Deadbody Recovered:
মহানগৰীৰ বাঘৰবৰীত পুৱাতে সংঘটিত হয় চাঞ্চল্য ৷ ৰাজপথত পৰি থকা অৱস্থাত উদ্ধাৰ এটা মৃতদেহ ৷ পুৱা ৫. ৩০ বজাত পথেৰে গৈ থকা এজন অটোচালকে মৃতদেহ পৰি থকা প্ৰত্যক্ষ কৰি ততাতৈয়াকৈ খবৰ দিয়ে আৰক্ষীক ৷
ঘটনস্থলীত সাতগাওঁ থানাৰ যান-বাহন আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে ৷ ইতিমধ্যে চিনাক্ত হোৱা মৃতদেহটো পাঞ্জাবাৰীৰ ৫৬ বছৰীয়া বশিষ্ট ৰাম কলিতা আৰক্ষীয়ে নিশ্চিত কৰিছে ৷
আৰক্ষীয়ে সদৰি কৰা মতে প্রাতঃভ্ৰমণৰ বাবে ওলাই আহিছিল লোকজন ৷ কিন্ত অচিনাক্ত বাহনৰ খুন্দাত থিতাতে নিহত হয় লোকজন ৷ আৰক্ষীয়ে মৃতদেহটো মৰনোত্তৰ পৰীক্ষাৰ বাবে জি এম চিএইছ লৈ প্ৰেৰণ কৰি আৰম্ভ কৰিছে প্ৰাৰম্ভিক তদন্ত I
