Royal Wedding:✒️ৰাজস্থানৰ উদয়পুৰত আমেৰিকা নিবাসী ভাৰতীয় অর্বুদপতি পৰিয়ালৰ সন্তানৰ ৰাজকীয় বিবাহত হলিউড আৰু বলিউডৰ তাৰকাই অংশ ল’লে।
অর্বুদপতি ৰামা ৰাজু মণ্টেনাৰ কন্যা নেত্ৰা মণ্টেনাৰ বিবাহ উপলক্ষে উদয়পুৰত বিলাসী আয়োজন কৰা হৈছিল। মার্কিন অর্বুদপতিয়ে আয়োজন কৰা এই ডেষ্টিনেচন ৰেডিঙত সংগীত পৰিৱেশন কৰিলে হলিউড তাৰকা জেনিফাৰ ল’পেজে।
প্রকাশিত বাতৰি অনুসৰি বিবাহ অনুষ্ঠানত সংগীত পৰিৱেশনৰ বাবে জেনিফাৰে ৬০ কোটি টকা পাৰিশ্ৰমিক গ্রহণ কৰিলে। মণ্টেনা পৰিয়ালৰ ৰাজকীয় বিবাহত নৃত্য-গীত পৰিবেশন কৰিলে বলিউড অভিনেতা ৰণবীৰ সিং, অভিনেত্রী মাধুৰী দীক্ষিত, ৰামচৰণ আদিয়ে।
মন্টেনা পৰিয়ালৰ বিবাহত বিশেষ অতিথি হিচাপে উপস্থিত আছিল আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পৰ পুত্ৰ ট্রাম্প জুনিয়ৰে। প্রেমিকা বেটিনা এণ্ডাৰছনৰ স’তে ট্রাম্প জুনিয়ৰে মণ্টেনা পৰিয়ালৰ বিবাহ অনুষ্ঠানত অংশ লৈছিল।






























