Fruits:✒️সন্ধিয়াৰ পাছত ফল খোৱা স্বাস্থ্যৰ বাবে ক্ষতিকাৰক- এনে এক ধাৰণা বহুতৰ মনত আছে।সেয়ে বহু লোকে ফল কেৱল দিনৰ ভাগতে খায়, সন্ধিয়াৰ পাছত ফল নাখায়। কিন্তু পুষ্টিবিদৰ মতে, সন্ধিয়াৰ পাছত ফল খাব নালাগে বুলি থকা প্রচলিত ধাৰণা ভুল।
ফল খোৱাৰ কোনো নির্দিষ্ট সময় নাথাকে বুলি পুষ্টিবিদে কয়। পৰিপুষ্টি লাভৰ বাবে পুষ্টিবিদৰ মতে প্রতিবাৰ মূল আহাৰ খোৱাৰ পূৰ্বে এটাকৈ আপেল খোৱা ভাল। এই অভ্যাসে পেট ভৰাই ৰাখিব আৰু মূল আহাৰত অধিক ভোজনৰ সম্ভাৱনা সীমিত কৰিব।
নিশাৰ মূল আহাৰৰ পূৰ্বেও এইদৰে ফল খাব পাৰি। যেতিয়াই ইচ্ছা যিকোনো সময়তে পছন্দৰ ফল খাব পাৰিব। পুৱাৰ আহাৰ হিচাপেও ফলৰ চালাৰ্ড খাব পাৰি। অৱশ্যে ডায়বেটিছ আৰু এচিডিটি থাকিলে কিছুমান ফল খাব নালাগে। ফলৰ ৰসো পুৱা আৰু নিশা যিকোনো সময়তে খাব পাৰি বুলি পুষ্টিবিদে কয়।






























