Road Accident:
বুধবাৰে দুপৰীয়া গুৱাহাটীৰ পাশ্বৱৰ্তী বৰঝাৰ বিমানবন্দৰৰ সমীপৰ বঙৰাত সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনাত থিতাতে কৰুণ মৃত্যুক সাবটি লয় দুই যুৱকে। দ্ৰুতগতিত অহা এখন বাইক নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিৰ জলাশয়ত ছিটিকি পৰে ৷ ফলত জলাশয়তে সলিল সমাধি ঘটে দুই বাইক আৰোহীৰ ৷
ঘটনা সংঘটিতৰ পিছত স্থানীয় লোক আৰু আৰক্ষী উপস্থিত হয় ঘটনাস্থলীত ৷ স্থানীয় লোকে জলাশয়ত অভিযান চলাই দুই বাইক আৰোহী যুৱকৰ মৃতদেহ উদ্ধাৰ কৰে ৷ আৰক্ষীয়ে মৃতদেহ দুটা মৰনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে জিএমচিএইছলৈ ৷
