Human washing machine:✒️ৱাশ্বিং মেচিন সম্প্রতি অধিকাংশ মানুহৰে নিত্য প্রয়োজনীয় সামগ্ৰীসমূহৰ অন্যতম। কিয়নো কম ব্যস্ততাৰ মাজতো পৰিষ্কাৰকৈ কাপোৰ ধুবলৈ হাতেৰে থেকেচি থকাৰ প্ৰয়োজন নাই। বৰঞ্চ বাশ্বিং মেচিনতে কম সময়ত কাপোৰ পৰিষ্কাৰ হৈ পৰে।
অৱশ্যে ৱাশ্বিং মেচিনত সোমাই জানো মানুহে স্নান কৰিব পাৰে? শুনিবলৈ অবাক লাগিলেও এয়া সত্য। কিছুদিনৰ পূৰ্বেই ‘হিউমেন রাশ্বিং মেচিন’ নিৰ্মাণ কৰিছিল জাপানে।
এতিয়াৰ পৰা যিকোনো মানুহেই এই যন্ত্ৰ ব্যৱহাৰ কৰি আৰামত স্নান কৰিব পাৰিব। কাৰণ এতিয়াৰ পৰা মুকলি বজাৰত বিক্ৰী হ’ব এই মেচিন।
জাপানৰ এটা কোম্পানীয়ে নিৰ্মাণ কৰা এই মেচিনটোৰ জাপানী নাম হৈছে ‘মিৰাই নিনজেন ছেণ্টাকুকি’। ই সম্পূর্ণৰূপে কৃত্রিম বুদ্ধিমত্তা বা এআইৰ দ্বাৰা পৰিচালিত।
প্রাপ্ত তথ্য অনুসৰি, স্নান কৰাৰ বাবে মেচিনটোত সোমাই তাক বন্ধ কৰি দিব লাগিব। তাৰ পাছত যিজনে স্নান কৰিছে তেওঁৰ ছাল অনুসৰি মেচিনটোৱেই চাবোন বাছি ল’ব। স্নান কৰোৱাৰ পূৰ্বে মেচিনতে হ’ব বডী মেচাজ।
ইমানদিনে মেচিনটো বিক্রীযোগ্য নাছিল; কিন্তু এতিয়াৰে পৰা মুকলি বজাৰত বিক্ৰী আৰম্ভ হৈছে। তথ্য অনুসৰি, প্ৰথম মেচিনটো ক্ৰয় কৰিছে হোটেল অ’ছাকাই। অতিথিসকলৰ বাবেই এই বিশেষ ব্যৱস্থা। জাপানৰ আন এক ইলেক্ট্র’নিক চেইনেও এই মেচিন ক্ৰয় কৰিছে।
এই ধৰণৰ এটা বিশেষ ৱাশ্বিং মেচিনে সেই কোম্পানীটোৰ প্ৰতি ক্রেতাৰ আকৰ্ষণ বৃদ্ধি কৰিব বুলি ধাৰণা কৰা হৈছে। অৱশ্যে অতি সহজে এই মেচিন মানুহে ক্ৰয় কৰিব নোৱাৰিব। কিয়নো এটা স্নান কৰা ৱাশ্বিং মেচিন ক্ৰয়ৰ দাম ভাৰতীয় মুদ্রাত তিনি কোটি দুই লাখ টকা।
এই মেচিনে মানুহক কিদৰে স্নান কৰাব? প্রাপ্ত তথ্য অনুসৰি, ছুইচ অন কৰিলে প্রথমে কুহুমীয়া গৰম পানীৰে মেচিনটো পৰিপূৰ্ণ হ’ব। তাৰ পাছত স্নান কৰিবলগীয়া লোকজনে ভিতৰত প্ৰৱেশ কৰিব লাগিব। তাৰ পাছত চাবোন, ছেম্প্যু আদিৰে ভিতৰতে সৃষ্টি হ’ব ফেন। স্নান আৰু গা মোচাৰ পাছত হেনো মেচিনটোৱে ছাল অনুসৰি মইশ্বৰাইজাৰো বাছি ল’ব। সকলো মিলাই এক অনন্য অনুভূতি দিব এই হিউমেন ব্রাশ্বিং মেচিনে।






























