Eye:✒️যিসকলে লেন্স ব্যৱহাৰ কৰে, তেওঁলোকে মেকআপৰ পূৰ্বে লেন্স পৰিধান কৰি লওক। মেকআপৰ পাছত লেন্স পিন্ধা অনুচিত।
কোমো প্রডাক্টত এলার্জিং আছে নেকি, সেয়া ব্যৱহাৰৰ পূৰ্বে জানি লওক। এলার্জি প্ৰৱণ ছালৰ ক্ষেত্ৰত মেকআপৰ কাৰণত চকুৰ এলাৰ্জি হ’ব পাৰে। সেইবাবে হাইপ’এলার্জেনিক মেকআপ প্রডাক্ট ব্যৱহাৰ কৰক। ডার্মাটল ‘জিষ্টৰ দ্বাৰা পৰীক্ষিত সামগ্ৰী চকুত ব্যৱহাৰ কৰক।
নিজৰ আইলাইনাৰ, কাজল, মাস্কাৰা, আইশ্বেড’ আনক ব্যৱহাৰ কৰিবলৈ নিদিব। আনৰ এনেবোৰ সামগ্ৰী আপুনিও ব্যৱহাৰ নকৰিব। ৰোগ সংক্রমণ হ’ব পাৰে।
চকুৰ মেকআপ আঁতৰ কৰিহে নিদ্রাগ্ৰহণ কৰক। মেকআপ আঁতৰাবলৈ এলক’লহমুক্ত ৰিমুভাৰ ব্যৱহাৰ কৰক।
চকুৰ ভিতৰত বিভিন্ন গ্লেণ্ডে চকু আদ্ৰ কৰি ৰখাত সহায় কৰে। মেকআপে যাতে এনে গ্ৰেণ্ডৰ ক্ষতি নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখক।
ম্যাদ উকলা কোনো সামগ্রী চকুৰ মেকআপত ব্যৱহাৰ নকৰিব। সত্ৰীয়া প্রসাধন চকুত নলগাব। ই চকুৰ নানা ক্ষতি কৰিব পাৰে।
