VISA:✒️আমেৰিকাৰ এইচ১বি ভিছাৰ জাৰিকৰণত কেলেংকাৰি সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন কৰিলে আমেৰিকাৰ অৰ্থনীতিবিদ আৰু প্রাক্তন সাংসদ ডেভ ব্ৰেটে। অর্থনীতিবিদজনে দাবী কৰা অনুসৰি এইচ১বি ভিছা ব্যবস্থাত বৃহৎ কেলেংকাৰি হৈছে।
ব্ৰেটে দাবী কৰা অনুসৰি, তামিলনাডুৰ চেন্নাই জিলাত ২.২ লাখ লোকে এইচ১বি ভিছা লাভ কৰিছিল,কিন্তু আমেৰিকাই সমগ্ৰ বিশ্বৰ বাবে ৮৫,০০০ এইচ১বি ভিছা প্রদানৰ লক্ষ্য নির্ধাৰণ কৰিছিল।
ব্রেটে কয় যে নির্ধাৰিত মুঠ ভিছাৰ পৰিমাণতকৈ কেবল চেন্নাইতে দুগুণতকৈ অধিক এইচ১বি ভিছা জাৰি কৰা হৈছিল। এক পডকাষ্টত ব্রেটে এই তথ্য সদৰী কৰিলে। মার্কিন অর্থনীতিবিদজনে কয় যে আমেৰিকাৰ ৭১ শতাংশ এইচ১বি ভিছা ভাৰতে লাভ কৰি আহিছে।
আনহাতে, দ্বিতীয় স্থানত থকা চীনে লাভ কৰিছে মাত্র ১২ শতাংশ এইচ১বি ভিছা। এই পৰিসংখ্যাই স্পষ্ট কৰিছে যে আমেৰিকাৰ এইচ১বি ভিছা প্ৰদানৰ ব্যৱস্থাৰ অপব্যৱহাৰ হৈ আহিছে।
ব্রেটে এইচ১বি ভিছাৰ অপব্যৱহাৰৰ ফলত মার্কিন নাগৰিকৰ কৰ্মসংস্থাপন ভাৰত আৰু চীনৰ দৰে দেশৰ লোকে কাঢ়ি লোৱা বুলিও অভিযোগ কৰিলে। একাংশ লোকে নিজকে দক্ষ পেছাদাৰী বুলি ভুৱা দাবী কৰি এইচ১বি ভিছাৰ জৰিয়তে আমেৰিকাত কৰ্মৰত হৈছে বুলিও মার্কিন অর্থনীতিবিদজনে অভিযোগ কৰিছে।
চেন্নাইৰ আমেৰিকাৰ দূতাবাস হৈছে বিশ্বৰ সবাতোকৈ ব্যস্ত এইচ১বি ভিছা জাৰি কাৰক এক কেন্দ্ৰ। এই কেন্দ্ৰৰ জৰিয়তে তামিলনাডু, কর্ণাটক, কেৰালা আৰু তেলেংগানাৰ পৰা বৃহৎসংখ্যক লোকে এইচ১বি ভিছা বিচাৰি আবেদন কৰি আহিছে।
ভাৰতে চেন্নাইৰ কেন্দ্ৰৰ জৰিয়তে প্ৰৱঞ্চনাৰে ২.২ লাখ এইচ১বি ভিছা আহৰণ কৰিছে বুলিও প্রাক্তন সাংসদজনে দাবী কৰি এই কেলেংকাৰিৰ তদন্তৰ দাবী জনালে। উল্লেখ্য যে যোৱা ছেপ্টেম্বৰত ড’নাল্ড ট্রাম্পৰ চৰকাৰে এইচ১বি ভিছাৰ মাচুল এক লাখ ডলাৰ অৰ্থাৎ ৮৮ লাখ টকালৈ বৃদ্ধি কৰিছিল। পূর্বে এই ভিছাৰ মূল্য ৫.৫-৬.৭ লাখ টকাৰ ভিতৰত আছিল।






























