Rafale Fighter Jets:✒️’অপাৰেচন সিন্দূৰ’ৰ সময়ত ভাৰতৰ শক্তি ফ্ৰান্সত নিৰ্মিত ৰাফেল যুদ্ধ বিমানক লৈ প্ৰশ্ন উত্থাপন কৰিছিল পাকিস্তানে।এইবাৰ ৰাছিয়ান সেনাক প্ৰতিহত কৰিবলৈ ফ্ৰান্সৰ স’তে ১০০ খন ৰাফেল যুদ্ধ বিমান ক্ৰয় কৰাৰ চুক্তি কৰিছে ইউক্ৰেইনে।
ইতিমধ্যে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে পেৰিছৰ সমীপৰ এটা বিমান ঘাটিত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ স’তে চুক্তিবদ্ধ হৈছে।
চুক্তি অনুসৰি ২০৩৫ চনৰ ভিতৰত ফ্ৰান্সে ইউক্ৰেইনক ১০০খন যুদ্ধ বিমান প্ৰদান কৰিব।জেলেনস্কিয়ে এই চুক্তিক “ঐতিহাসিক” বুলি অভিহিত কৰিছে। বিশেষজ্ঞসকলৰ মতে ফ্ৰান্সৰ স’তে হোৱা এই চুক্তিয়ে ইউক্ৰেইনৰ বায়ুসেনাত নতুন গতি দিব।
ইতিমধ্যে আকাৰ আৰু শক্তিৰ ক্ষেত্ৰত ইউক্ৰেইনৰ সামৰিক শক্তিতকৈ ৰাছিয়াৰ সেনা বহু আগবাঢ়ি আছে। মাৰাত্মক মিছাইল, ভয়ংকৰ বোমা, যুদ্ধ বিমান, ড্ৰোন… সকলো পুটিনৰ অস্ত্ৰভাণ্ডাৰ অন্তহীন।
তথাপিও কিছুদিন পূৰ্বে জেলেনস্কিৰ সেনাই কৌশলেৰে ৰাছিয়াক পৰাস্ত কৰিছিল।
ড্ৰোন আৰু মিছাইল আক্ৰমণৰ বাবে সাজু হৈছে ৰাছিয়া। ৰাফেলক অন্তৰ্ভুক্ত কৰাৰ লগে লগে জেলেনস্কিৰ বাহিনীয়ে শক্তি বৃদ্ধি কৰিছে।
ফ্ৰান্স-ইউক্ৰেইনৰ অস্ত্ৰ চুক্তিত আন এটা কথা স্পষ্ট হৈ পৰিছে।অৰ্থাৎ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ এই প্ৰচেষ্টা সত্ত্বেও ইউক্ৰেইন-ৰাছিয়া যুদ্ধ বৰ্তমান বন্ধ হোৱা নাই।






























