Cm Himanta Biswa Sarma:
অসম বিধানসভাৰ আসন্ন শীতকালীন অধিবেশনত ৰাজ্য চৰকাৰে কমেও ২৭ খন বিধেয়ক অনুমোদনৰ বাবে উত্থাপন কৰিব। অহা ২৫ নৱেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া অধিবেশনৰ পূৰ্বে দেওবাৰে দিছপুৰত অনুষ্ঠিত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত এই বিধেয়কসমূহত অনুমোদন জনোৱা হয়। কেবিনেট বৈঠকৰ পাছত এক সংবাদমেলত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰা তথ্যৰ ভিত্তিত উত্থাপন হ’ব লগা বিধেয়কবোৰৰ বেছিসংখ্যকেই হ’ল শিক্ষা বিভাগৰ লগত জড়িত।
বিধেয়কবোৰৰ ভিতৰত শিক্ষানুষ্ঠান প্রাদেশিকীকৰণ, সংখ্যালঘু লোকৰ দ্বাৰা পৰিচালিত ব্যক্তিগত শিক্ষানুষ্ঠানৰ মাচুল নিয়ন্ত্রণ, অসমত অব্যৱসায়িক বৃহৎ বিশ্ববিদ্যালয় স্থাপন, শিক্ষক বদলিকৰণ আদি অন্যতম। আজিৰ কেবিনেটত চাহ বাগিচাৰ লাইনৰ ভূমি চাহ শ্রমিকক আবণ্টন দিয়া, জনজাতি খণ্ড-আবেষ্টনীত বেদখল উচ্ছেদ কৰা, ভৈয়ামৰ কার্বিক স্বায়ত্তশাসিত পৰিষদ দিয়া আদি সিদ্ধান্ত গৃহীত হয় আৰু এই সম্পর্কীয় বিধেয়ক বিধানসভাত উত্থাপনৰ বাবে অনুমোদন জনোৱা হয়।
শিক্ষাখণ্ডৰ লগত জড়িত সিদ্ধান্তবোৰ সদৰী কৰি মুখ্যমন্ত্ৰীয়ে কয়, ‘শিক্ষানুষ্ঠান প্রাদেশিকীকৰণক লৈ উত্থাপিত হৈ অহা দাবীক মান্যতা প্রদান কৰি অসম চৰকাৰে দেওবাৰে সিদ্ধান্ত গ্রহণ কৰে যে ২০০৬ পর্যন্ত প্রতিষ্ঠা হোৱা অপ্রাদেশিকীকৃত শিক্ষানুষ্ঠানৰ চৰকাৰৰ লগত যোগাযোগ থকাৰ এখন নথি থাকিলেই প্রাদেশিকীকৰণ কৰা হ’ব। চলিত নিয়ম মতে এখন শিক্ষানুষ্ঠান প্রাদেশিকীকৰণৰ বাবে অনুমোদনৰ প্ৰমাণপত্ৰ, আপত্তিবিহীন প্রমাণপত্র, স্বীকৃতিৰ প্ৰমাণপত্ৰ আদিকে ধৰি বিভিন্ন ধৰণৰ নথিপত্ৰ প্রয়োজন হয়।
কেবিনেটে গ্রহণ কৰা সিদ্ধান্ত অনুসৰি এতিয়াৰে পৰা অপ্রাদেশিকীকৃত এখন শিক্ষানুষ্ঠানৰ চৰকাৰৰ লগত যোগাযোগৰ যিকোনো এখন নথি থাকিলেই প্রাদেশিকীকৰণৰ আওতালৈ আহিব। শিক্ষানুষ্ঠানখন কেৱল ২০০৬ পর্যন্ত স্থাপিত হোৱা হ’ব লাগিব। ইয়াৰ ফলত ১৫ খন মহাবিদ্যালয় আৰু কে’বা হেজাৰ বিদ্যালয় প্রাদেশিকীকৰণ হ’ব। ইয়াৰ বাবে সংশোধনী বিধেয়ক বিধানসভাত উত্থাপন কৰা হ’ব।
প্রাদেশিকীকৃত বিদ্যালয়-মহাবিদ্যালয়ৰ কৰ্মচাৰীৰ দৰমহাও এতিয়াৰে পৰা প্ৰতি বছৰে ছয় শতাংশকৈ বৃদ্ধি হ’ব। ইমান দিনে স্থায়ী দৰমহা লাভ কৰি আহিছে।’ শিক্ষা বিভাগৰ আন এটা সিদ্ধান্ত অনুসৰি মুখ্যমন্ত্রীয়ে কয় যে চৰকাৰে সংখ্যালঘু লোকৰ দ্বাৰা পৰিচালিত ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ মাচুলো নিৰীক্ষণ কৰিব পাৰিব। ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ মাচুল সম্পর্কীয় আইনখনত ইমান দিনে বৌদ্ধ, জৈন, খ্রীষ্টান, মুছলিম আদি সংখ্যালঘু শ্ৰেণীৰ লোকৰ দ্বাৰা পৰিচালিত ব্যক্তিগত খণ্ডৰ বিদ্যালয়বোৰ প্রচলিত আইনখনত অন্তর্ভুক্ত হোৱা নাছিল বুলি মুখ্যমন্ত্রীয়ে সদৰী কৰে।
এইবাৰৰ বিধানসভা অধিবেশনত ভৌগোলিক জটিলতা থকা জিলাত ন্যূনতম পাঁচ বছৰ কৰা মহিলা শিক্ষয়িত্ৰী আৰু ন্যূনতম সাত বছৰ কাম কাৰ শিক্ষকে বদলিৰ অৰ্হতা অৰ্জন কৰিব পৰা এখন বিধেয়কো উত্থাপন কৰা হ’ব বুলি মুখ্যমন্ত্রীয়ে সদৰী কৰে। প্ৰচলিত নিয়ম অনুসৰি, বদলিৰ বাবে এখন শিক্ষানুষ্ঠানত এটা স্থানত ন্যূনতম ১২ বছৰ কৰ্মৰত হৈ থাকিব লাগে। মুখ্যমন্ত্রীৰ মতে, ধুবুৰী, দক্ষিণ শালমাৰা আদি জিলাৰ ক্ষেত্ৰত সংশোধিত নিয়মটো প্রযোজ্য হ’ব।
অসমত আজিম প্রেমজী ফাউণ্ডেছনক পলাশবাৰীত এখন অব্যৱসায়িক বিশ্ববিদ্যালয় স্থাপনত কেবিনেটে অনুমোদন জনায় আৰু এই সম্পর্কীয় বিধেয়কখনো বিধানসভাত উত্থাপন হ’ব। এই বিশ্ববিদ্যালয়খনত ১৭শ কোটি টকা বিনিয়োগ হ’ব। ইয়াৰ উপৰি নেৰিম গ্রুপেও স্থাপন কৰিবলগীয়া এখন ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানত কেবিনেটে অনুমোদন দিয়ে।
কেবিনেটে চাহ বাগিচাৰ লাইনৰ ভূমি চৰকাৰে চিলিং আইনৰ অধীনত অধিগ্রহণ কৰি সেই ভূমি চাহ শ্রমিকক বিতৰণৰ সিদ্ধান্তত অনুমোদন জনায়। এই সংক্রান্তীয় বিধেয়কখনো বিধানসভাত উত্থাপন হ’ব। মুখ্যমন্ত্রীয়ে সদৰী কৰা অনুসৰি, কেবিনেটৰ এই সিদ্ধান্ত কাৰ্যকৰী হ’লে চৰকাৰে ২,১৮,৫৫৩ বিঘা ভূমি অধিগ্রহণ কৰি ৩,৩৮,৪৮৬টা পৰিয়ালৰ মাজত বিতৰণ কৰিব পাৰিব। ইয়াৰ লগতে মুখ্যমন্ত্রীয়ে কয় যে আবণ্টন পোৱা ভূমি সংশ্লিষ্ট পৰিয়ালটোৱে ন্যূনতম ২০ বছৰলৈ বিক্ৰী কৰিব নোৱাৰিব। ২০ বছৰ পাছত বিক্ৰী কৰিলেও চাহ বাগিচাৰ লোকৰ হাততহে বিক্ৰী কৰিব পাৰিব।
কেবিনেটে আজি ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ পৰামৰ্শ মর্মে ‘জিলা ভূমি ন্যায়াধিকৰণ’ স্থাপনতো অনুমোদন জনায়। এই সন্দর্ভত মুখ্যমন্ত্রীয়ে কয়, ‘জনজাতি খণ্ড আৰু আবেষ্টনীত হোৱা বেদখল আমাৰ চৰকাৰে উচ্ছেদ কৰিছে। কাইলৈ হয়তো আনে উচ্ছেদ নকৰিবও পাৰে। সেই কাৰণে অসম চুক্তিৰ ছয় নম্বৰ দফা ৰূপায়ণৰ বাবে গঠিত বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ পৰামর্শ মর্মে এই ন্যায়াধিকৰণ গঠনৰ সিদ্ধান্তত কেবিনেটে অনুমোদন জনায়। এই ন্যায়াধিকৰণক আমি আদালতৰ মৰ্যাদা দিম। এই ন্যায়াধিকৰণেই উচ্ছেদৰ অনুমতি দিব পাৰিব।’
ভৈয়ামৰ কাৰ্বিসকলৰ বাবে স্বায়ত্তশাসিত পৰিষদ গঠনৰ এখন বিধেয়ক এই বিধানসভা অধিবেশনতে উত্থাপন কৰা হ’ব।
অসমত ‘বিমানৰ ছার্ভিচিং চেণ্টাৰ’ স্থাপনৰ সিদ্ধান্ত আজিৰ কেবিনেটে গ্রহণ কৰি এই সম্পর্কীয় এখন বিধেয়কো বিধানসভাত উত্থাপন হ’ব। আজিৰ কেবিনেটত জাগীৰোডত এখন কেন্দ্রীয় বিদ্যালয় স্থাপনৰ বাবে ২৪ বিঘা ভূমি আবণ্টন দিয়া হয়। উদ্যোগ শিতানতো এক সিদ্ধান্ত গ্রহণ কৰা হয়। মুখ্যমন্ত্ৰীয়ে সদৰী কৰা অনুসৰি, ১০ হেজাৰ কোটিতকৈ অধিক পুঁজি অসমত বিনিয়োগ কৰিলে তাৰ বাবে বিনিয়োগ কাৰীক উৎসাহিত কৰিবলৈ মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত এখন সমিতি গঠনৰ সিদ্ধান্ত লোৱা হয়।
কেবিনেটৰ আন এক সিদ্ধান্তত আঁহতগুৰিৰ বিখ্যাত ম’হযুঁজ পুনৰ অনুষ্ঠিত কৰিব পৰাকৈ পৰম্পৰাগত খেলবিধক জন্তুৰ প্ৰতি নৃশংসতাৰ বিষয়টোৰ আওতাৰ পৰা উলিয়াই অনাৰ এখন বিধেয়কো এই বিধানসভাতে উত্থাপন কৰা হ’ব বুলি মুখ্যমন্ত্রী সদৰী কৰে।
দুদিন পিছুৱালে জনজাতিকৰণৰ প্ৰতিবেদন
ৰাজ্যৰ ছয় জনগোষ্ঠীক জনজাতিকৰণ সংক্রান্তীয় মন্ত্রীগোটৰ প্ৰতিবেদন অহা ২৫ নৱেম্বৰত দাখিলৰ ঘোষণা পূর্বে কৰা হৈছিল যদিও এতিয়া দুদিন পলমকৈ অর্থাৎ ২৭ নৱেম্বৰতহে দাখিল কৰা হ’ব। মুখ্যমন্ত্রীয়ে কয় যে আজিৰ কেবিনেটত প্রতিবেদনখনৰ ওপৰত বিতংকৈ আলোচনা কৰাটো সম্ভৱ নহ’ল। অহা ২৬ নৱেম্বৰৰ কেবিনেটত আলোচনা কৰি তাৰ পাছদিনা বিধানসভাত দাখিল কৰা হ’ব।
# পূৰ্বৰ মুখ্যমন্ত্ৰীসকল ভয়াতুৰ আছিল !
কালি আছুৰ লগত হোৱা আলোচনাৰ সিদ্ধান্ত মর্মে ৰাজ্যিক কেবিনেটে সিদ্ধান্ত লয় যে বিধানসভাত ১৯৮৩ত সংঘটিত নেলীকে ধৰি কে’বাটাও বৃহৎ ঘটনাৰ তদন্তৰ বাবে চৰকাৰৰ দ্বাৰা গঠিত তিৱাৰী আয়োগৰ প্ৰতিবেদনৰ লগতে বেচৰকাৰী খণ্ডত গঠিত মেহতা আয়োগৰ প্ৰতিবেদনো ৰাজহুৱা কৰিব। এই বিষয়ত মুখ্যমন্ত্রীয়ে কয়, ‘অসমৰ ইতিহাসত প্ৰথমবাৰলৈ বেচৰকাৰী খণ্ডৰ দ্বাৰা গঠিত তদন্ত আয়োগৰ প্ৰতিবেদনো আমি বিধানসভাৰ জৰিয়তে ৰাজহুৱা কৰিম।
‘৮৩ৰ ঘটনাবোৰৰ তদন্তৰ বাবে সেই সময়ৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে তিৱাৰী আয়োগ গঠন কৰিছিল। আনহাতে, তিৱাৰী আয়োগৰ সমান্তৰালকৈ অসম আন্দোলনকাৰী পক্ষৰ হৈ মুক্তিযুঁজাৰু সম্মিলনে মেহতা আয়োগ গঠন কৰিছিল। গতিকে মেহতা আয়োগ সম্পূৰ্ণৰূপে বেচৰকাৰী। আমি বিচাৰিছো যে অসমৰ ইতিহাসৰ এটা বৃহৎ অংশ মানুহৰ অজ্ঞাতে ৰৈ যাব নালাগে। সেই কাৰণে দুয়োখন আয়োগৰ প্ৰতিবেদন আমি ৰাজহুৱা কৰিম।
তিৱাৰী আয়োগৰ প্ৰতিবেদন ৰাজহুৱা কৰিব নালাগে বুলি কংগ্ৰেছে কৈছে। কংগ্ৰেছৰ বৰ্তমানৰ নেতৃত্ব বৰ টুলুঙা আৰু অপৰিপক্ক। সেই কাৰণে তেওঁলোকে বিৰোধ কৰিছে; অথচ ইন্দিৰা গান্ধীয়েই তিৱাৰী আয়োগ গঠন কৰিছিল আৰু দেৱব্ৰত শইকীয়াৰ পিতৃ হিতেশ্বৰ শইকীয়াই পৰিচালনা কৰিছিল। এনে ক্ষেত্রত কংগ্রেছেই এতিয়া কংগ্ৰেছৰ প্ৰতিবেদন ৰাজহুৱা কৰিব নালাগে বুলি কৈছিল। মই ৰাজহুৱা কৰিম। হিমন্ত বিশ্ব শর্মা সকলো কামতে ব্যতিক্রম। আগৰ মুখ্যমন্ত্রীসকলৰ মনত ভয় আছিল। মোৰ নাই। তদুপৰি এই প্রতিবেদন গোপন কৰাটো মানৱতাৰ বিৰুদ্ধে অপৰাধ।’ সংবাদমেলত কে’বাজনো মন্ত্রী উপস্থিত থাকে।
