ঘূৰ্ণীবতাহ দিত্বাহ বিধ্বস্ত শ্ৰীলংকা। স্থানীয় প্ৰশাসনৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি প্ৰচণ্ড বতাহ আৰু বৰষুণৰ ফলত কেবাটাও অঞ্চলত ভূমিস্খলন হৈছে।
প্ৰাপ্ত তথ্য অনুসৰি ইয়াৰ ফলত কেবাজনো লোকৰ মৃত্যু হোৱাৰ লগতে সন্ধানহীন হৈছে বহুতো ।
শুকুৰবাৰে পুৱা দ্বীপ ৰাষ্ট্ৰখনত সৃষ্টি হয় প্ৰলয়ংকৰী ঘূৰ্ণীবতাহৰ । বতাহ ধুমুহা, বৰষুণ আৰু ভূমিস্খলনৰ ফলত দ্বীপ ৰাষ্ট্ৰখনত যোগাযোগ ব্যৱস্থা ব্যাহত হৈ পৰিছে ।
এনে পৰিস্থিতিত ভাৰতীয় পৰ্যটক তথা নাগৰিকসকলক স্বদেশলৈ ঘূৰাই অনাৰ চেষ্টা অব্যাহত ৰাখিছে চৰকাৰে । তাৰ অংশ হিচাপে শ্ৰীলংকাত আৱদ্ধ হৈ থকা ২০০ৰো অধিক ভাৰতীয় নাগৰিকক দেওবাৰে ভাৰতীয় বায়ুসেনাই কেৰালাৰ তিৰুৱনন্তপুৰম বিমানবন্দৰলৈ স্থানান্তৰ কৰিছে ।
এই কথা সদৰি কৰিছে প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰই । তেওঁ জনোৱা অনুসৰি কলম্বোৰ পৰা তিৰুৱনন্তপুৰমলৈ বায়ু সেনাৰ বিমান নিশা ৭.৩০ বজাৰ ভিতৰত উপস্থিত হয় ।
উল্লেখ্য যে,তেওঁ জনোৱা অনুসৰি ,দ্বীপ ৰাষ্ট্ৰখনলৈ উদ্ধাৰকাৰী দল, সাহায্য সামগ্ৰী আৰু এন ডি আৰ এফৰ দল প্ৰেৰণৰ বাবে ব্যৱহাৰ কৰা আই এ এফৰ আই এল-৭৬ আৰু চি-১৩০জে হেভি লিফ্ট কেৰিয়াৰসমূহ আৱদ্ধ যাত্ৰীসকলক স্থানান্তৰৰ বাবে ব্যৱহাৰ কৰা হৈছে ।






























