Assam Assembly Winner Session 3ed Day:জনজাতিকৰণৰ মন্ত্ৰীগোটৰ প্রতিবেদন সদনত দাখিল মন্ত্ৰী ডা:ৰণোজ পেগুৰ

ছয় জনগোষ্ঠীক দুটা ভাগত বিভক্ত কৰা হৈছে, টাই -আহোম,চুতীয়া আৰু চাহ জনগোষ্ঠীক জনজাতি উপত্যকা বা ST(V)ত, মৰাণ আৰু মটক জনগোষ্ঠীক জনজাতি ভৈয়াম বা ST(P), অবিভক্ত গোৱালপাৰাৰ কোঁচ- ৰাজবংশী জনগোষ্ঠীক জনজাতি ভৈয়াম বা ST(P)

rr

Assam Assembly Winner Session 3ed Day:

সকলো উৎকণ্ঠাৰ অন্ত পেলাই অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ আজি দ্বিতীয় দিনাৰ সদনৰ কামকাজ প্ৰশ্নোত্তৰ শিতানেৰে আৰম্ভ হওঁতেই ৰাজ্যৰ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ বিষয়ক লৈ বহুচর্চিত মন্ত্রীগোটৰ প্রতিবেদন দাখিল কৰে মন্ত্ৰী গোটৰ অধ্যক্ষ তথা মন্ত্ৰী ডা:ৰণোজ পেগুৱে

ইতিমধ্যে সদনত মন্ত্ৰী গোটে দাখিল কৰা প্রতিবেদন অনুসৰি ছয় জনগোষ্ঠীক দুটা ভাগত বিভক্ত কৰা হৈছে। সেই অনুসৰি টাই -আহোম,চুতীয়া আৰু চাহ জনগোষ্ঠীক জনজাতি উপত্যকা বা ST(V)ত ৷ মৰাণ আৰু মটক জনগোষ্ঠীক জনজাতি ভৈয়াম বা ST(P) ত ৷ একেদৰে অবিভক্ত গোৱালপাৰাৰ কোঁচ- ৰাজবংশী জনগোষ্ঠীক জনজাতি ভৈয়াম বা ST(P) ত অন্তভুৰ্ক্ত কৰা হৈছে ৷

ইয়াৰ পূৰ্বে বুধবাৰে দিছপুৰৰ লোকসেৱা ভৱনত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত অনুষ্ঠিত কেবিনেট বৈঠকত তিনিজনীয়া মন্ত্রীগোটে তেওঁলোকৰ প্ৰতিবেদন দাখিল কৰে। কেবিনেটত প্রতিবেদনখনৰ সম্পৰ্কত মন্ত্ৰীগোটৰ পৰা বক্তব্য দাঙি ধৰাৰ পাছত ইয়াক লৈ চৰ্চা কৰা হয়। ইয়াৰ ভিত্তিত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকৰ পাছত এক সংবাদমেলত কয়, কেবিনেট বৈঠকত এখন সুন্দৰ প্ৰতিবেদন গ্ৰহণ কৰা হয়। মই আশা কৰো এই প্রতিবেদনে জনজাতিকৰণৰ দাবী জনাই অহা ছয় জনগোষ্ঠীৰ আশা-আকাংক্ষাক প্ৰতিফলিত কৰিব পাৰিব। একে সময়তে বৰ্তমানৰ জনজাতিসকলৰো কোনো ক্ষতি নকৰিব। আমাৰ এয়াই লক্ষ্য আছিল। মই বিশ্বাস কৰো যে অসমৰ কঠিন পৰিৱেশৰ মাজত ভাৰসাম্য বজাই ৰাখি প্রতিবেদনখন প্রস্তুত কৰা হৈছে। নিশ্চিতভাবে এই প্রতিবেদনে সকলোৰে আশা-আকাংক্ষা প্রতিফলিত কৰিব পাৰিব।’ মুখ্যমন্ত্রীয়ে লগতে কয় যে এই প্রতিবেদনখন জনজাতি পৰিক্ৰমা বিভাগে বিধানসভালৈ প্ৰেৰণ কৰিব। বিধানসভাত প্রতিবেদনখন কোনে দাখিল কৰিব, সেই সিদ্ধান্ত অধ্যক্ষই ল’ব। অহা ২৯ নৱেম্বৰলৈ চলিবলগীয়া অধিবেশনৰ ভিতৰতে প্রতিবেদনখন দাখিল কৰিবলৈ অধ্যক্ষক চৰকাৰে আহ্বান জনাব বুলিও মুখ্যমন্ত্রীয়ে কয়। অৱশ্যে মুখ্যমন্ত্রীয়ে ইতিপূর্বে ঘোষণা কৰিছিল যে ২৭ নৱেম্বৰত প্ৰতিবেদনখন বিধানসভাত দাখিল কৰা হ’ব।

উল্লেখ্য যে কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল মুখ্যমন্ত্রী থকাৰ সময়ত অসম চৰকাৰৰ তদানীন্তন মন্ত্রী হিমন্ত বিশ্ব শর্মাক অধ্যক্ষ, ডাঃ ৰণোজ পেগু আৰু কেশৱ মহন্তক সদস্যৰূপে লৈ মন্ত্রীগোট গঠন কৰা হৈছিল। পৰৱৰ্তী সময়ত ড° শৰ্মা মুখ্যমন্ত্রী হোৱাত মন্ত্ৰীগোট পুনৰ গঠন কৰি ডাঃ পেগুক অধ্যক্ষৰ দায়িত্ব দিয়া হয়। সদস্যৰূপে থকা মন্ত্রীদ্বয় হ’ল কেশৱ মহন্ত আৰু পীযুষ হাজৰিকা।

আনহাতে প্রতিবেদনখনক লৈ ইতিমধ্যে ব্যাপক চৰ্চা আৰম্ভ হৈছে। প্রতিবেদনখনক লক্ষ্য কৰিয়ে শেহতীয়াকৈ ৰাজ্যত জনজাতিকৰণৰ দাবী ছয় জনগোষ্ঠীৰ মাজত তীব্ৰতৰ হয়। সমান্তৰালভাৱে এই দাবীৰ বিৰোধিতাৰেও বৰ্তমানৰ জনজাতিসকলৰ বিভিন্ন সংগঠনে প্রতিবাদ সাব্যস্ত কৰে।

Exit mobile version