H-1B VISA:আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পৰ কঠোৰ প্ৰব্ৰজন নীতিৰ পৰিপ্ৰেক্ষিতত এইচ১বি ভিছা লাভ কৰাটো ভাৰতীয়ৰ বাবে কঠিন হৈছে। প্রকাশিত তথ্য অনুসৰি, আমেৰিকাৰ চৰকাৰে বিগত এক দশকত এইচ১বি ভিছাৰ অনুমোদন প্রায় ৭০ শতাংশ হ্রাস কৰিলে।
যোৱা এবছৰত ৩৭ শতাংশ ভিছা আবেদন বাতিল কৰা হৈছে। প্রতিবেদনৰ তথ্য অনুসৰি ভাৰতৰ বৃহত্তম সাত তথ্য প্রযুক্তি সংস্থাৰ অন্যতম টিচিএছৰ কৰ্মীয়ে সর্বাধিক এইচ১বি ভিছা লাভ কৰিছিল। সাত আইটি সংস্থাৰ মুঠ ৪৫৭৩ জন কর্মীক এই ভিছা দিছিল মার্কিন চৰকাৰে।
যোৱা বছৰত টিচিএছৰ মাত্ৰ চাৰি শতাংশ এইচ১বি ভিছাৰ আবেদন নাকচ কৰা হৈছিল। চলিত বর্ষত টিচিএছৰ ভিছা নাকচৰ পৰিমাণ সাত শতাংশ হ’ল। উইপ্র’, ইনফ’ছিছ, এইচচিএল, এলটিআই মাইণ্ডট্ৰিৰ কৰ্মীৰ ভিছাৰ আবেদনো মার্কিন চৰকাৰে নাকচ কৰিছে।






























