Sanskrit-speaking village:✒️বহুতে সংস্কৃতক মৃত ভাষা আখ্যা দিয়ে। ইয়াৰ কাৰণ হৈছে দেশত সংস্কৃত ব্যৱহাৰকাৰীৰ সংখ্যা একেবাৰে নগণ্য। এনে এক অৱস্থাতো কৰ্ণাটকৰ এখন গাঁৱৰ লোকে কথা-বতৰাতো সংস্কৃত ভাষা ব্যৱহাৰ কৰি আছে। এই গাঁও ৰাজ্যখনৰ শ্বিম’গা জিলাত অৱস্থিত। গাঁওখনৰ নাম মাটুৰ। এই গাঁও দেশৰ আন গাঁওসমূহতকৈ পৃথক। কাৰণ এইখন গাঁৱত সাধাৰণ কথা-বতৰাতো সংস্কৃত ভাষা ব্যৱহাৰ হয়। ইয়ে মাট্টৰ গাঁৱক এক সুকীয়া মর্যাদা প্রদান কৰিছে।
বেদ আৰু প্রাচীন শাস্ত্রসমূহত ব্যৱহৃত ভাষা সংস্কৃত এই গাঁৱৰ মানুহে সাধাৰণ কথা-বতৰাতো ব্যৱহাৰ কৰাটোৱে গাঁওখনৰ প্ৰতি দেশ-বিদেশৰ পর্যটকক আকর্ষণ কৰি আহিছে। কাজেই সংস্কৃত ভাষা গাঁওখনৰ এক পৰিচয়ত পৰিণত হৈছে। স্থানীয় লোকৰ মতে প্রায় ছশ বছৰ পূর্বে কেৰালাৰ পৰা ব্রাহ্মণ সম্প্ৰদায়ৰ লোক এই গাঁওলৈ আহি ইয়াত বাস কৰিবলৈ লয়। তেওঁলোকক সাংকেথিছ বুলি জনা যায়। এই লোকসকলে শতিকাৰ পাছত শতিকা বছৰ ধৰি নিজৰ ভাষিক পৰম্পৰা ৰক্ষা কৰি আহিছে।
বর্তমানে এই লোকসকলৰ অধিকাংশই সাংকেথি ভাষাত কথা-বতৰা পাতে। এই সাংকেথিক ভাষা হৈছে সংস্কৃত, কন্নড় আৰু তেলুগু ভাষাৰ উপাদানেৰে গঠিত এটা দোবান। ১৯৮১ত মাটুৰ গাঁৱৰ সংস্কৃতৰ পৰম্পৰাত এক নতুন অধ্যায় সূচনা হয়।
উক্ত বছৰত সংস্কৃত ভাৰতীৰ স্বেচ্ছাসেৱকসকল গাঁওখনত উপস্থিত হৈ তাত এক ১০দিনীয়া কৰ্মশালাৰ আয়োজন কৰে। এই কর্মশালা গাঁওখনৰ ক্ষেত্ৰত এক ৰূপ সলনিকাৰী ঘটনাত পৰিণত হয়। কাৰণ এই কৰ্মশালাৰ ফলত গাঁওখনৰ লোকসকলৰ সিৰা-উপসিৰালৈ সংস্কৃত প্রবাহিত হয়। গতিকে প্রয়াত বিশ্বরেশ্বা তীর্থ স্বামীজীয়ে মাটুৰ গাঁৱক সংস্কৃত গাঁওৰূপে ঘোষণা কৰে।
তেতিয়াৰে পৰা গাঁওখনৰ সাধাৰণ লোকৰ দৈনন্দিন কথা-বতৰাতো সংস্কৃতে গভীৰভাৱে স্থান লাভ কৰে। গাঁওখনৰ শিশুৰ পৰা বয়স্ক ব্যক্তিলৈকে সকলোৱে ঘৰুৱা দৈনন্দিন জীবনযাত্রা তথা দোকান-বজাৰ কৰোতেও সংস্কৃত ভাষা ব্যৱহাৰ কৰে। গতিকে এই গাঁৱৰ লোকসকলে সংস্কৃতক মৃত ভাষা বুলি গণ্য নকৰে। গাঁওখনৰ বাট-পথৰ ছাইনব’ৰ্ড, মন্দিৰৰ ছাইনব’র্ড আদিও সংস্কৃতত লিখিত। অৱশ্যে গাঁওখনত সংস্কৃত জীৱন্ত হৈ থকাৰ কাৰণো আছে।
স্বাভাৱিকতে এই ক্ষেত্রত শিক্ষাই অন্যতম মূল ভূমিকা পালন কৰিছে।স্কুলতে ছাত্র-ছাত্রীসকলক সংস্কৃত ভাষাৰ শিক্ষাদান কৰা হয়। স্কুলীয়া স্তৰতে ছাত্র-ছাত্রীসকলে বেদসমূহ আৰু সংস্কৃতৰ ব্যাকাৰণ শিকে। গাঁওখনত বৈদিক মন্ত্র শিকোৱা বেদ পাঠশালা নামৰ এখন শিক্ষানুষ্ঠানো আছে। এই শিক্ষানুষ্ঠানত ল’ৰাই সংস্কৃতৰ শিক্ষা গ্রহণ কৰে।
তেওঁলোকক সংস্কৃতৰ ব্যাকৰণৰো জ্ঞান দিয়া হয়। ইয়াৰ সমান্তৰালভাৱে সহ-শিক্ষাৰ ব্যৱস্থা থকা শিক্ষানুষ্ঠানো গাঁওখনত আছে। এনে শিক্ষানুষ্ঠানত ল’ৰা-ছোৱালী সকলোৱে শিক্ষা গ্রহণ কৰে। গাঁওখনৰ সাৰদা বিলছা স্কুলত সংস্কৃত শ্লোক আৰু প্ৰাচীন গ্ৰন্থসমূহৰ লগতে বিজ্ঞান আৰু নিয়মীয়া পাঠ্যক্ৰমৰ শিক্ষাদান কৰা হয়।
এনে শিক্ষা ব্যৱস্থাৰ জৰিয়তে গাঁওখনৰ পৰা কেৱল সংস্কৃতৰ পণ্ডিতেই নহয়, আন পেছাদাৰীও ওলাইছে। আধুনিক জীৱন-জীৱিকাৰ স’তে খাপ খোৱা শিক্ষা আৰু সংস্কৃত নিৰ্ভৰ ঐতিহ্যৰ শিক্ষা গাঁওখনৰ শিক্ষানুষ্ঠানত ভাৰসাম্য ধৰি ৰাখি প্ৰদান কৰি থকা হৈছে। গতিকে সংস্কৃত ভাষা শিক্ষাৰ বাবে গাঁওখনৰ সন্তানসকলৰ আধুনিক = সময়ৰ স’তে খোজ মিলাই আগবঢ়াই সমস্যাৰ সৃষ্টি হোৱা নাই।
অৱশ্যে গাঁওখনত কেৱল স্কুলীয়া স্তৰতে সংস্কৃতৰ শিক্ষাদান কৰি ভাষা ৰক্ষাৰ দায়িত্ব সামৰা হোৱা নাই। গাঁওবাসীয়ে কঠোৰভাৱে সাংস্কৃতিক পৰম্পৰা ধৰি ৰাখিছে। উদাহৰণ স্বৰূপে সাংকেথি সম্প্ৰদায়ৰ লোকসকলে গল্প বা সাধু কোৱাৰ ‘গামাকা’ নামৰ এক পৰম্পৰাও অটুট ৰাখিছে। তদুপৰি গায়ন কলাৰো এক পৰম্পৰা গাঁওবাসীয়ে বর্তাই ৰাখিছে।
এইসমূহ সাধু আৰু গীত বেদ আৰু ধ্রুপদী সাহিত্যৰ পৰা অনা হৈছে। গতিকে ইয়াৰ পৰা প্রতিপন্ন হয় যে এনে ক্ষেত্রসমূহত সংস্কৃত ভাষাক মূল কেন্দ্ৰবিন্দু কৰি ৰাখিছে গাঁওবাসীয়ে। এনেদৰে গাঁওবাসীয়ে শতিকাৰ পাছত শতিকা ধৰি সংস্কৃত ভাষা জীয়াই ৰাখিছে।
গাঁওবাসীৰ বিশ্বাস যে তেওঁলোকে আৰু অনেক দিন ভাষাতো জীয়াই ৰাখিবলৈ সক্ষম হ’ব। গাঁওবাসীয়ে কেতিয়াও এই কথা বিশ্বাস নকৰে যে সংস্কৃত ভাষা এটা মৃত ভাষাত পৰিণত হৈছে।






























