Japan:✒️আন্তর্জাতিক মুদ্রা নিধি (আইএমএফ)ৰ শেহতীয়া প্রতিবেদনৰ তথ্য অনুসৰি বিশ্বৰ প্ৰায়বোৰ দেশত ঋণৰ পৰিমাণ ক্রমে বৃদ্ধি পাইছে। আইএমএফৰ মতে ২০৩০ বর্ষলৈকে বিশ্বৰ মুঠ সার্বজনীন ঋণ গোলকীয় মুঠ ঘৰুৱা উৎপাদন (জিডিপি)ৰ সমান হ’ব।
আইএমএফে সম্প্রতি অত্যধিক ঋণগ্রস্ত দেশৰ এখন তালিকা প্রকাশ কৰিলে। আইএমএফৰ এই প্রতিবেদনত উল্লেখ কৰা অনুসৰি, বিশ্বৰ ভিতৰতে সৰ্বাধিক ঋণগ্রস্ত দেশ হৈছে জাপান। জাপানত সম্প্রতি ঋণৰ পৰিমাণ জিডিপিৰ আঢ়ৈগুণ অধিক হৈছে।
জাপানৰ মুঠ ঋণৰ পৰিমাণ ১,০৮০.১ বিলিয়ন ডলাৰ। দ্বিতীয় সর্বাধিক ঋণগ্রস্ত দেশ ছুডানত ঋণৰ পৰিমাণ ২২১.৫ শতাংশলৈ বৃদ্ধি পালে। তৃতীয় স্থানত ছিংগাপুৰ আছে আৰু এই দেশত ঋণৰ পৰিমাণ জিডিপিৰ ১৭৫.৬ শতাংশ হৈছে।
গ্রীচত ঋণৰ পৰিমাণ ১৪৭.৭ শতাংশলৈকে বৃদ্ধি পালে। বাহৰেনত ঋণৰ পৰিমাণ মুঠ জিডিপিৰ ১৪২.৫ শতাংশ।
ইটালীত ঋণৰ পৰিমাণ জিডিপিৰ ১৩৬.৮ শতাংশ হৈছে। একেদৰে মালদ্বীপত ১৩১.৮ শতাংশ, আমেৰিকাত জিডিপিৰ ১২৫ শতাংশ, ছেনেগালত জিডিপিৰ ১২২.৯ শতাংশ হৈছে ঋণৰ পৰিমাণ। ফ্ৰান্সত বর্তমানে ঋণৰ পৰিমাণ জিডিপিৰ ১১৬ শতাংশলৈ বৃদ্ধি পালে।






























