Student Protest in AEC :অসম অভিযান্ত্রিক মহাবিদ্যালয়ত হোষ্টেল আৱাসীৰ অভিনৱ প্ৰতিবাদ

মহাবিদ্যালয়ৰ প্ৰৱেশদ্বাৰত বাল্টি ওলমাই অৱৰোধ ছাত্ৰৰ

AEC

Student Protest in AEC :

মহানগৰীৰ জালুকবাৰীস্থিত অসম অভিযান্ত্রিক মহাবিদ্যালয়ত হোষ্টেল আৱাসীয়ে পাঠ্যক্ৰমৰ শ্ৰেণীকোঠা এৰি বহিল প্ৰতিবাদত । ঐতিহ্যমণ্ডিত অভিযান্ত্রিক শিক্ষানুষ্ঠানৰ তিনি নম্বৰ ছাত্ৰাৱাসত বিগত বাৰ- তেৰদিন ধৰি পানী নাই ৷ খোৱাপানী সংকটৰ বাবে এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয় শিক্ষাৰ্থী সকলৰ ৷ এই সন্দৰ্ভত কলেজ কৰ্তৃপক্ষক বিষয়টো বাৰম্বাৰ দৃষ্টিগোচৰ কৰাৰ পিছতো কোনো সময়োচিত ব্যৱস্থা নোলোৱাত যোৱা নিশাৰে পৰা শিক্ষাৰ্থী সকল বহিল প্ৰতিবাদত । একেদৰে শিক্ষানুষ্ঠানখনৰ প্ৰৱেশদ্বাৰত আজি পুৱাতে বাল্টি ওলমাই অৱৰোধ কৰে ক্ষুব্ধ ছাত্ৰই। এনে প্ৰতিবাদৰ মাজতে জালুকবাৰী আৰক্ষী উপস্থিত হৈ শিক্ষাৰ্থী সকলক বুজনি দিয়াৰ চেষ্টা কৰে যদিও শিক্ষাৰ্থী সকল স্পষ্ট মত যে কৰ্তৃপক্ষই এইক্ষেত্ৰত তাৎক্ষণিক পদক্ষেপ নল’লে এই প্ৰতিবাদ অব্যাহত থাকিব ৷

Exit mobile version