Rajen Gohain :
কিছুদিন পূৰ্বে অসম জাতীয় পৰিষদত যোগদান কৰা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোঁহাইক আজি দায়িত্ব দিয়া হয় কাৰ্যকৰী সভাপতিৰ পদ ৷ অজাপৰ কাৰ্যনিৰ্বাহক সভাত এই কথা সদৰী কৰে অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে ৷
উল্লেখ্য যে অজাপৰ কাৰ্যকৰী সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে প্ৰাক্তন বিধায়কপৱিন্দ্ৰ ডেকা ৷
অজাপৰ এক সূত্ৰৰ পৰা জানিব পৰা মতে আঞ্চলিক গণ মৰ্চাৰ সভাপতি তথা ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই অচিৰেই তেওঁ দল বিলয় কৰিব অসম জাতীয় পৰিষদত ৷ এনেক্ষেত্ৰত ভূঞাও দায়িত্ব পাব পাৰে কাৰ্যকৰী সভাপতিৰ পদ ৷
উল্লেখ্য যে সংবাদ মাধ্যমৰ আগত অজিত কুমাৰ ভূঞাই প্ৰকাশ কৰা মতে তেওঁ দলটো অজাপত চামিল কৰা সন্দৰ্ভত ইতিমধ্যে কে’বাবাৰো বৈঠকত মিলিত হৈছে অজাপৰ শীৰ্ষ নেতৃত্বৰে ৷
