সাধু কথা নহয়, বাস্তৱতে ঘঁৰিয়ালে বগাইছিল গছ! পাঁচ কোটি বছৰ পূর্বে অস্ট্রেলিয়াত সংঘটিত হৈছিল এনে ঘটনা। একাংশ বিজ্ঞানীয়ে শেহতীয়াভাবে এই দাবী কৰিছে। মূলতঃ চিকাৰ ধৰিবলৈ গছত উঠিছিল এনে ঘৰিয়ালে। অৱশ্যে বর্তমান এনে ঘৰিয়াল পৃথিৱীত পোৱা নাযায়। গছৰ ডালে ডালে বগাই চিকাৰ ধৰিছিল এনে ঘৰিয়ালে।
এই তথ্য পোহৰলৈ আহিছে অষ্ট্ৰেলিয়াৰ কুইন্সলেণ্ডত উদ্ধাৰ হোৱা এই প্রাচীন ঘৰিয়ালৰ কণীৰ জীৱাশ্ম বিশ্লেষণৰ জৰিয়তে। উল্লেখ্য যে এই জীৱাশ্মৰ সন্ধান ১৯৮৩ তে আৰম্ভ হয় যদি শেহতীয়াভাৱেহে এই জীৱাশ্ম উদ্ধাৰ হয়। জীৱাশ্মবিধ হৈছে প্রাগঐতিহাসিক ঘৰিয়ালৰ কণীৰ।
গছৰ ওপৰৰ পৰা এই কণীৰ জীৱাশ্ম উদ্ধাৰ কৰা হৈছে। এই জীৱাশ্ম বিশ্লেষণ কৰি একাংশ বিশেষজ্ঞই প্রকাশ কৰিছে যে এই জীৱাশ্ম চাৰে পাঁচ কোটি বছৰৰ পুৰণি। মেকোসুচিন প্ৰজাতিৰ এই ঘৰিয়ালৰ জীৱাশ্ম পূর্বে উদ্ধাৰ হোৱা নাছিল। উল্লেখ্য যে অষ্ট্ৰেলিয়াৰ লৱণযুক্ত সাগৰৰ পানীত বর্তমানে পোৱা ঘৰিয়ালবিধৰ প্ৰজাতিৰ আবিৰ্ভাৱ প্রায় ৩৮ লাখ বছৰ পূৰ্বে ঘটে বুলি বিজ্ঞানীসকলে কয়। এই ঘৰিয়ালবিধৰ পূৰ্বসুৰী আছিল উক্ত প্ৰজাতিৰ ঘূৰিয়াল।
এই গছ বগাব পৰা ঘঁৰিয়ালবিধ ভিন্ন প্ৰজাতিৰ আছিল। অৱশ্যে এই সকলো ঘৰিয়ালে বর্তমানে পোৱা নাযায়। বিজ্ঞানীসকলৰ মতে, মেকোসুচিন প্ৰজাতিৰ ঘূৰিয়ালৰ অন্তিমবিধ প্রজাতি প্রায় তিনি হেজাৰ বছৰ পূৰ্বে পৃথিৱীৰ পৰা বিলুপ্ত হয়।
এই বিলুপ্ত ঘঁৰিয়ালৰ জীৱাশ্ম উদ্ধাৰৰ চেষ্টা অস্ট্রেলিয়াত বিগত বহু বছৰ ধৰি চলে। শেহতীয়াভাৱে উদ্ধাৰ হোৱা এই ঘৰিয়ালৰ জীৱাশ্ম বিশ্লেষণৰ জৰিয়তে দেখা গৈছে যে এই ঘঁৰিয়ালবিধে কেৱল গছত বগাবলৈ সক্ষম হোৱা নাছিল, গছৰ পৰা জঁপিয়াই চিকাৰো ধৰিব পাৰিছিল। এনেদৰে চিকাৰ ধৰাত এই ঘঁৰিয়াল দক্ষ আছিল। এই সম্পর্কত স্পেইনৰ বাৰ্চিলোনাস্থিত ইনষ্টিটিউট কেটেলা ডি পেলিঅ’ন্টলজিয়া মিকেল ক্রুছাফণ্টৰ নেতৃত্বত আন্তর্জাতিক জীৱাশ্ম বিজ্ঞানীৰ এটি দলে গৱেষণা কৰিছে।
সেই জীৱাশ্মবিদৰ দলটোৱে কুইন্সলেণ্ডৰ পৰা মেকোসুচিন ঘৰিয়ালৰ কণীৰ জীৱাশ্ম উদ্ধাৰ কৰিছে। এই ক্ষেত্ৰত জীৱাশ্মবিদৰ দলটোক সহায় কৰিছে ছিডনীস্থিত নিউ ছাউথ রেলছ বিশ্ববিদ্যালয়ে। গৱেষণাত পোহৰলৈ অহা তথ্য অনুসৰি, এনে একোটা প্রাপ্ত বয়স্ক ঘৰিয়ালৰ শৰীৰৰ দৈৰ্ঘ্য পাঁচ মিটাৰ পৰ্যন্ত আছিল। যিহেতু এই ঘৰিয়ালে গছৰ পৰা জঁপিয়াই চিকাৰ ধৰিব পাৰিছিল, গতিকে এই ঘৰিয়ালৰ নাম বিজ্ঞানীসকলে ‘ড্রপ ক্রোক’ ৰাখিছে।
এই সম্পর্কত জীৱাশ্মবিদৰ দলটোৰ অন্যতম সদস্য নিউ ছাউথ বেলছ বিশ্ববিদ্যালয়ৰ অধ্যাপক মাইকেল আৰ্চাৰে কয়, ‘অনুমান কৰা হৈছে যে এনে ঘৰিয়ালৰ কিছু সংখ্যকে জংঘলত বিচৰণ কৰিও চিকাৰ ধৰিছিল। এনে ঘৰিয়ালে চিতা বাঘৰ দৰে চিকাৰ ধৰিছিল। তদুপৰি গছৰ ওপৰৰ পৰা পছন্দৰ চিকাৰৰ ওপৰত এনে ঘৰিয়াল জঁপিয়াই পৰিছিল। দিনটোৰ সকলো সময়তে নহ’লেও চিকাৰ ধৰাৰ পৰত এনে ঘঁৰিয়াল গছৰ ওপৰত উঠিছিল।’
একাংশ বিজ্ঞানীৰ মেকোসুচিন প্ৰজাতিৰ ঘঁৰিয়ালৰ জীৱাশ্ম পূর্বেও অস্ট্রেলিয়াত উদ্ধাৰ হৈছিল। অৱশ্যে এই জীৱাশ্ম আঢ়ৈ কোটি বছৰ পূৰ্বৰহে আছিল। শেহতীয়াভাবে উদ্ধাৰ হোৱা জীৱাশ্মবিধহে চাৰে পাঁচ কোটি বছৰ পুৰণি। সম্প্ৰতি বিজ্ঞানীসকলে এই ঘৰিয়ালৰ শাৰীৰিক গঠন আৰু অভিযোজন ক্ষমতা সম্পর্কে তথ্য উদ্ধাৰৰ চেষ্টা কৰি আছে। এই সম্পর্কত উক্ত গবেষক দলৰ মুৰব্বী জেভিয়াৰ পাণ্ডেছৰে কয়, ‘কুইন্সলেণ্ডত উদ্ধাৰ হোৱা এই প্রাগঐতিহ্যাসিক ঘঁৰিয়ালৰ কণীৰ জীৱাশ্মৰ জৰিয়তে এই ঘৰিয়ালৰ শৰীৰ বৃত্তিয় গঠন, প্রজন আৰু অভিযোজন ক্ষমতা বুজ লোৱাত সহায় হৈছে।’
অৱশ্যে কি কাৰণত এই ঘঁৰিয়ালবিধ পৃথিৱীৰ পৰা বিলুপ্ত হ’ল সেই তথ্য বর্তমানেও পোহৰলৈ অহা নাই।
