Health:✒️আমাৰ দৈনন্দিন জীৱনত আমি প্রায়ে বুজিব নোৱাৰো যে আমাৰ শৰীৰে কেতিয়াবা কোনো সমস্যাৰ সংকেত দিছে। ব্যস্ততা, মানসিক চাপ বা অবহেলাৰ বাবে বহুতো গুরুত্বপূর্ণ লক্ষণ আমাৰ দৃষ্টিৰ পৰা আঁতৰি যায়।
কিন্তু হার্ভার্ডৰ প্রশিক্ষণপ্রাপ্ত প্রখ্যাত চিকিৎসক ডাঃ উইলিয়াম লীয়ে শেহতীয়াকৈ সকীয়াই দিছে যে শৰীৰৰ বিভিন্ন অংশত ‘অস্বাভাবিক বক্তক্ষৰণ’ এটা সাধাৰণ অথচ অতি গুৰুতৰ সংকেত যিয়ে আপোনাৰ সামগ্রিক স্বাস্থ্যৰ অৱনতিৰ ইংগিত দিব পাৰে।
ডাঃ লীয়ে কয়, ‘শৰীৰে আমাক সদায় সতর্ক কৰি থাকে। কিন্তু আমি সেই সংকেতবোৰ বুজি নাপাওঁ বা গুৰুত্ব নিদিওঁ। অস্বাভাবিক ৰক্তক্ষৰণ হৈছে আগতীয়াকৈ সতর্কবাণী যিটো কেতিয়াও আওকাণ কৰা উচিত নহয়। তেওঁৰ মতে, এই পাঁচটা পৰিস্থিতিৰ সৃষ্টি হ’লে তৎক্ষণাত চিকিৎসকৰ পৰামৰ্শ লোৱাটো গুৰুত্বপূৰ্ণ।
(১) মলত ভেজ: ডাক্তৰৰ মতে ই প্রদাহ, সংক্রমণ, পলিপ বা অস্ত্ৰৰ অধিক জটিল ৰোগৰ লক্ষণ হ’ব পাৰে। বহুতে ইয়াক অর্শ বুলি ভাবি আওকাণ কৰে, কিন্তু বাৰে বাৰে তেজেৰে দাগ পৰা মূল গুৰুতৰ ৰোগৰ বিপজ্জনক লক্ষণ হ’ব পাৰে।
(২) কফ বা লালাত তেজ ও আঁঠুৰ ৰোগ, মুখৰ গহ্বৰৰ ঘা বা শ্বাস-প্রশ্বাসজনিত সমস্যা হ’লেও এনে হ’ব পাৰে। কিন্তু গভীৰ সমস্যা,
সংক্রমণ বা আভ্যন্তৰীণ অংগৰ টিউমাৰৰ লক্ষণ হিচাপে তেজ মিহলি কফ ওলোৱাৰ আংশকা থাকে। গতিকে এইটো একেবাৰেই সাধাৰণ পৰিঘটনা নহয়।
(৩) প্রস্রারত তেজঃ প্রস্রাবত তেজ থাকিলে বৃক্কত পাথৰ, প্ৰস্তাৱৰ সংক্ৰমণ, বৃক্কৰ আঘাত বা আন যিকোনো ৰোগৰ আগতীয়া লক্ষণ হ’ব পাবে। ডাঃ লীয়ে স্পষ্টকৈ কৈছে যে প্রস্রবত তেজৰ অর্থ হ’ল তাৎক্ষণিক পৰীক্ষা কৰাটো প্রয়োজনীয়। (৪) ছালত অস্বাভাবিক তেজৰ চিন বা
ৰক্তক্ষৰণঃ ই তেজ জমা হোৱাৰ সমস্যা, ৰক্তবাহী নলী দুর্বল বা ভিটামিনৰ অভাৱকে ধৰি বিভিন্ন ৰোগৰ লক্ষণ। কেতিয়াবা সৰু দাগ যেন লাগিলেও ই শৰীৰৰ আভ্যন্তৰীণ সমস্যাৰ ডাঙৰ সংকেত হ’ব পাবে।
(৫) ঋতুস্রাবৰ উপৰি যোনিৰ পৰা ৰক্তক্ষৰণঃ হৰম’নৰ সমস্যা, সংক্রমণ বা জৰায়ুৰ ৰোগৰ প্ৰাৰম্ভিক লক্ষণ হিচাপে এইটো হ’ব পাৰে। বিশেষজ্ঞসকলৰ মতে যদি এনে বক্তৰক্ষণ লক্ষ্য কৰা হয় তেন্তে পলম নকৰাকৈ পৰীক্ষা কৰাব লাগিব।
স্বাস্থ্য বিশেষজ্ঞসকলে পৰামৰ্শ দিয়ে যে যদি এই লক্ষণসমূহ দেখা দিয়ে তেন্তে তৎক্ষণাত চিকিৎসকৰ ওচৰলৈ গৈ প্রয়োজনীয় পৰীক্ষা কৰাটোৱেই আটাইতকৈ নিৰাপদ। কাৰণ জীবন সংকটজনক ৰোগবোৰো আগতীয়াকৈ ধৰা পৰিলে সহজে নিয়ন্ত্রণ কৰিব পৰা যায়।
