Uttarakhand:✒️বৰ্তমান চাৰিওফালে বিয়াৰ বতৰ। বিয়াৰ অনুষ্ঠানত আজি কালি দেখিবলৈ পোৱা যায় বহু জাকজমকতা।সম্প্ৰতি উত্তৰাখণ্ডত বিয়াৰ ক্ষেত্ৰত ২৫খন গাঁওবাসীয়ে লৈছে কেইটামান গুৰুত্বপুৰ্ণ সিদ্ধান্ত।
যাৰ ভিতৰত আছে ,বিয়াত দামী উপহাৰ দিব নোৱাৰিব। ডিজে বজাই অযথা ধন অপচয় কৰিব নোৱাৰিব। উত্তৰাখণ্ডৰ ২৫খন গাঁৱে সামূহিকভাৱে লৈছে বিবাহ অনুষ্ঠানৰ পৰা যিকোনো বিলাসী অনুষ্ঠান বাদ দিব লাগে বুলি সিদ্ধান্ত লৈছে।
পৰিয়ালৰ ওপৰত সামাজিক আৰু আৰ্থিক চাপ কমাবলৈ গ্ৰহণ কৰা হৈছে এই সিদ্ধান্ত । মদ্যপানৰ লগতে আন কেতবোৰ খাদ্য-পানীয় মেনুৰ পৰা নিষিদ্ধ কৰা হৈছে। এই নিয়ম উলংঘা কৰিলে এক লাখ টকা জৰিমনা বিহা হ’ব বুলি গ্ৰাম পঞ্চায়তসমূহে সিদ্ধান্ত গ্ৰহণ কৰিছে।
উত্তৰাখণ্ডৰ চক্ৰতা অঞ্চলৰ জৌনছাৰ বাৱাৰ অঞ্চলৰ ২৫খন গাঁৱত বিবাহ সন্দৰ্ভত নতুন নিয়ম প্ৰৱৰ্তন কৰা হৈছে। এই তালিকাত দোহা, দাউ, চুতৌ, বাজাউ, ঘিংগো, কাইত্ৰীৰ দৰে গাঁওসমূহ নামো অন্তৰ্ভুক্ত আছে।
কোৱা হৈছে যে এই আটাইকেইখন গাঁৱতে চাওমিন, ম’মৰ দৰে খাদ্য বিয়াৰ মেনুত অন্তৰ্ভুক্ত কৰিব নোৱাৰিব। যিকোনো ধৰণৰ ফাষ্ট ফুড নিষিদ্ধ। সুৰাও পৰিবেশন কৰিব নোৱাৰি।
বৰঞ্চ উত্তৰাখণ্ডৰ গড়ৱাল অঞ্চলৰ পৰম্পৰাগত স্থানীয় খাদ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ অনুৰোধ জনাইছে গাঁওবুঢ়াসকলে। ইয়াৰ ফলত খৰচ ৰাহি হোৱাই নহয়, পৰম্পৰা ৰক্ষাও হ’ব।
গাঁওবাসীৰ সহযোগত বিবাহ সম্পৰ্কীয় নিয়ম সলনি কৰা হৈছে। দাবী কৰা হৈছে যে বিয়াত অপ্ৰয়োজনীয় খৰচে বিভিন্ন পৰিয়ালৰ মাজত প্ৰতিযোগিতামূলক মানসিকতাৰ সৃষ্টি কৰিছিল।
সামৰ্থ্য নাথাকিলেও কেৱল সমাজত নিজৰ সন্মান বজাই ৰাখিবলৈ দৰা-কইনাৰ পৰিয়ালে বিলাসবহুল বিবাহ আয়োজন কৰিবলৈ বাধ্য হৈছিল। গাঁৱৰ মুৰব্বীসকলে অনুভৱ কৰে যে এই ব্যৱস্থাটো সলনি কৰাৰ প্ৰয়োজন আছে।।






























