Debabrata Saikia:বিৰোধী মিত্ৰতাৰ সন্দৰ্ভত দেৱব্ৰত শইকীয়া

এশ দিনৰ ভিতৰত মিত্ৰতাৰ কাম সম্পূৰ্ণ হ'ব

PP 1

Debabrata Saikia:

ৰাজ্যৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ পাঁচটা মাহ। নিৰ্বাচনী যুঁজত নমাৰ বাবে ইতিমধ্যে সাজু হৈছে কংগ্ৰেছ ৷ দিছপুৰৰ মছনদত পুনৰ বিজেপি মিত্ৰজোঁটক বহিব নিদিয়াৰ লক্ষ্যৰে কংগ্ৰেছে এইবাৰ ‘একলা চলৰে নীতি’ পৰিহাৰ কৰি আন আন বিজেপি বিৰোধী দলৰে জোঁটবন্ধনৰ বাবে তৎপৰ হৈছে ৷ এই লক্ষ্যৰে যোৱাটো সপ্তাহত অসম বিধানসভা চৌহদত সাত বিৰোধী দলৰে এক বৈঠকত মিলিত হৈছিল য’ত উপস্থিত আছিল এআইচিচিৰ সাধাৰণ সম্পাদক জীতেন্দ্ৰ সিং,এপিচিচিৰ সভাপতি গৌৰৱ গগৈ,সাংসদ অজিত কুমাৰ ভূঞা,অখিল গগৈ,লুৰিণজ্যোতি গগৈ,মনোৰঞ্জন তালুকদাৰ সহ বহু কেইজন নেতা ।
উক্ত বৈঠকতে বিৰোধী ঐক্যবদ্ধ হোৱাৰ অংগীকাৰ কৰে সকলোৱে ৷ আনকি অচিৰেই আসন ভাগবাটোৱাৰাৰ সন্দৰ্ভত এই বৈঠকত পুনৰ সকলো মিলিত হোৱাৰ মতপোষণ কৰে কংগ্ৰেছ সহ সাত বিৰোধী দলে ৷

কিন্ত সপ্তাহ পূৰ্ণ নৌহওঁতেই অখিল গগৈয়ে সংবাদ মাধ্যমৰ আগত কেতবোৰ বিতৰ্কিত মন্তব্যই বিৰোধী জোঁটত আওল লগোৱাৰ আশংকা দেখা দিয়ে । শিৱসাগৰৰ বিধায়কজনে চলিত সপ্তাহতে নিজাববীয়াকৈ ইণ্ডিয়াজোঁটৰ শীৰ্ষ নেতা শাৰদ পাৱাৰ আৰু তেওঁৰ সাংসদ জীয়ৰী সুপ্ৰিয়া শূলক মুম্বাইত সাক্ষাৎ কৰাৰ দুদিন পূৰ্বে দিল্লীত সাক্ষাৎ কৰে আপৰ মূৰব্বী অৰবিন্দ কেজৰিয়ালক ৷

অখিল গগৈৰ এই শেহতীয়াস্থিতিত সহজভাৱে ল’ব পৰা নাই কংগ্ৰেছ সহ আন আন সহযোগি দল সমূহ ।এই সন্দৰ্ভত শনিবাৰে গুৱাহাটীত সংবাদ মাধ্যমৰ আগত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কয়,’অখিল গগৈয়ে বিৰোধীৰ ভিতৰুৱা কথা বাহিৰত কৈ ফুৰে ৷ তেওঁৰ এই স্থিতিক লৈ আমি সন্ধিহান হৈ পৰিছো ৷ বিৰোধী মিত্ৰজোঁট সম্পৰ্কত শইকীয়াই উল্লেখ কৰে যে আগন্তুক এশদিনৰ ভিতৰত সম্পূৰ্ণ হ’ব মিত্ৰতাৰ কাম ৷ মুঠৰ ওপৰত আগন্তুক নিৰ্বাচনত বিৰোধীয়ে ঐক্যবদ্ধভাৱে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈ বিজেপি মিত্ৰজোঁটক দিছপুৰৰ পৰা উৎখাত কৰিব ৷

Exit mobile version