Zubeen Garg:
অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ আজি ৫৩ সংখ্যক জন্মদিন। ১৯৭২ৰ ১৮ নৱেম্বৰত জন্মগ্ৰহণ কৰা শিল্পীগৰাকীৰ অবর্তমানত আজি প্ৰথমবাৰলৈ জন্মদিন পালন কৰিছে ৰাজ্যবাসীয়ে। উল্লেখ্য যে যোৱা ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত ৰহস্যজনক মৃত্যুক সাৱটি লৈছিল জুবিন গার্গে। তেওঁৰ মৃত্যু কিদৰে কেনেকৈ হ’ল সেয়া আজিও ধূসৰ হৈয়ে আছে। মৃত্যুৰ দুমাহত ভৰি দিয়াৰ পাছতো আজিও এয়া হত্যা নে দুর্ঘটনা স্পষ্ট নহ’ল। অৱশ্যে এই ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে চিআইডিৰ বিশেষ তদন্তকাৰী গোটে। সমান্তৰালভাৱে প্রতি ক্ষণত ঘটনাৰ দৃশ্যপট সলনি হৈ অহাৰ বিষয়টোরেও শিল্পীজনৰ লক্ষ লক্ষ অনুৰাগীৰ মনত বিভিন্ন প্ৰশ্নৰ উদ্রেক ঘটাইছে। সকলোৰে মনত মাথোঁ এটাই প্রশ্ন কেতিয়া ন্যায় পাব জুবিন গাৰ্গে? তাৰ মাজতে ন্যায়ৰ আশাত বন্দী পৰিয়ালৰ লগতে লক্ষ লক্ষ অনুৰাগীয়ে আজি প্রিয় শিল্পীজনৰ জন্মদিনৰ আয়োজন কৰিছে I
। জুবিন গাৰ্গৰ কাহিলিপাৰাস্থিত বাসগৃহত জন্মদিন আয়োজন কৰা হৈছে ৷ বিভিন্ন জনে জন্মদিনৰ শুভেচ্ছা জনাবলৈ ভীৰ কৰিছে হাৰ্টথ্ৰৱ গৰাকীৰ বাসগৃহত ৷ আনহাতে জন্মদিনৰ শুভেচ্ছা দিবলৈ অহা জুবিন গাৰ্গৰ অনুৰাগী মাজত বহি আবেগিক পত্নী গৰিমা শইকীয়া গাৰ্গ আৰু পিতৃ কপিল বৰঠাকুৰ I প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জন্মদিনৰ উপলক্ষ্যে কাহিলীপাৰা বাসগৃহত নাম প্ৰসংগ পুৱাৰে পৰা আৰম্ভ কৰে আইমাতৃ সকলে ৷
আনহাতে জুবিনৰ ফ্লেটৰ আৱাসিক অট্টালিকাটোৰ দেৱালসমূহ জুবিন গাৰ্গৰ ছবি, বাহন আদি অংকন কৰি সজাই তোলা হৈছে। কাইলৈ জুবিন গাৰ্গৰ জন্মদিন উদযাপন কৰি প্রিয় শিল্পীজনৰ ৰহস্যজনক মৃত্যুত পুনৰবাৰ ন্যায় দাবী তোলে লক্ষ লক্ষ অনুৰাগীয়ে I
#পুত্রবৎ ৰাহুল গৌতম শৰ্মা-আছুৰ নেতাসহ বহুকেইজনৰ সাক্ষ্য ল’লে এছআইটিয়ে
প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যু ৰহস্যৰ তদন্তত বিশেষকৈ বিত্তীয় দিশটোত অনিয়মৰ ওপৰত অনিয়মৰ তথ্য এছআইটিৰ সন্মুখত উন্মোচিত হৈছে। সেই বাবে তদন্তকাৰী গোটটোৱে বিত্তীয় লেনদেনৰ লগত যিকোনো প্ৰকাৰে জড়িত বিভিন্ন পক্ষক তাৎক্ষণিক জাননীৰে সাক্ষ্য প্রদানৰ বাবে আমন্ত্রণ জনাইছে। সোমবাৰেও তেনে কে’বাটাও পক্ষক আমন্ত্রণ জনোৱা হয়। জুবিনৰ মেনেজাৰ সিদ্ধার্থ শৰ্মাৰ বিৰুদ্ধে বিত্তীয় অনিয়মৰ তথ্যবোৰ লাভ কৰা হৈছে আৰু তাৰ পৰিণতিতেই হিয়াৰ আমঠু শিল্পীগৰাকীক মৃত্যু গৰাহলৈ ঠেলি দিয়া হ’ল নেকি বুলি এছআইটিত বিশ্লেষণ চলিছে। অৱশ্যে এছআইটিয়ে এই কথা নিশ্চিত কৰিছে যে মেনেজাৰ সিদ্ধার্থই জুবিনৰ লগত ব্যাপক বিত্তীয় প্ৰৱঞ্চনা সংঘটিত কৰিছিল। সোমবাৰে এছআইটিয়ে জুবিনে পুত্ৰসম জ্ঞান কৰা ৰাহুল গৌতম শৰ্মাৰ সাক্ষ্য গ্রহণ কৰে। শিল্পীগৰাকীৰ অতি মৰ্মৰ আছিল ৰাহুল গৌতম শৰ্ম। তেওঁৰ মুখাগ্নিও কৰিছিল ৰাহুলে। জুবিনৰ ব্যক্তিগত বহু দিশক লৈ এইআইটিয়ে কমেও নঘণ্টা জুৰি ৰাহুল গৌতম শৰ্মাৰ পৰা ভাষ্য সংগ্ৰহ কৰে।
হুছেইনে সদৰী কৰে যে শ্ব’ৰূমটো উদ্বোধনৰ বিনিময়ত তেওঁলোকে জুবিন গাৰ্গক ডেৰ লাখ টকা দিছিল। ৰাহুল গৌতম শৰ্মাৰ জৰিয়তে জুবিনৰ লগত যোগাযোগ কৰি পাছত মেনেজাৰ সিদ্ধার্থক ধন আদায় দিছিল। তাৰে ৯৫ হেজাৰ টকা অনলাইনযোগে আৰু ৫৫ হেজাৰ টকা নগদ হিচাপত আদায় দিছিল।
#জুবিনৰ মানৱীয়তাক প্ৰতাৰণা
সোমবাৰে উত্তৰ গুৱাহাটীৰ মান্দাকাটাৰ কল্প ভূমিজ নামৰ এজন লোকে জুবিন গাৰ্গৰ মানৱীয়তাক মেনেজাৰ সিদ্ধার্থ শৰ্মাৰ প্ৰতাৰণাৰ অভিযোগ উত্থাপন কৰে। লোকজনে আজি অভিযোগ কৰে যে হৃদৰোগত আক্ৰান্ত হৈ চিকিৎসা কৰোতে কৰোতে শেষত এটকাও তেওঁৰ হাতত নাছিল। তেতিয়া এদিন জুবিন গাৰ্গক সাক্ষাৎ কৰি দুৰৱস্থা অৱগত কৰাত শিল্পীগৰাকীয়ে সিদ্ধার্থক ৩০ হেজাৰ টকা দিবলৈ কৈছিল। তাৰ পাছত লোকজনে সিদ্ধার্থক একাধিকবাৰ সাক্ষাৎ কৰিছিল যদিও সাহায্যৰ এটকাও দিয়া নাছিল। এনেদৰে বহুদিন পাৰ হোৱাত অৱশেষত হাতত ধন নথকাত চিকিৎসা আধৰুৱা কৰি লোকজনে গুৱাহাটী চিকিৎসা মহাবিদ্যলয় হাস্পতালৰ পৰা ঘৰলৈ গুচি গৈছিল। ইয়াৰ বহুদিন পাছত এদিন চিকিৎসালয়খনতে হঠাৎ লগ পাইছিল জুবিন গাৰ্গক। তেতিয়া লোকজনে তেওঁক সিদ্ধার্থই সাহায্যৰ ধনখিনি নিদিয়া বুলি অভিযোগ দিছিল। লগে লগে জুবিনে কাৰোবাৰ পৰা লৈ সেইখিনি টকা নিজেই লোকজনক দিছিল।
