Social media:✒️ডেনমার্ক চৰকাৰে সম্প্ৰতি ১৫ বছৰ অনুর্ধ্ব বয়সৰ লোকৰ বাবে দেশখনত সামাজিক মাধ্যমৰ মঞ্চ নিষিদ্ধ কৰাৰ বাবে এক ৰাজনৈতিক চুক্তি ঘোষণা কৰিলে।
ডেনমার্কৰ ডিজিটেল মন্ত্রণালয়ে জনোৱা অনুসৰি, ছ’চিয়েল মিডিয়া ব্যৱহাৰৰ ক্ষেত্ৰত বয়সৰ সীমা নির্ধাৰণ কৰা হ’ব।
অৱশ্যে এক নির্দিষ্ট মূল্যায়নৰ পাছত একাংশ অভিভাৱকক ১৩ বছৰ বয়সৰ পৰা তেওঁলোকৰ সন্তানক সামাজিক মাধ্যম ব্যৱহাৰৰ অনুমতি দিয়াৰ অধিকাৰ প্ৰদান কৰা হ’ব।
ডেনমার্কৰ প্রধানমন্ত্রী মেটে ফ্রেডেৰিকছেনে যোৱা মাহত সংসদত ভাষণ প্ৰসংগত যুৱ প্ৰজন্মৰ মানসিক স্বাস্থ্যক লৈ উদ্বেগ প্রকাশ কৰি শিশু আৰু কিশোৰক সামাজিক মাধ্যম ব্যৱহাৰত নিষেধাজ্ঞা আৰোপৰ পোষকতা কৰিছিল।
ইয়াৰ পাছতে ডেনমার্কৰ ডিজিটেল মন্ত্রণালয়ে এই পদক্ষেপ গ্রহণ কৰিলে। নতুন নিয়ম কাৰ্যকৰী কৰাৰ পাছত ডেনমাৰ্কৰ ১৫ বছৰ অনুর্ধ্ব বয়সৰ লোকে সামাজিক মাধ্যম ব্যৱহাৰ কৰিব নোৱাৰিব।
তদুপৰি, একাংশ অভিভাৱকক ১৩ বছৰ বয়সীয়া সন্তানক সামাজিক মাধ্যম চর্ত সাপেক্ষে ব্যৱহাৰৰ অনুমতি দিব পাৰিব। উল্লেখ্য যে বিশ্বৰ ভিতৰতে প্রথমখন দেশ হিচাপে অস্ট্রেলিয়াই সামাজিক মাধ্যম ব্যৱহাৰ শিশুৰ বাবে নিষিদ্ধ কৰাৰ পদক্ষেপ গ্রহণ কৰিছিল।
ডিচেম্বৰৰ পৰা অষ্ট্ৰেলিয়াত এই নিয়ম বলবৎ হ’ব। অস্ট্রেলিয়াত চৰকাৰে সামাজিক মাধ্যম ব্যৱহাৰৰ বাবে ন্যূনতম বয়স ১৬ বছৰ নিৰ্ধাৰণ কৰিছে। অষ্ট্ৰেলিয়াৰ এই পদক্ষেপ অনুকৰণ কৰিলে ডেনমার্কে।






























