Delhi:✒️দিল্লী বিস্ফোৰণৰ দুঃস্বপ্ন এতিয়াও সতেজ। ইয়াৰ মাজতে ৰাজধানীৰ কেবাখনো নিম্ন আদালতত বোমাতংক । লগে লগে খালী কৰা হয় সকলো আদালত ।
বন্ধ কৰি দিয়া হৈছে শুনানি। ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে দিল্লী আৰক্ষীৰ এটা বৃহৎ দল বোম্ব স্কোয়াড।আৰম্ভ হৈছে তল্লাচি অভিযান। কেৱল সেয়াই নহয়, দিল্লীৰ দ্বাৰকা আৰু প্ৰশান্ত বিহাৰ অঞ্চলৰ দুখন চি আৰ পি এফৰ বিদ্যালয়তো বোমাৰ আতংক বিয়পি পৰিছে ।
দুয়োখন বিদ্যালয় খালী কৰা হৈছে। তাতো তল্লাচি অভিযান অব্যাহত আছে। যাৰ ফলত নতুনকৈ পুনৰ ৰাজধানীত আতংক বিয়পি পৰিছে।
প্ৰাপ্ত তথ্য অনুসৰি, মঙলবাৰে পুৱা পাকিস্তানী উগ্ৰপন্থী সংগঠন জৈছৰ নামত ইমেইল প্ৰেৰণ কৰা হৈছিল।য’ত কেবাখনো গুৰুত্বপূৰ্ণ আদালত আৰু বিদ্যালয়ক উৰুৱাই দিয়াৰ ভাবুকি দিয়া হৈছিল। ইয়াৰ ফলত তীব্ৰ আতংকৰ সৃষ্টি হয়। দ্ৰুত গতিত ইখনৰ পাছত সিখনকৈ নিম্ন আদালত খালী কৰা হয়।
আৰম্ভ হৈছে তল্লাচি অভিযান। যদিও দীৰ্ঘসময়ৰ তল্লাচি অভিযানত এতিয়ালৈকে সন্দেহজনক একো উদ্ধাৰ হোৱা নাই। অৱশ্যে কোনো ধৰণৰ ৰিস্ক ল’বলৈ অনিচ্ছুক আৰক্ষী বিষয়াসকলে।
এই ভাবুকিৰ পাছত সমগ্ৰ ৰাজধানীত নিৰাপত্তা বৃদ্ধি কৰা হৈছে। সকলো ঠাইতে চোৰাংচোৱাগিৰি বৃদ্ধি কৰা হৈছে।
আনহাতে, ভাবুকিৰ আঁৰত কোন বা কি আছে সেই বিষয়েও তদন্ত চলিছে। এই ভাবুকি একে ঠাইৰ পৰা আদালত আৰু বিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছিল নে পৃথকে পৃথকে দিয়া হৈছিল সেইয়াও দিল্লী আৰক্ষীয়ে তদন্ত কৰি আছে।






























