Gautam Gambhir:
মা কামাখ্যাৰ আশিস ল’বলৈ বৃহস্পতিবাৰে পুৱাই নীলাচল পাহাৰৰ কামাখ্যা দেৱালয়ত উপস্থিত হয় ভাৰতীয় ক্রিকেট দলৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰ ৷
ৰেডিশ্ব’ন ব্লু’ হোটেলৰ পৰা কটকটীয়া নিৰাপত্তা বেষ্টনীৰে গৌতম গম্ভীৰ কামাখ্যা মন্দিৰত উপস্থিত হোৱাৰ পিছত দলৈয়ে আদৰণি জনায় ৷ ইয়াৰ পিছতে মন্দিৰৰ গৰ্ভগৃহত প্ৰৱেশ কৰি পূজা – অৰ্চনা কৰাৰ অন্তত কিছু সময় কটাই পুনৰ উভতি যায় ৰেডিশ্ব’ন ব্লু’লৈ ৷
