IndiGO :✒️মাজ আকাশত পুনৰ আতংক। বোমাতংক আতংকত বিমানৰ জৰুৰীকালীন অৱতৰণ। কুৱেইটৰ পৰা হায়দৰাবাদ অভিমুখী ইণ্ডিগোৰ বিমান অৱতৰণ কৰিলে মুম্বাইত।
ADVERTISEMENT
তথ্য অনুসৰি, যাত্ৰীসকল সুৰক্ষিত। এই পৰ্যন্ত বিমান সংস্থাটোৱে কোনো বাৰ্তা দিয়া নাই। তথ্য অনুসৰি,বিমানখনত বোমাৰ ভাবুকি দিয়া হৈছিল। বিমানখনত বোমা স্থাপন কৰা বুলি উল্লেখ কৰা ভাবুকিপূৰ্ণ ইমেইল লাভৰ পাছতে আতংক বিয়পি পৰে।
ইয়াৰ পাছতে মঙলবাৰে পুৱা ৭.৪৫ বজাত মুম্বাইৰ ছাত্ৰপতি শিৱাজী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত বিমানখনে জৰুৰীকালীন অৱতৰণ কৰে। উল্লেখ্য যে বিমানখন আন বিমানৰ পৰা নিৰাপদ দূৰত্বত অৱতৰণ কৰা হৈছিল।






























