Bihar:বৃহস্পতিবাৰে বিহাৰত নতুন চৰকাৰৰ শপতগ্ৰহণ

দশমবাৰৰ বাবে মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হ'ব ৭৪ বছৰীয়া নীতিশ কুমাৰে, শপত গ্ৰহণত অংশ ল'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

nitish 1

Bihar:

বৃহস্পতিবাৰে হিন্দী বলয়ৰ অন্যতম ৰাজ্য বিহাৰত নতুন চৰকাৰৰ শপত গ্ৰহণ কৰিব ৷ দশমবাৰৰ বাবে মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হ’ব ৭৪ বছৰীয়া নীতিশ কুমাৰ ৷ পাটনাৰ গান্ধী ময়দানত দিনৰ ১.৩০ বজাত অনুষ্ঠিত হ’ব লগা শপতগ্রহণ অনুষ্ঠানত মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব নীতিশ কুমাৰ সহ নতুন মন্ত্ৰী সকলে ৷

উল্লেখ্য যে, নীতিশ মন্ত্ৰীসভাত বিজেপিৰ দুজন উপ-মুখ্যমন্ত্ৰী সহ ১৬ জন মন্ত্ৰী,জেডিইউৰ ১৪ জন,এলজেপি ৩ জন আৰু হাম আৰু আৰএলএমৰ এজনকৈ মন্ত্ৰীয়ে শপত লোৱাৰ সম্ভাৱনা আছে ৷

গাম্ভীৰ্যপূৰ্ণ শপত গ্রহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদী,গৃহমন্ত্ৰী অমিত শ্বাহ,বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডা,এনডি এ শাসিত মুখ্যমন্ত্ৰী সকল উপস্থিত থাকিব ৷

Exit mobile version