Nitish Kumar:✒️বিহাৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ’ব নীতিশ কুমাৰ । ২০ নৱেম্বৰত দশম বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব নীতিশ কুমাৰে।
ADVERTISEMENT
নীতিশ কুমাৰৰ নতুন চৰকাৰত উপ-মুখ্যমন্ত্ৰী হ’ব বিজেপি নেতা সম্ৰাট চৌধুৰী আৰু বিজয় সিনহা।
উল্লেখ্য যে,বৃহস্পতিবাৰে পাটনাৰ গান্ধী মৈদানত অনুষ্ঠিত হ’ব নতুন চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠান ।
পুৱা ১১ বজাৰ পৰা নিশা ১২:৩০ বজাৰ ভিতৰত অনুষ্ঠিত হ’ব শপতগ্ৰহণ অনুষ্ঠান । অনুষ্ঠানত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপি শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী, লগতে এন ডি এৰ কেবাগৰাকীও নেতা ।






























