Mangaldoi :ভুৱা লটাৰীৰ টিকট বিক্ৰী কৰি আৰক্ষী জালত নগাঁৱৰ ৩ যুৱক

mangoldoi

Mangaldoi :

ভুৱা লটাৰীৰ টিকট বিক্ৰীৰে ৰাইজৰ পৰা ধন সংগ্ৰহ কৰি অহা নগাঁৱৰ ৩ যুৱক অৱশেষত পৰে আৰক্ষী জালত।

মঙলদৈ আৰক্ষীয়ে যুৱক কেইজনক আটক কৰে মঙলদৈৰ জনাৰাম চৌকাত ৷ ভুৱা লটাৰী টিকট বিক্ৰী কৰি থকাৰ সময়তে ৰাইজৰ সন্দেহ ওপজাত যুৱক কেইজনৰ উপযুপৰি জেৰা কৰাত সকলো তথ্য পোহৰলৈ আহে ৷ পিছত আৰক্ষী গতাই দিয়া হয় যুৱক তিনিজনক ।

আটকাধীন যুৱক কেইজন হ’ল নগাঁও জিলাৰ পুৰণিগুদামৰ লকুমণি আলী, সন্দীপ আলী আৰুপ্রিন্স খান। তিনিওৰে পৰা আৰক্ষীয়ে জব্দ কৰে লটাৰীৰ বহু টিকটৰ লগতে কেতবোৰ আপত্তিজনক সামগ্রী ৷

Exit mobile version