Indonesia:✒️আকস্মিক বান, ভূমিস্খলন আৰু ভূমিকম্পত বিপৰ্যস্ত ইণ্ডোনেছিয়া । ৬.৬ প্ৰাবল্যৰ ভূমিকম্পই (আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূতাত্ত্বিক জৰীপ বা ইউ এছ জি এছৰ মতে) কঁপি উঠিল সুমাত্রা দ্বীপ।
তথ্য অনুসৰি,ভূমিকম্পৰ কেন্দ্ৰবিন্দু দেশখনৰ আকে প্ৰদেশৰ সমীপত, ১০ কিলোমিটাৰ গভীৰতাত। বৰ্তমানলৈকে দেশখনত কোনো ধৰণৰ চুনামীৰ সতৰ্কবাণী জাৰি কৰা হোৱা নাই।
অৱশ্যে ভূমিস্খলন আৰু বানপানীয়ে বিধ্বস্ত হোৱা দক্ষিণ-পূব এছিয়াৰ দেশখনত ইতিমধ্যে প্ৰায় ৩০ জন লোকৰ মৃত্যু হৈছে।ভূমিকম্পৰ পাছত মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।
ইণ্ডোনেছিয়াৰ কিছু অংশত ঘূৰ্ণীবতাহৰ ফলত কেবাটাও ডাঙৰ পথ অৱৰোধ কৰি ভূমিস্খলনৰ সৃষ্টি হৈছে। দেশৰ ভিতৰতে আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত উত্তৰ সুমাত্ৰা প্ৰদেশ।
বৃহস্পতিবাৰে কেৱল সেই প্ৰদেশতে প্ৰায় ৩০ জন লোকৰ মৃত্যু হোৱাত বিপৰীতে কেবাজনো লোক সন্ধানহীন হৈছে। উত্তৰ সুমাত্ৰাৰ পৰা নিৰাপদ দূৰত্বলৈ আঠ হেজাৰ লোকক স্থানান্তৰ কৰা হৈছে।
ভূমিস্খলনৰ বাবে পথসমূহ বন্ধ হৈ থকাৰ বাবে উদ্ধাৰ কাৰ্যতো বাধাৰ সৃষ্টি হৈছে।এনে পৰিস্থিতিত ভূমিকম্পই উদ্ধাৰ অভিযানত আৰু অধিক বাধাৰ সৃষ্টি কৰাৰ আশংকা কৰা হৈছে।
অৱশ্যে ইণ্ডোনেছিয়াত কেৱল ভূমিকম্পৰ বাবেই কোনোবাই প্ৰাণ হেৰুৱাইছে নে নাই সেয়া এতিয়াও নিশ্চিতভাৱে জানিব পৰা হোৱা নাই।






























