parliament:✒️সংসদৰ শীতকালীন অধিবেশনৰ দ্বিতীয় দিনাও ভোটাৰ তালিকাৰ বিশেষ গভীৰ পুনৰীক্ষণ (এছআইআৰ) ৰ ওপৰত আলোচনাৰ দাবীত বিৰোধীয়ে উত্তাল কৰি তোলে উভয় সদন।ৰাজ্যসভাত এছআইআৰৰ ওপৰত বিতৰ্কৰ দাবীত বিৰোধী দলসমূহে সদন ত্যাগ কৰে। লোকসভাতো বাৰে বাৰে সদনৰ কাম-কাজ ব্যাহত হয়।
সোমবাৰে শীতকালীন অধিবেশনৰ প্রথম দিনা এছআইআৰৰ বিতৰ্কৰ দাবীত লোকসভা বাৰম্বাৰ স্থগিত ৰাখিবলগীয়া হয় আৰু ৰাজ্যসভাত বিৰোধীয়ে সদন ত্যাগ কৰে। কালিও ৰাজ্যসভাত চৰকাৰ আৰু বিৰোধীৰ মাজত এছআইআৰক লৈ বিতৰ্কৰ প্ৰসংগত অচলাৱস্থা অব্যাহত থাকে। নির্বাচনী সংস্কাৰৰ ওপৰত আলোচনাৰ সময়সীমা নির্ধাৰণৰ দাবীত বিৰোধীয়ে সদন ত্যাগ কৰে।
সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে সময়সীমা নির্ধাৰণ কৰিবলৈ অস্বীকাৰ কৰে। অৱশ্যে কয় যে চৰকাৰে এই বিষয়ত আলোচনা কৰিবলৈ সাজু আছে।দুয়োপক্ষৰ মধ্যমপন্থা অৱলম্বন মঙলবাৰেও বিৰোধীৰ তীব্র প্রতিবাদ, বিতৰ্কৰ পাছত দুয়োপক্ষই সদন সুচাৰুৰূপে পৰিচালনা কৰিবলৈ সন্মত হয়।
এইমৰ্মে চৰকাৰে এছআইআৰৰ ওপৰত আলোচনা কৰিবলৈ সন্মতি প্রকাশ কৰে। দুদিনজোৰা হুলস্থুলীয়া পৰিৱেশ আৰু অচলাৱস্থাৰ পাছত আজি সন্ধিয়া লোকসভাৰ অধ্যক্ষ ওম বিৰলাই সকলো পক্ষৰ স’তে এক বৈঠকৰ আয়োজন জনায়। এই বৈঠকতে ন আৰু ১০ ডিচেম্বৰত লোকসভাত ১০ঘণ্টীয়া এছআইআৰৰ ওপৰত আলোচনাৰ বাবে সময় নির্ধাৰণ কৰা হয়। ইয়াৰ পূৰ্বে আঠ ডিচেম্বৰত হ’ব বন্দে মাতৰমৰ ওপৰত আলোচনা-বিতর্ক। উল্লেখ্য যে চৰকাৰ আৰু বিৰোধী দুই উভয় পক্ষই এই সিদ্ধান্তৰ পাছত বৰফ কোনে গলালে তাকে লৈ কৃতিত্ব জাহিৰ কৰিবলৈ তৎপৰ হৈছে। দুয়োপক্ষই বন্দে মাতৰম আৰু নিৰ্বাচনী সংস্কাৰক লৈ আগন্তুক সপ্তাহত আলোচনাৰ বাবে সন্মতিৰ আঁৰত আছে অহা বৃহস্পতি আৰু শুকুৰবাৰে ভাৰত ভ্ৰমণলৈ আহিবলগীয়া ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন।এইদৰেই চৰ্চা আৰম্ভ হৈছে। এই চৰ্চা অনুসৰি, বিৰোধীয়ে সংসদৰ কাম-কাজৰ সুচাৰু পৰিচালনাৰ ক্ষেত্ৰত বাধা নিদিয়াৰ এক ভাবমূর্তি প্রদর্শন কৰিব বিচাৰে বুলি দাবী কৰে শাসক পক্ষই।
বিৰোধীয়ে এছআইআৰক লৈ কঠোৰ স্থিতিৰ পৰা তললৈ নামি ‘বন্দে মাতৰম’ৰ ১৫০ সংখ্যক বার্ষিকীৰ ওপৰত আলোচনাৰ বাবে সম্মতি প্রকাশ কৰে বুলি শাসক পক্ষই প্ৰচাৰ কৰিছে। অৱশ্যে বিৰোধীৰ মতে, বিষয়টো তেনে নহয়। এছআইআৰৰ অগ্ৰাধিকাৰত কঠোৰ স্থিতি প্ৰদৰ্শন কৰি চৰকাৰৰ জালত ভৰি নিদিলে বুলিয়ে ক’ব বিচাৰে বিৰোধীয়ে। বিৰোধীৰ মতে, শাসকীয় পক্ষই এছআইআৰৰ আলোচনাৰ বাবে দিন নির্দিষ্ট কৰিলে। সংসদীয় গণতন্ত্ৰৰ প্রতি শ্রদ্ধা অটুট ৰাখি এছআইআৰৰ আলোচনাৰ বাবে চৰকাৰে বান্ধি দিয়া সময়ৰ প্ৰস্তাৱত সম্মতি প্রদর্শন কৰা বুলি কয় তৃণমূল কংগ্ৰেছৰ নেতা ডেৰেক অ’ব্রায়েনে।
ৰাজ্যসভাত বিৰোধীৰ সদন ত্যাগ
দুয়োপক্ষৰ অচলাবস্থাৰ মাজতে বিৰোধী দলসমূহে কয় যে অন্যান্য কার্যসূচীতকৈ অগ্রাধিকাৰ পৰ্যায়ত এছআইআৰৰ ওপৰত আলোচনা হ’ব লাগে। ইপিনে, সংসদীয় পৰিক্ৰমা মন্ত্রী বিজিজুৱে ‘বন্দে মাতৰম’ৰ বিষয়ে আলোচনা প্রথমতে হ’ব বুলি কয়। এছআইআৰক লৈ বিতৰ্কৰ বাবে চৰকাৰে অগ্ৰাধিকাৰ দিবলৈ অস্বীকাৰ কৰাত সাংসদসকলে ৰাজ্যসভাত শ্ল’গান দিবলৈ ধৰে আৰু পৰৱৰ্তী পর্যায়ত সদন ত্যাগ কৰে। বিজিজুৱে কয় যে বন্দে মাতৰম হৈছে দেশৰ স্বাধীনতাৰ সংগ্ৰামৰ স’তে জড়িত এক বিষয়। তৃণমূল কংগ্ৰেছৰ নেতা ডেৰেক অ’ব্রায়েনে পইন্ট অৱ অৰ্ডাৰ উত্থাপন কৰি কয় যে ১৪টাৰো অধিক বিৰোধী দলে এছআইআৰৰ ওপৰত আলোচনা বিচাৰিছে। কিয়নো এছআইআৰৰ বাবে মানুহৰ মৃত্যু হৈ আছে। ইপিনে, বিজিজুৱে স্পষ্ট কৰি দিয়ে যে চৰকাৰে এছআইআৰৰ ওপৰত আলোচনাৰ বাবে সাজু আছে, কিন্তু সময়সীমা নির্দিষ্ট কৰি দিব নোৱাৰে।
কংগ্ৰেছৰ লোকসভাৰ সাংসদ মানিকম টেণ্ডৰে কয় যে ইয়াৰ পূৰ্বে সংসদৰ বর্ষাকালীন অধিবেশন অথলে গৈছে। কালিৰে পৰা আজিলৈ দুদিন ইতিমধ্যে সময় নষ্ট হ’ল। ব্রায়েনে কয়, ‘সংসদক উপহাস কৰা চৰকাৰৰ আমি বিৰোধী। এছআইআৰৰ আলোচনা শীর্ষ অগ্রাধিকাৰ।’ উল্লেখ্য যে মধ্যম পন্থা অবলম্বন কৰি কালি ‘ইন্ডিয়া’ মিত্রজোঁটে সংযমৰ পথত আগবাঢ়িবলৈ সিদ্ধান্ত লয়। আজিও সদনৰ ভিতৰে-বাহিৰে মিত্রজোঁটে প্রতিবাদ কৰে যদিও ই পূৰ্বৰ অধিবেশনৰ তুলনাত কম প্রাবল্য বুলি চর্চিত হৈছে। সূত্রত প্রকাশ যে আৰম্ভণিতে বিৰোধীয়ে ‘বন্দে মাতৰম’ৰ ওপৰত আলোচনা অগ্রাহ্য কৰিবলৈ সাজু হৈছিল যদিও বিজেপিয়ে বিষয়টোক লৈ বিৰোধীৰ বিপক্ষে ৰাজনীতি কৰিব পাৰে বুলি অনুমান কৰি কৌশল সলনি কৰিছে। সেই বাবেই অৱশেষত কালি বিৰোধীয়ে এছআইআৰৰ পূৰ্বে ‘বন্দে মাতৰম’ক লৈ আলোচনাৰ বিষয়টোত বিশেষ আপত্তি নদর্শালে। একেদৰে চৰকাৰী পক্ষয়ো এছআইআৰক লৈ আলোচনা হ’ব বুলি কয়।






























