৰ চেষ্টা কৰিছে তদন্তকাৰীয়ে।
ইতিমধ্যে দোকানীজনে ঘটনাৰ সময়ৰ চিচি টিভিৰ ফুটেজ তদন্তকাৰীক প্ৰদান কৰিছে। তদুপৰি দিল্লী আৰক্ষীয়ে বিস্ফোৰণৰ পূৰ্বৰ তিনি ঘণ্টাত ছুনেহৰি মছজিদৰ পার্কিং স্থলত প্ৰৱেশ কৰা গাড়ীসমূহৰ প্ৰতিখনৰে তথ্য উদ্ধাৰৰ চেষ্টা অব্যাহত ৰাখিছে। তদুপৰি আছফ আলী পথৰ ৰামলীলা ময়দানৰ ওচৰৰ মছজিদৰ দৰ্শনাৰ্থীৰ তালিকাও পৰীক্ষা কৰিছে তদন্তকাৰীয়ে। কাৰণ এই মছজিদৰ ওচৰতো বিস্ফোৰণৰ দিনা ডাঃ ওমৰ ৰৈছিল। আনহাতে, বিস্ফোৰণস্থলীৰ ওচৰৰ পাৰ্কিংস্থলত বিস্ফোৰণৰ পূৰ্বৰে পৰা ৰখাই থোৱা গাড়ীসমূহ পৰীক্ষা কৰিছে দিল্লী আৰক্ষী আৰু বোমা চিনাক্তকৰণ দলে। প্রথমে দিল্লী আৰক্ষীয়ে বিস্ফোৰণ সংঘটিত হোৱাৰ সময়ত ঘটনাস্থলীত থকা সকলো গাড়ীৰ তথ্যৰ পৰীক্ষা কৰিছে।
তদন্তকাৰীয়ে ডাঃ ওমৰৰ ফটো এই গাড়ীসমূহৰ চালকসকল আৰু গৰাকীসকলক দেখুৱাই তদন্ত অব্যাহত ৰাখিছে। ইয়াৰ পূৰ্বে দিল্লী আৰক্ষীৰ বিশেষ কোষে বিস্ফোৰণটোৰ পশ্চাতত থকা তথ্য উদ্ঘাটনৰ উদ্দেশ্যে ষড়যন্ত্ৰৰ ধাৰাত গোচৰ ৰুজু কৰিছে। আনহাতে, তদন্তৰ আৰম্ভণিৰ অৱস্থাত বেআইনী কার্যকলাপ (প্ৰতিৰোধ) ধাৰাত ৰুজু কৰা গোচৰ এনআইএলৈ হস্তান্তৰ কৰা হৈছে বুলি তদন্তকাৰী সংস্থাই প্রকাশ কৰিছে। তদন্তকাৰীৰ সূত্ৰই লগতে জনোৱা মতে ফৰিদাবাদৰ পৰা অধিক চিচি টিভি ফুটেজ উদ্ধাৰ কৰা হৈছে। এই ফুটেজসমূহত দেখা গৈছে যে ডাঃ ওমৰে এটা সৰু মোনাৰ পৰা নিজৰ ম’বাইল চার্জ দিবলৈ বিচাৰি কোনোবা এজনৰ স’তে কথা পাতিছে।
আনহাতে, তদন্তৰ আঁত ধৰি আজিলৈকে জম্মু-কাশ্মীৰৰ পাঁচ শতাধিক লোকক সোধপোছ কৰাৰ লগতে কমেও এশ পুৰণি গাড়ী ক্রেতা-বিক্রেতা, কমেও দুশ অতিথিশালা/হোটেল/ইন, ৪০ খন সাৰ আৰু বীজৰ দোকান, ১৭০০ ভাড়াতীয়া আৰু ১৪০ মছজিদত তালাচী চলোৱা হৈছে বুলি সূত্ৰই প্ৰকাশ কৰিছে।
ইপিনে, বিস্ফোৰণৰ পাছত সতৰ্কতাৰ অংশৰূপে দিল্লী মেট্র’ ৰেল নিগমে বন্ধ ৰখা এক আৰু দুই নম্বৰ প্ৰৱেশদ্বাৰ চাৰিদিনৰ পাছত কালি পুনৰ মুকলি কৰিছে।






























