Daily horoscope:✒️মেষ: কর্মক্ষেত্রত পদোন্নতিৰ যোগ। স্বাস্থ্যক লৈ সমস্যা হ’ব পাৰে। বিশেষ কোনো কামৰ বাবে ৰাজহুৱা সন্মান পাব পাৰে। দিনটোত কৰ্ম আৰু ভাগ্য সহায়ক হ’ব। ঘৰত অতিৰিক্ত জাক-জমকৰ প্ৰয়াসৰ পৰা বিৰত থাকিব। বিদ্যার্থীৰ শুভ। প্ৰেম আৰু দাম্পত্যত অশান্তি থাকিব।
বৃষ: কর্মক্ষেত্রত সুনাম বৃদ্ধিৰ যোগ। মামলা-মোকদমাত জয়ী হোৱাৰ সম্ভাৱনা আছে। দিনটোত অসহায় ভাব বৃদ্ধি পাব। ব্যৱসায়-বাণিজ্যত নতুন বিনিয়োগ শুভ ফলদায়ক হ’ব। বিদ্যার্থীৰ বাবে দিনটো শুভ।
মিথুন: কর্মক্ষেত্রত প্রগতি কিন্তু অপবাদো হ’ব পাৰে। দিনটোত ধৈর্য্য আৰু সংযম বজাই ৰখাৰ চেষ্টা কৰিব। মানসিক ফালৰ পৰা হতাশাৰ মাত্রাই বেছি হ’ব। আকস্মিকভাৱে অসংযত হোৱাৰ প্ৰৱণতা।
কর্কট: কর্মক্ষেত্রত অশান্তি আৰু মিছা অপবাদৰ ভয় আছে। আর্থিক ক্ষেত্ৰত মধ্যম। পাৰিবাৰিক মতভেদৰ সম্ভাৱনা আছে। বিদ্যাত অৱশ্যে সিমান বেয়া দেখা নাযায়। নিবনুৱাসকল চেষ্টাত সফল হ’ব পাৰে।
সিংহ: কর্মক্ষেত্রত সন্মান প্ৰান্তিৰ যোগ। পাৰিবাৰিক সু-সংবাদ পোৱাৰ কাৰক। আর্থিক দিশত কিছু ভালেই। পঢ়া-শুনাত যোগ্যতা থাকিব। কোনো লোকৰ সান্নিধ্যত সুখ পাব। শৰীৰৰ প্ৰতি লক্ষ্য ৰাখিব।
কন্যা: অপ্রত্যাশিতভাৱে পৰিবাৰিক ক্ষেত্রত জামেলা আহিব পাৰে। প্রেম-প্ৰীতিৰ ক্ষেত্ৰত আশানুৰূপ ফল নাপাব। দৈনন্দিন কৰ্মত সুনাম বৃদ্ধিৰ যোগ। আকস্মিকভাৱে অর্থ সম্পদ প্রাপ্তিৰ যোগ।
তুলা: দিনটোত ভাগ্য আৰু কৰ্ম আপোনাৰ সহায় হ’ব। আৰ্থিকত খৰচৰ মাত্রা বৃদ্ধি পাব। দুৰ্ভাৱনাই দিনটো আমনি কৰিব। ব্যৱসায়ত গুপ্ত শত্ৰুৰ পৰা সাৱধান। ঘৰুৱাত নতুন পৰিকল্পনা।
বৃশ্চিক: দৈনন্দিন কৰ্মত জামেলা হ’ব পাৰে। আনন্দ লাভ। সু-সংযোগত মনত উৎসাহ থাকিব। আর্থিক দিশত সিমান উন্নত নহ’লেও অসুবিধাতো নপৰিব। কৰ্মক্ষেত্ৰত উন্নত পৰিৱেশ। ব্যৱসায়ত শুভ।
ধনুঃ কৰ্ম আৰু ভাগ্য আপোনাৰ সহায়ক নহ’ব পাৰে। ঘৰুৱা দিশত বেয়া নহ’ব। দুই-এটা চেষ্টাত সফল। কর্মক্ষেত্রত জটিলতা থাকিলেও আপোনাৰ সুনাম হানি নহ’ব। কোনো লোকৰ সাক্ষাতত উপকৃত হ’ব।
মকৰ : কৰ্মক্ষেত্ৰত সাফল্যৰ যোগ। দিনটোত মানসিক অস্থিৰতা বৃদ্ধি পাব। স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। অনাৱশ্যক ব্যয়ৰ মাত্রা বৃদ্ধিৰ ফলত মানসিক উদ্বেগ বৃদ্ধি পাব। দিনটোত শত্ৰুৰ পৰাক্ৰম বৃদ্ধি পাব, গতিকে শত্ৰুৰ গতিবিধিৰ ওপৰত লক্ষ্য ৰাখিব। প্ৰেমত সাফল্য।
কুম্ভ: কর্মক্ষেত্রত অপ্রত্যাশিতভাৱে জামেলা হ’ব পাৰে। কর্মক্ষেত্রত নিজৰ যোগ্যতাৰ প্ৰমাণ দেখাব পাৰিব। শৰীৰ বৰ শুভ বুলিব নোৱাৰি। কর্মক্ষমসকলে নিজ কর্মত আত্মনিয়োগ কৰক। ব্যৱসায়-বাণিজ্যত মধ্যম।
মীন: দৈনন্দিন কর্মত সাফল্য আহিব। ধৈর্য সহকাৰে কাম কৰিলে সাফল্য আহিব। জাতক-জাতিকাৰ কৰ্ম প্ৰাপ্তিৰ যোগ দেখা যায়। ৰাজহুৱা কামত খ্যাতি ম্লান নহয়। বন্ধুবৰ্গৰ লগত সু-সম্বন্ধ থাকিব। বিদ্যাত ভালেই। ব্যৱসায়ীসকল বাধাৰ সন্মুখীন হ’ব পাৰে। বিদ্যার্থীৰ বাবে দিনটো শুভ।
