Encounter:✒️এগৰাকী ছবছৰীয়া শিশুক ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ এজন অভিযুক্ত। গ্ৰেপ্তাৰৰ পাছতে পলায়নৰ চেষ্টা অভিযুক্তৰ।ইয়াৰ পাছতে আৰক্ষীয়ে এনকাউন্টাৰ কৰে ধৰ্ষণকাৰী অভিযুক্তক। ঘটনাটো মধ্যপ্ৰদেশৰ ৰাইজেনত। অভিযুক্তজনৰ নাম ছলমান।
তথ্য অনুসৰি বৃহস্পতিবাৰে নিশা অভিযুক্তই আৰক্ষীক আক্ৰমণ কৰি পলায়ন কৰাৰ চেষ্টা কৰিছিল আৰু তেতিয়াই আৰক্ষীয়ে তেওঁৰ এনকাউন্টাৰ কৰে।
এনকাউন্টাৰত অভিযুক্তৰ ভৰিত গুলী লগাত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
তথ্য অনুসৰি,বিগত ২১ নৱেম্বৰত ৰাইজেন অঞ্চলৰ এগৰাকী ছয় বছৰীয়া শিশু ঘৰৰ বাহিৰত খেলি থকাৰ অৱস্থাত ছলমানে শিশুটিক চকলেট দিয়াৰ প্ৰলোভনেৰে শিশুটিক হাবিলৈ লৈ গৈ ধৰ্ষণ কৰি পলায়ন কৰে।
ইয়াৰ পাছতে স্থানীয় ৰাইজে শিশুটিক হাবিৰ পৰা উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰে আৰু আৰক্ষীক খবৰ দিয়ে ।






























