Hong Kong:বুধবাৰে নিশা ভয়াৱহ ঘটনাৰ সাক্ষী হ’ল হংকঙ। আধুনিক চহৰখনত সংঘটিত হ’ল তিনি দশকৰ সৰ্ববৃহৎ অগ্নিকাণ্ড। টাই প’ জিলাৰ সাতটা ওখ অট্টালিকাত সংঘটিত হয় এই অগ্নিকাণ্ড। ঘটনাটোত মৃত্যু হোৱা লোকৰ সংখ্যা ৪৪ জনলৈ বৃদ্ধি।
আনহাতে, বৃহস্পতিবাৰে পুৱালৈকে প্ৰায় ৩০০ বাসিন্দা সন্ধানহীন হৈ আছে। আশংকা কৰা হৈছে যে এতিয়াও বহু বাসগৃহৰ ভিতৰত আবদ্ধ হৈ আছে। সেই ক্ষেত্ৰত মৃত্যুৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে অনুমান কৰিছে হংকঙৰ অগ্নিনিৰ্বাপক বাহিনীৰ কৰ্তৃপক্ষই।
স্থানীয় কেবাটাও সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি আৰক্ষীয়ে অগ্নিকাণ্ডৰ স’তে জড়িত তিনিজন সন্দেহযুক্ত লোকক গ্ৰেপ্তাৰ কৰিছে। তেওঁলোকৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ অভিযোগত এফআইআৰ দাখিল কৰা হৈছে।
প্ৰাথমিক তদন্তত ৩২ মহলীয়া এটা অট্টালিকাত সংস্কাৰৰ কাম চলি আছিল। তাৰ পৰাই জুই বিয়পি পৰাৰ ফলত এই অগ্নিকাণ্ড হোৱাৰ আশংকা কৰা হৈছেনে। দ্ৰুত গতিত জুই কাষৰ সাতটা বহুমহলীয়া অট্টালিকালৈ বিয়পি পৰে। নিমিষতে সমগ্ৰ অঞ্চলটো ক’লা ধোঁৱাই আৱৰি ধৰে।ঘটনাস্থলীতে অগ্নিদগ্ধ হৈ আৰু শ্বাসৰুদ্ধ হৈ বহু লোকৰ মৃত্যু হয়।
ঘটনাৰ খবৰ পোৱা লগে লগে ১২৮ খন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী সেই স্থানত উপস্থিত হোৱাৰ লগতে ৫৭খন এম্বুলেন্স আহিও উপস্থিত হয় ।ইতিমধ্যে ৯০০ৰো অধিক লোকক উদ্ধাৰ কৰি আশ্ৰয় শিবিৰত ৰখা হৈছে।
তথ্য অনুসৰি,উদ্ধাৰ অভিযানৰ সময়ত এজন অগ্নিনিৰ্বাপক বাহিনীৰো মৃত্যু হয়। উল্লেখ্য যে ,এই দুৰ্ঘটনাটোৱে প্ৰথমে ‘ ৪ নং এলাৰ্ম ’ জাৰি হৈছিল । পৰিস্থিতি ক্ৰমান্বয়ে ইমানেই ভয়াৱহ হৈ পৰিল যে ‘ পাঁচ নং এলাৰ্ম ’ জাৰি কৰা হয় । এয়া দেশখনৰ ভিতৰতে সৰ্বোচ্চ বিপদৰ সংকেত।তথ্য অনুসৰি ,বিগত ত্ৰিশ বছৰত হংকঙত এনে দুৰ্ঘটনা সংঘটিত হোৱা নাই।






























