Zubeen garg birth Anniversary:শ্ৰীশ্ৰী ৰাজহুৱা সত্ৰৰ উদ্যোগত প্রসিদ্ধ শিল্পী জুবিন গাৰ্গৰ জন্মদিনত বিশেষ অনুষ্ঠান “মায়াবিনী ৰাতিৰ বুকুত

৫০০ ব্যক্তিৰে 'মায়বিনী' গীত পৰিবেশনৰ লগতে আমন্ত্ৰিত শিল্পীৰ দ্বাৰা জুবিন সংগীতৰ অনুষ্ঠান

zz1

Zubeen garg birth Anniversary:

অসমীয়া জাতিৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ওপজা দিনটো মহানগৰীৰ শ্ৰীশ্ৰী ৰাজহুৱা সত্ৰত উদযাপন কৰা হয়। সত্ৰাধিকাৰ সনাতন দাস বাপ আৰু বিশিষ্ট সমাজসেৱিকা স্বপ্না দাসে বন্তি প্ৰজ্বলন কৰা উক্ত অনু্ষ্ঠানত শিল্পীগৰাকীৰ মৃত্যুৰ ন্যায় বিচাৰি ৫০০ ব্যক্তিয়ে পৰিবেশন কৰে জুবিন সংগীত ‘মায়াবিনী ৰাতিৰ বুকুত’। বিয়লি ৪ বজাত শ্ৰীশ্ৰী ৰাজহুৱা সত্ৰৰ প্ৰেক্ষাগৃহত শিল্পী সংগীতা দাসৰ বৰগীত পৰিৱেশনৰে আৰম্ভ কৰা অনুষ্ঠানটিত সমূহীয়া নাম-প্রসঙ্গ, শ্রদ্ধাঞ্জলি লগতে আমন্ত্ৰিত শিল্পীৰ দ্বাৰা জুবিন সংগীতৰ অনুষ্ঠান অনুষ্ঠিত কৰা হয় বুলি অনুষ্ঠানটিৰ সম্পাদক কমল কুমাৰে জানিবলৈ দিয়ে।

সাংবাদিক তথা সত্ৰৰ কাৰ্যালয় সম্পাদক ডিম্পী ভৰালীয়ে আঁত ধৰা উক্ত অনুষ্ঠানত অসমৰ ভিন্ন জিলাৰ আমন্ত্ৰিত শিল্পীয়ে জুবিন গাৰ্গৰ গীত পৰিৱেশন কৰাৰ লগতে সপ্তক গোষ্ঠী আৰু সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে জুবিন গীতৰ আধাৰত নৃত্য পৰিৱেশন কৰে। অনুষ্ঠানত সাংবাদিক অলকা বৰুৱা, সমাজসেৱিকা জুৰি শৰ্মা বৰদলৈ বীণাপাণি দাস, কাঞ্চন চৌধুৰী, পাৰিষদ মঞ্জু বৰা, সমাজসেৱক সুৰেন্দ্ৰ কুমাৰ গোৱেল, ৰাজু সাহানী, মৃদুল কুমাৰ মেধি হেমন্ত মজুমদাৰ ধিং, পিংকু মণি দাস, অজয় পোদ্দাৰ, পুলকেশ ৰায়বৰুৱা, দীপ্তি দে, ড° স্বৰ্ণলতা নাথ, পাপৰি বুঢ়াগোঁহাই, কন্যা কুমাৰী শইকীয়াকে ধৰি বহুকেইগৰাকী সমল ব্যক্তি উপস্থিত থাকে। বিশিষ্ট সমাজসেৱক ৰুগস্বৰ খণ্ডাৱালে সাংস্কৃতিক মঞ্চ উদ্বোধন কৰা উক্ত অনুষ্ঠানটিত অঞ্চলটোৰ কেইবা শতাধিক সংস্কৃতিবান ব্যক্তি উপস্থিত থাকে।

Exit mobile version