Delhi:✒️দিল্লীৰ চাৰি মহলীয়া অট্টালিকাত ভয়ংকৰ অগ্নিকাণ্ড। ঘটনাটোত চাৰি জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে আহত আন দুজন। অৱশ্যে অগ্নিকাণ্ডৰ সঠিক কাৰণ এতিয়াও স্পষ্ট হোৱা নাই। ইতিমধ্যে তদন্ত আৰম্ভ কৰা হৈছে।
আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ সূত্ৰ অনুসৰি ঘৰৰ প্ৰথম মহলাত জোতাৰ দোকান আছিল। শনিবাৰে নিশা তাত হঠাতে অগ্নিকাণ্ড সংঘটিত হয়। ইয়াৰ পাছতে সমগ্ৰ অঞ্চলটো ক’লা ধোঁৱাই আৱৰি ধৰে আৰু ক্ৰমান্বয়ে জুই বিয়পি পৰে। ইয়াৰ পাছতে সমগ্ৰ অঞ্চলটোত আতংকৰ সৃষ্টি হয়।
তথ্য লাভ কৰাৰ লগে লগে আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীয়ে ততাতৈয়াকৈ সেই স্থানত উপস্থিত হয়। উদ্ধাৰৰ কাম আৰম্ভ হয়।
প্ৰাপ্ত তথ্য অনুসৰি, ঘটনাৰ সময়ত ঘৰৰ ভিতৰতে কেবাজনো লোক আছিল।এই অগ্নিকাণ্ডত ইয়াৰে চাৰিজনৰ মৃত্যু হয় । আন দুজন গুৰুতৰভাৱে আহত।
তেওঁলোকক উদ্ধাৰ কৰি ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। সম্প্ৰতি তাত তেওঁলোক চিকিৎসাধীন হৈ আছে। আৰক্ষী সূত্ৰৰ অনুসৰি, অগ্নিদগ্ধ হৈ নিহত হোৱা দুজন লোকৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই।
অৱশ্যে অগ্নিকাণ্ডৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। ইতিমধ্যে তদন্ত আৰম্ভ হৈছে। আৰক্ষীৰ সূত্ৰৰ মতে, জুই নিৰ্বাপন কৰাৰ পিছতে ফৰেনছিক দল উপস্থিত হয় আৰু নমুনা সংগ্ৰহ কৰে।






























