APCC:আজি নতুন দিল্লীতএপিচিচি গুৰুত্বপূৰ্ণ বৈঠক

কংগ্ৰেছ সভাপতি মল্লিকার্জুন খাৰ্গেৰ বাসগৃহত অনুষ্ঠিত হয় বৈঠক

kharge

APCC:

ৰাজ্যৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ পাঁচটা মাহ থকা অৱস্থাত কংগ্ৰেছে নিৰ্বাচনী ৰণত জপিয়াই পৰিবলৈ ব্যাপক তৎপৰতা আৰম্ভ কৰিছে।
প্ৰদেশ কংগ্ৰেছৰ এনে তৎপৰতাক নতুন মাত্ৰা প্ৰদান কৰি মঙলবাৰে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকার্জুন খাৰ্গেৰ নতুন দিল্লীস্থ বাসগৃহত অনুষ্ঠিত হয় এপিচিচি এখন গুৰুত্বপূৰ্ণ বৈঠক ৷ ২৬ৰ নিৰ্বাচনৰ প্ৰসংগক লৈ অনুষ্ঠিত বৈঠকত কেতবোৰ ৰণকৌশল প্ৰস্তুত কৰা হয় ৷ বৈঠকত স্থান পায় সাতদলৰে জোঁট বন্ধন আৰু আসন ভাগবতৰা বিষয়টো ৷

বৈঠকত অংশ লয় এপিচিচি সভাপতি সাংসদ গৌৰৱ গগৈ, প্ৰদেশ কংগ্ৰেছৰ অসমৰ তত্বাৱধায়ক জিতেন্দ্র সিং, সাংসদদ্বয় ৰকিবুল হুছেইন, প্রদ্যুৎ বৰদলৈ সহ কে’বাজনো জ্যেষ্ঠ নেতাই ৷

Exit mobile version