Gujarat:✒️চিকিৎসালয়লৈ যোৱাৰ পথত হঠাৎ এম্বুলেন্সত জুই ।মৃত্যু নৱজাতকসহ চাৰিজন লোকৰ। সোমবাৰে গভীৰ নিশা গুজৰাটৰ আৰাৱলীত সংঘটিত হয় এই কৰুণ ঘটনা।
আৰক্ষীৰ সূত্ৰই জনোৱা মতে, নৱজাতকটোৰ বয়স এদিন।জন্মৰ ঠিক পিছতেই নৱজাতকটো অসুস্থ হৈ পৰিছিল। গতিকে, সেই নিশা তেওঁক চিকিৎসাৰ বাবে ব্যক্তিগত চিকিৎসালয়লৈ স্থানান্তৰিত কৰা পৰিকল্পনা কৰা হৈছিল।
সেই হিচাপে নৱজাতকক এম্বুলেন্সত লৈ যোৱা হৈছিল।তেওঁৰ বাহিৰেও এম্বুলেঞ্চৰ ভিতৰত তেওঁৰ পিতৃ, দুই আত্মীয়, এগৰাকী চিকিৎসক আৰু এগৰাকী নাৰ্ছ আছিল।
সোমবাৰে গভীৰ নিশা পুৱা প্ৰায় এক বজাত মোদাছা-ধনছুৰা পথত উপস্থিত হোৱাৰ কিছু সময়ৰ পাছতে হঠাৎ এম্বুলেন্সখন জুই লাগিল । এই ঘটনাত অগ্নিদগ্ধ হৈ চাৰিজন লোকৰ মৃত্যু হয়।
স্থানীয় লোকে অগ্নিকাণ্ড প্ৰত্যক্ষ কৰি ঘটনাস্থলীত উপস্থিত হয় আৰু অগ্নিনিৰ্বাপক বাহিনীক অৱগত কৰে। লগে লগে ঘটনাস্থলীত আহি উপস্থিত হয় আৰক্ষীও ।
এম্বুলেন্স চালক আৰু দুজন লোকক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।কিন্তু এম্বুলেন্সখনত কি কাৰণত জুই লাগিছিল সেয়া এতিয়াও স্পষ্ট হোৱা নাই। ইতিমধ্যে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ হৈছে।






























