ঠাণ্ডা-গৰম সেক
বিষ হ’লে পেশীসমূহক আৰাম দিবলৈ আৰু শৰীৰৰ প্রদাহ কমাবলৈ ঠাণ্ডা আৰু গৰম সেক দিব পাৰে। এবাৰ ‘হট ৱাটাৰ’ বেগ বিষ হোৱা স্থানত ১৫ ছেকেণ্ড মান ধৰি থাকিব। তাৰ পাছত সেই স্থানতে বৰফ পানীৰ সেক ১৫ ছেকেণ্ড দিব। এইদৰে ১০-১৫ মিনিট সময় গৰম-ঠাণ্ডাৰ সেক সলনাসলনিকৈ দিলে শৰীৰৰ ৰক্ত সঞ্চালন বাঢ়িব, পেশীক শিথিল কৰি তুলিব। সেইদৰেই যন্ত্রণা হ্রাস পাব।
নিদ্রা
যিসকলে ক্রণিক বিষত ভোগে, তেওঁলোকে দৈনিক প্রায় সাত-আঠ ঘণ্টা নির্দিষ্ট কৰি নিদ্ৰা গ্ৰহণ কৰিব লাগিব। নিদ্ৰাৰ পৰত শোৱাৰ ধৰণো সঠিক ৰাখিব। কেতিয়াবা শোৱাৰ ভুল ধৰণৰ পৰা পেশীত বিষ হয়।
জোতা
কঁকাল আৰু পিঠিৰ বিষ সঘনাই হ’লে জোতা সলনি কৰিব লাগিব। চিকিৎসকৰ পৰামৰ্শ অনুসৰিহে জোতা ক্ৰয় কৰিব। জোতা ক্ৰয় কৰাৰ সময়ত নৰম চামৰাৰ লগতে জোতাৰ গ্রিপ, আকাৰ আদিও চালিজাৰি চাব।






























