Lurinjyoti Gogoi :জনজাতিকৰণৰ প্ৰদানৰ প্ৰক্ৰিয়া নিৰ্বাচনী ললিপপ! ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ নামত অসমবাসীক টুপী পিন্ধাইছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে: লুৰিণজ্যোতি

জনজাতিকৰণ লৈ ডিব্ৰুগড়ত অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈৰ সংবাদমেল,  বিধান সভাত দাখিল কৰা প্ৰতিবেদন এক প্ৰহসনহে মাথোন,  ছবছৰে ৰাজ্যসভাত পৰি আছে সংবিধানৰ সংশোধনী বিধেয়ক

lurin

Lurinjyoti Gogoi :

জনজাতিকৰণক লৈ ডিব্ৰুগড়ত অজাপৰ সভাপতি লুৰিনজ্যোতি গগৈ ৷ বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবত আয়োজিত এক সংবাদমেল সম্বোধন কৰি কৰি গগৈয়ে কয় বিধানসভাত দাখিল কৰা প্ৰতিবেদন এক প্ৰহসন মাথোন ৷ জনজাতি প্ৰদানৰ প্ৰক্ৰিয়া নিৰ্বাচনী ললিপপ ৷ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ নামত অসমবাসীক টুপী পিন্ধাইছে হিমন্ত বিশ্ব শৰ্মাই ৷ অজাপৰ সভাপতি গৰাকীয়ে সংবাদমেলত আৰু কয়, ৬ জনগোষ্ঠীক লৈ বিজেপি চৰকাৰৰ ৰাজনৈতিক কাৰচাজি বুজিবলৈ হ’লে প্ৰথমে আমি জনজাতিকৰণৰ প্ৰক্ৰিয়াটোক বুজিব লাগিব। জনজাতিকৰণৰ বিষয়টো ভাৰতৰ সংবিধানৰ অনুচ্ছেদ ৩৪২ত বৰ্ণনা কৰা হৈছে। সংবিধানৰ উক্ত বিধান আৰু তাৰ ভিত্তিত প্ৰণীত নীতি অনুসৰি, এটা,একাধিক জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰক্ৰিয়াটো – আদিৰ পৰা অন্তলৈকে – এনে ধৰণৰ: ১) কোনোবা জনগোষ্ঠীৰ দল-সংগঠন/ব্যক্তি/নেতৃত্বই জনজাতিকৰণৰ দাবী উত্থাপন কৰিব। সেই দাবী স্মাৰকপত্ৰৰ যোগেদি, আন্দোলনৰ যোগেদি, সংসদ বা বিধানসভাত জনপ্ৰতিনিধিৰ যোগেদি – যিকোনো প্ৰক্ৰিয়াৰে হ’ব পাৰে।

২) যদি সেই দাবী পূৰণ কৰিব লাগে বুলি ৰাজ্য বা কেন্দ্ৰীয় চৰকাৰে ভাৱে, তেতিয়াহ’ লে প্ৰথমে ৰাজ্য চৰকাৰে দাবীৰ যুক্তিযুক্তা পৰীক্ষা কৰি পতিয়ন গ’লে কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰ্যালয়লৈ দাবীৰ সপক্ষত প্ৰতিবেদন প্ৰেৰণ কৰিব। ৰাজ্য বা কেন্দ্ৰীয় চৰকাৰে নিজাববীয়াকৈয়ো উদ্যোগ লব পাৰে।

৩) কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰ্যালয়ে দাবীৰ যুক্তিযুক্ততাৰ ৰাজনৈতিক দিশটো পৰীক্ষা কৰিব আৰু আগবাঢ়িব পাৰি বুলি ভাৱিলে দাবীৰ প্ৰযুক্তিগততা (Technicality) – অৰ্থাৎ জনজাতিৰ স্বীকৃতি পাবলৈ সংশ্লিষ্ট জনগোষ্ঠী উপযুক্ত হয়নে নহয়, সেইটো পৰীক্ষা কৰিবলৈ ৰাষ্ট্ৰীয় অনুসূচীত জনজাতি আয়োগ (National Commission for Scheduled Tribes- NCST) লৈ প্ৰেৰণ কৰিব।

৪) কোনটো জনগোষ্ঠী অনুসূচিত জনজাতি হোৱাৰ যোগ্য আৰু কোনটো নহয়, সেইটো পৰীক্ষা কৰাৰ বাবে ১৯৬৫ চনত ভাৰত চৰকাৰে গঠন কৰি দিয়া বি এন লকুৰ কমিটীয়ে (ভিমজি নাৰায়নৰাও লকুৰ কমিটি) কিছুমান অনুমাপক (Criteria) নিৰ্ধাৰণ কৰি দিছিল। সংশ্লিষ্ট জনগোষ্ঠীটোৰ জাতি-জনগোষ্ঠীয় চৰিত্ৰ/গুণাগুণ উক্ত কমিটীৰ অনুমাপকৰ ভিতৰত পৰিছে নে নাই, সেইটো ৰাষ্ট্ৰীয় অনুসূচীত জনজাতি আয়োগ ( NCST) পৰীক্ষা কৰিব আৰু ইতিবাচক হ’লে সেউজ সংকেত দিব, নহ’লে প্ৰত্যাখান কৰিব।

৫) ৰাষ্ট্ৰীয় অনুসূচীত জনজাতি আয়োগ ( NCST) য়ে সেউজ সংকেত দিলে বিষয়টো/প্ৰস্তাৱটো ভাৰতৰ মহাপঞ্জীয়ক (Registrar General of India- RGI)ৰ ওচৰলৈ যাব।

৬) RGIয়ে জনজাতিকৰণৰ দাবীৰ প্ৰযুক্তিগততা (Technicality) পুনৰ পৰীক্ষা কৰাৰ লগতে অতিৰিক্তভাৱে এই ক্ষেত্ৰত সাংবিধানিক বিধি-ব্যৱস্থাসমূহ প্ৰণালীবদ্ধভাৱে ( Procedurally) মানি চলা হৈছে নে নাই, সেয়া পৰীক্ষা কৰি অনুমোদন জনাব; নহ’লে প্ৰত্যাখ্যান কৰিব।

৭) RGIৰ অনুমোদনৰ পাছত কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰ্যালয়ে কেন্দ্ৰীয় আইন মন্ত্ৰ্যালয়, গৃহ মন্ত্ৰ্যালয়, বিত্ত মন্ত্ৰ্যালয় আদিৰ মতামত লৈ চূড়ান্ত সিদ্ধান্তৰ বাবে কেন্দ্ৰীয় কেবিনেটলৈ প্ৰেৰণ কৰিব।

৭) কেন্দ্ৰীয় কেবিনেটে সকলো দিশ পৰীক্ষা-নিৰীক্ষা কৰি অনুমোদন জনাব (প্ৰত্যাখ্যানো কৰিব পাৰে); আৰু তাৰ পাছত সংসদীয় পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ জৰিয়তে সংসদ সচিবালয়লৈ যাব।

৭) উল্লিখিত সকলো আনুষ্ঠানিকতাৰ পাছত বিষয়টো সংসদত অৰ্থাৎ লোকসভা আৰু ৰাজ্যসভাত উত্থাপন হ’ব আৰু দুয়োখন সদনতে বিতৰ্কৰ অন্তত মুঠ আসনৰ ৫০ শতাংশ বা উপস্থিত সাংসদৰ দুই তৃতীয়াংশৰ সমৰ্থন সাপেক্ষে পাৰিত হ’লেহে চূড়ান্ত অনুমোদনৰ বাবে মহামান্য ৰাষ্ট্ৰপতিলৈ যাব।

৮) মহামান্য ৰাষ্ট্ৰপতিয়ে অনুমোদন জনালে গেজেট অধিসূচনা  যোগে সেয়া ঘোষিত হ’ব। প্ৰশ্ন হ’ল, অসমৰ ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত উল্লিখিত সাংবিধানিক কাৰ্য্যপ্ৰণালী ৰূপায়ন কৰা হৈছেনে ? উত্তৰ: প্ৰায়খিনিয়ে হৈছে; নিশ্চয়কৈ হৈছে। যেনে: ১) অসমত ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবী বহু পুৰণি। ২) ২০১৫ চনৰ মাৰ্চ মাহত অনুষ্ঠিত হোৱা অসম বিধান সভাৰ বাজেট অধিৱেশনত আগবঢ়োৱা বক্তৃতাত তেতিয়াৰ মুখ্যমন্ত্ৰী তৰুণ গগৈই ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ ব্যৱস্থা হাতত লবলৈ অসম বিধান সভাৰ পৰাই কেন্দ্ৰীয় চৰকাৰক অনুৰোধ জনাইছিল। সেই বছৰৰে ২৪ নৱেম্বৰত তৰুণ গগৈই ভাৰতৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰি ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীৰে স্মাৰকপত্ৰ দিছিল।

৩) বিজেপি দলে ২০১৬ চনৰ নিৰ্বাচনৰ পূৰ্বে প্ৰকাশ কৰা ‘দৃষ্টিপত্ৰ ২০১৬-২৫’ (Vision Document 2016-25’ত ৬ জনগোষ্ঠীক নিৰ্ধাৰিত সময়ৰ ভিতৰত (অৰ্থাৎ ২০১৬ৰ পৰা ২০২৫ৰ ভিতৰত) জনজাতিকৰণৰ আশ্বাস দিছিল।

৪) ২০১৬ত বিজেপিৰ চৰকাৰ গঠন হোৱাৰ পূৰ্বেই, অৰ্থাৎ নিৰ্বাচনৰ আগে আগে, ২৯ ফেব্ৰুৱাৰী, ২০১৬ তাৰিখে কেন্দ্ৰীয় চৰকাৰে অসমৰ ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ আৰ্হি (Modelities) প্ৰস্তুত কৰিবলৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ৰ বিশেষ সচিব মহেশ কুমাৰ চিংলাৰ নেতৃত্বত এখন কমিটি গঠন কৰি দিয়ে।

উক্ত কমিটিক অসম চৰকাৰ, NCST আৰু RGIৰ সৈতে আলোচনা সাপেক্ষে দায়িত্ব সম্পাদন কৰিবলৈ কৰ্তৃত্ব প্ৰদান কৰা হয়।

৫) চিংলা কমিটিক ২০১৬ চনৰ ৩১ মে’ৰ পূৰ্বে প্ৰতিবেদন দাখিল কৰিবলৈ কোৱা হৈছিল যদিও অসমৰ লখিমপুৰ লোকসভা সমষ্টিৰ উপনিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত প্ৰতিবেদন দাখিলৰ সময়সীমা ২০১৬ চনৰ নৱেম্বৰ মাহলৈ বৃদ্ধি কৰা হয়।

৬) চিংলা কমিটিৰ প্ৰতিবেদন আৰু অন্য আনুষ্ঠানিকতা সম্পাদনৰ পাছত ভাৰচ চৰকাৰৰ কেবিনেটে ৮ নৱেম্বৰ ২০১৯ তাৰিখে অসমৰ ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰস্তাৱত অনুমোদন জনায়।

৭) ৯ নৱেম্বৰ ২০১৯ তাৰিখে ভাৰত চৰকাৰে অসমৰ ৬ জনগোষ্ঠীক ভাৰতৰ অনুসূচিত জনজাতিৰ তালিকাভূক্ত কৰাৰ প্ৰস্তাৱেৰে সংবিধান সংশোধনী বিধেয়ক (THE CONSTITUTION (SCHEDULED TRIBES) ORDER (AMENDMENT) BILL, 2019) সংসদৰ উচ্চ সদন ৰাজ্যসভাত উত্থাপন কৰে।

উল্লিখিত বিস্তৃত দস্তাৱেজে স্পষ্ট কৰে যে কেন্দ্ৰীয় চৰকাৰে ৬ জনগোষ্ঠীক অনুসূচিত জনজাতিৰ তালিকাভূক্ত কৰাৰ মানসেৰেই সংসদত উল্লিখিত সংবিধান সংশোধনী বিধেয়ক উত্থাপন কৰিছিল।
বিধেয়কখন বৰ্তমানলৈ ৰাজ্যসভাৰ মজিয়াত আলোচনা-বিতৰ্ক নোহোৱাকৈ পৰি আছে। ভাৰতৰ সংবিধানৰ ৩৪২ অনুচ্ছেদৰ বিধি অনুসৰিয়ে ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰক্ৰিয়া অন্তিম পৰ্যায়ত আছে। সকলো আনুষ্ঠানিকতা সম্পূৰ্ণ হৈ বিষয়টো সংসদৰ বিবেচনাৰ্থে দেশৰ সৰ্বোচ্চ বিধান পালিকাৰ মজিয়াত আছে।

এতিয়া কেৱল ৰাজ্যসভাত বিধেয়কখন পাৰিত কৰোৱাহে কথা। তাৰ পাছত লোকসভাত উত্থাপন কৰি তাতো পাৰিত কৰোৱাৰ প্ৰয়োজন। লোকসভা আৰু ৰাজ্যসভা উভয়তে বিজেপি নেতৃত্বাধীন NDA এতিয়া সংখ্যাগৰিষ্ঠ। গতিকে বিধেয়কখন পাৰিত কৰোৱাটো বিজেপিৰ বাবে সাধাৰণ কথা।

কিন্তু তৎস্বত্বেও বিজেপি দলে ৬জনগোষ্ঠীৰ জনজাতিকৰণৰ বিধেয়কখন সংসদত পাৰিত নকৰোৱাই, পুনৰ অসম চৰকাৰৰ দ্বাৰা মন্ত্ৰী গোট গঠন কৰি, বিধান সভাত দাখিল কৰোৱাই, বিধান সভাত পাৰিত কৰোৱাই, সমগ্ৰ বিষয়টো শূন্যৰ পৰা আৰম্ভ কৰাৰ অৰ্থ কি – এইটোহে দুৰ্বোধ্য সাঁথৰ।

আচলতে অসমৰ ছটা জনগোষ্ঠীক অনুসূচিত জনজাতিৰ তালিকাত অন্তৰ্ভূক্ত কৰাৰ প্ৰসংগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি দলৰ আন্তৰিকতাই নাই। থকা হ’লে তেওঁলোকে ২০১৯ চনতে সংসদত দাখিল হোৱা আৰু যোৱা প্ৰায় ৬ বছৰে সংসদত বিবেচনাধীন অৱস্থাত থকা বিধেয়কখন পাৰিত কৰোৱাৰ ওপৰত গুৰুত্ব দিলেহেতেন। কাৰণ সেইটোহে আছিল জনজাতিকৰণৰ অন্তিমটো পদক্ষেপ। কিন্তু তাকে নকৰি ২০২৬ চনৰ নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত মন্ত্ৰীগোটৰ প্ৰতিবেদনৰ নামত ভেকোভাওনাৰ সৃষ্টিৰে ৰাইজক নিৰ্বাচনী ললিপপ খুওৱাৰ অপচেষ্টাত লিপ্ত নহ’লহেতেন।

Exit mobile version