Bangladesh Earthquake:
শুকুৰবাৰে পুৱা সংঘটিত ভয়ংকৰ ভূমিকম্পত বিস্তৰ ক্ষতিসাধন হয় বাংলাদেশত ৷৫.৭ ৰিখটাৰ স্কেলত অহা ভূমিকম্পত পুৰণি ঢাকাত ৬ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে আহত হয় শতাধিক লোক ৷ বহু বাসগৃহ ধ্বংসস্তুপত পৰিণত হয় ৷ ইতিমধ্যে ঘটনাস্থলীত দুৰ্যোগ প্ৰসমনৰ উদ্ধাৰকাৰী লোক উপস্থিত হৈ যুদ্ধকালীন তৎপৰতাৰে উদ্ধাৰ কাৰ্যত নামি পৰিছে ৷ আনহাতে আহত সকলক ঢাকা সহ আন আন ব্যক্তিগত হাস্পতালত ভৰ্তি কৰা হৈছে ৷
আনহাতে জাৰ্মান ৰিচাৰ্চ চেণ্টাৰ ফৰ জিঅ’ছায়েন্সেছৰ তথ্য অনুসৰি বাংলাদেশৰ নৰসিংদীৰ মাধবদী পুৱা প্ৰায় ১০:০৮ বজাত সংঘটিত হয় এই ভূমিকম্প। ভাৰতীয় সংস্থাসমূহে জনোৱা মতে,নৰসিংদীৰ পৰা প্ৰায় ১৩ কিলোমিটাৰ দক্ষিণ-দক্ষিণ-পশ্চিমে ১০ কিলোমিটাৰ গভীৰতাত অৱস্থিত এই ভয়ংকৰ কেন্দ্ৰটো।
ইপিনে এই ভূমিকম্পত কপি উঠে ভাৰতৰ বানিজ্যিক ৰাজধানী কলকাতাকে ধৰি পশ্চিমবংগৰ কেইবাখনো জিলা ৷ ভূমিকম্পৰ পিচতে কলকাতা আৰু ইয়াৰ কাষৰীয়া অঞ্চলত সতৰ্কতা অৱলম্বন কৰি বহু লোকে অট্টালিকাৰ পৰা লৰালৰিকৈ ওলাই আহিছিল। এই পৰ্যন্ত কোনো লোক আহত বা বৃহৎ ক্ষতিৰ খবৰ পোৱা নাই।
কলকাতাৰ বাসিন্দাসকলে সামাজিক মাধ্যমত নিজৰ অভিজ্ঞতা শ্বেয়াৰ কৰি তীব্ৰ জোকাৰণিৰ বৰ্ণনা কৰে। এক্সৰ এজন ব্যৱহাৰকাৰীয়ে প্ৰায় ৩০ ছেকেণ্ডৰ বাবে অট্টালিকাবোৰ কঁপিছিল বুলি দাবী কৰাৰ বিপৰীতে আন এজনে লিখিছে যে এইটো “তেওঁলোকৰ জীৱনত অনুভৱ কৰা আটাইতকৈ শক্তিশালী ভূমিকম্প” আৰু লগতে কয় যে কলকাতা “এটা ভংগুৰ প্লাষ্টিকৰ সুৰংগৰ দৰে কঁপি আছিল।” কেইবাজনো ব্যৱহাৰকাৰীয়ে কয় যে এই কঁপনিবোৰ যথেষ্ট প্ৰৱল আছিল যাতে মানুহক টোপনিৰ পৰা জগাই তুলিব পাৰে।
মালদাহ, নাদিয়া, কোচবিহাৰ, আৰু উত্তৰ বংগৰ কেইবাখনো জিলাত এই ভূমিকম্প অনুভূত হয়। খবৰ অনুসৰি কলকাতাত ২ৰ পৰা ৩ ছেকেণ্ডৰ এই জোকাৰণিৰ ফলত পুৱা ১০:১০ বজাৰ ওচৰত দেৱাল কঁপি পৰাৰ লগতে একাংশ বাসিন্দাৰ মাজত আতংকৰ সৃষ্টি হয়।
ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে সন্ধিয়া আফগানিস্তান সীমান্তৰ সমীপত পাকিস্তানত ৫.৩ ৰিখটাৰ স্কেলৰ ভূমিকম্পই আতংকৰ সৃষ্টি কৰিছিল যদিও ইছলামাবাদ আৰু পেছোৱাৰৰ দৰে চহৰত কোনো বৃহৎ ক্ষয়-ক্ষতিৰ খবৰ পোৱা নগ’ল।
বিশেষজ্ঞসকলে কয় যে হিমালয়ৰ টেকটনিক প্লেটৰ সংঘৰ্ষৰ বাবে এই অঞ্চল অতি সংবেদনশীল, য’ত প্ৰতি বছৰে একাধিক মধ্যমীয়া ভূমিকম্প সংঘটিত হয়। যদিও বৰ্তমান কোনো বৃহৎ হতাহতি বা ধ্বংসৰ খবৰ পোৱা নাই, তথাপিও কৰ্তৃপক্ষই মানুহক সজাগ হৈ থাকিবলৈ পৰামৰ্শ দিছে।



































