Pak Spy:✒️পহলগাম কাণ্ডৰ পিছৰে পৰা দেশৰ বিভিন্ন প্ৰান্তৰ পৰা চোৰাংচোৱা ধৰা পৰিছে। এইবাৰ হাৰিয়ানাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এজন অধিবক্তা।
অভিযোগ অনুসৰি তেওঁ পাকিস্তানী চোৰাংচোৱা সংস্থা আই এছ আইৰ হৈ কাম কৰি আছিল।
আৰক্ষীয়ে দাবী কৰিছে যে অভিযুক্ত ৰিজৱানে আগতে পাকিস্তানৰ চোৰাংচোৱা সংস্থালৈ তথ্য সৰবৰাহ কৰিছিল।
তেওঁৰ হোৱাটছএপ কথোপকথন, ফোনত হোৱা কথা-বতৰা আৰু আন কেবাটাও ডিজিটেল নথি পৰীক্ষা কৰি তদন্তকাৰীয়ে এই সিদ্ধান্তত উপনীত হয়।
কেবাটাও সন্দেহজনক বিত্তীয় লেনদেনও তদন্তকাৰীৰ দৃষ্টিগোচৰ হৈছে। অৱশ্যে তেওঁ কেনেধৰণৰ তথ্য সৰবৰাহ কৰিছিল সেয়া এতিয়াও স্পষ্ট হোৱা নাই।
হাৰিয়ানাৰ টাৱাণ্ডু চহৰৰ এটা চৰকাৰী বেংক শাখাত ৰিজৱানৰ একাউণ্ট আছে। একাউণ্টটোত কেবা কোটি টকাৰ কেবাটাও লেনদেন কৰা হৈছিল বুলি সূত্ৰই দাবী কৰিছে।
তথ্য ফাদিলৰ জৰিয়তে এই ধন লাভ কৰা বুলি অনুমান কৰা হৈছে।তথ্য অনুসৰি ,বুধবাৰে হাৰিয়ানাৰ নুহৰ পৰা ৰিজৱান নামৰ যুৱকজনক গ্ৰেপ্তাৰ কৰা হয়।
নুহ চহৰৰ পৰা প্ৰায় ২০ কিলোমিটাৰ নিলগৰ খাৰখাৰী গাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰে অভিযুক্ত অধিবক্তাজনক।দুদিনৰ জেৰাৰ অন্তত বুধবাৰে তদন্তকাৰীয়ে ৰিজৱানক গ্ৰেপ্তাৰ কৰে। তেওঁৰ কোনো সহযোগী আছিল নেকি সেই বিষয়েও তদন্ত চলি আছে।






























