আয়ৰন নাই বুলি কিদৰে বুজিব?

IMG 20251125 163213

হঠাৎ কেতিয়াবা ফোঁপনি উঠিলে আমি বহুতেই বিষয়টোক বিশেষ গুৰুত্ব নিদিওঁ। ভাবো যে বিশ্রাম ল’লেই ঠিক হৈ যাব। কিন্তু এয়া যে তেজত আয়বন কম থকাৰো অন্যতম লক্ষণ, সেই কথা বাৰু জানেনে? তেজত আয়ৰনৰ অভাৱ ঘটিলে নানা ধৰণৰ জটিলতাৰ সৃষ্টি হ’ব পাৰে।

প্রতিদিনৰ খাদ্য তালিকাৰ প্ৰতি সামান্য গুৰুত্ব দিলেই কিন্তু আয়ৰনৰ অভাৱ দূৰ কৰিব পাৰি।

আন যিবোৰ লক্ষণৰ পৰা বুজিব

⇨ শাৰীৰিক ক্লান্তিৰ উপৰি আয়ৰনৰ অভাৱৰ নানা লক্ষণ আছে। পুৱা শোৱাৰ পৰা উঠাৰ পাছতো শৰীৰত ক্লান্তি অনুভব হয়। চকু-মুখত শেঁতা ভাব এটা বিয়পি পৰে।

⇨ আকৌ কোষত অক্সিজেনৰ অভাবে দেখা দিয়াৰ বাবে সামান্য কথাতে ফোঁপনি উঠে। লগতে থাকে মূৰৰ বিষ। ছালত ফুটি উঠে কক্ষতা। গুৰুতৰভাৱে আয়ৰনৰ অভার ঘটিলে ওঠ, জিভা আদি ফুলি উঠে।

⇨ কম-বেছি পৰিমাণে এই ধৰণৰ লক্ষণবোৰে শৰীৰত নিয়মিতৰূপে দেখা দিলে বুজিব যে এয়া স্বাভাৱিক কর্মব্যস্ততাৰ ক্লান্তি নহয়। তেতিয়াই চিকিৎসকৰ পৰামৰ্শ অনুসৰি হিম’গ্ল’বিন পৰীক্ষা কৰাব লাগিব।

আয়ৰনৰ অভাৱত কৰণীয় তেজত আয়ৰনৰ মাত্রা বৃদ্ধি কৰিবলৈ প্রথমেই এনে খাদ্যৰ প্রয়োজন, য’ত আছে প্ৰচুৰ পৰিমাণৰ আয়ৰন। পুষ্টিবিদ দীপিকা সিঙে কয়, ‘খাদ্যৰ পৰা প্রাপ্ত আয়ৰন দুই প্ৰকাৰৰ, হিম আয়ৰন আৰু নন-হিম আয়বন। হিম আয়ৰন পোৱা যায় মাছ, মাংস, কণীত।

এই ধৰণৰ আয়ৰনৰ প্ৰায় ৪০ শতাংশ পোনপটীয়াকৈ শৰীৰে শোষণ কৰিব পাৰে। আনহাতে, নন-হিম আয়ৰন পোৱা যায় উদ্ভিদজাত খাদ্যৰ পৰা। অৱশ্যে সকলো আয়ৰন শৰীৰে শোষণ কৰিব নোৱাৰে।

সেয়ে আয়ৰন সমৃদ্ধ খাদ্য খোৱাৰ লগতে শৰীৰে যাতে সেয়া শোষণ কৰিব পাৰে, তাৰ প্রতিও লক্ষ্য ৰাখিব লাগিব। যেনে, ভাতৰ লগত শাক ভাজি খোৱাৰ সময়ত দুটোপাল নেমুৰ বস মিহলাই ল’ব। ইয়াৰ দ্বাৰা শৰীৰে আয়ৰন দ্রুতগতিৰে শোষণ কৰিব পাৰিব।

পালেঙৰ দৰে শাক, ব্রক’লি, দাইল, বিন, বাদাম, বেদানা, নানা ধৰণৰ বীজ, ব্রাউন ৰাইচ, নানা ধৰণৰ দানাশস্য, হোল হুইট খাব পাৰে। আকৌ ভিটামিন ‘এ’ আৰু ‘চি’ সমৃদ্ধ খাদ্য ৰাখিব পাৰিলে সেইবোৰে আয়ৰন শোষণ কৰাত শৰীৰক সহায় কৰে।

Exit mobile version