Jorhat Medical College:✒️বিগত কে’বামাহ ধৰি যোৰহাট চিকিৎসা মহাবিদ্যালয়ত কুকুৰ-মেকুৰীয়ে কামুৰিলে ব্যৱহাৰ কৰা ঔষধৰ যোগান বন্ধ কৰি ৰখাত ৰাইজৰ বিলাই বিপত্তিৰ সীমা নোহোৱা হৈছে। উল্লেখ্য যে কুকুৰ বা মেকুৰীয়ে কামোৰা বা আঁচোৰাৰ ফলত জলাতংক ৰোগ অত্যন্ত ভয়ানক আৰু এই ভয়াৱহতাৰ প্রতি লক্ষ্য ৰাখিয়ে চৰকাৰীভাবে বিনামূলীয়াকৈ এই জাতীয় আক্রান্তাক প্রতিষেধক দিয়া হয়।
কিন্তু বিগত কে’বা মাহ ধৰি যোৰহাটৰ চিভিল আৰু যোৰহাট চিকিৎসা মহাবিদ্যালয়ত এই ৰোগৰ ঔষধৰ যোগান বন্ধ হৈ থকাত এতিয়া দৰিদ্র জনতাই হাবাথুৰি খাব লগাত পৰিছে। এক ভিতৰুৱা অঞ্চলৰ এজন লোকে কালি কুকুৰে কামোৰাৰ তিনি দিনৰ পাছত চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাৰ বাবে উপস্থিত হোৱাৰ অন্তত ঔষধ নথকা বুলি জানি মূৰতে সৰগ ভাগি পৰে।
চিকিৎসকে তেওঁক ৰবিভাক্স-এছ নামৰ এক ঔষধ বাহিৰৰ পৰা ক্ৰয় কৰিবলৈ লিখি দিয়ে যদিও হাতত উপযুক্ত পৰিমাণৰ ধন নথকাত বিলাই বিপত্তিৰ সীমা নোহোৱা হয়।
চিকিৎসা মহাবিদ্যালয়ৰ দায়িত্বশীল এক সূত্ৰৰ পৰা জানিব পৰা মতে, কেইমাহমান আগলৈকে যোগান নিয়মীয়া আছিল যদিও সম্প্রতি অজান কাৰণত এই ঔষধৰ যোগান বন্ধ হৈ পৰে। তেওঁ জানিবলৈ দিয়ে যে চিকিৎসালয়ত দৈনিক কে’বা শতাধিক কুকুৰ-মেকুৰীৰ দ্বাৰা আক্রান্ত লোক চিকিৎসাৰ বাবে আহে; কিন্তু ঔষধৰ যোগান বন্ধ হৈ থকাত এনে পৰিস্থিতিৰ মোকাবিলা কৰাটো দুৰূহ হৈ পৰিছে।
একে সময়তে তেওঁ জানিবলৈ দিয়ে যে মাজে মধ্যে চৰকাৰে কিছু পৰিমাণৰ ধন এই ঔষধ ক্রয় কৰিবলৈ দিছিল যদিও তাৰে কোনোপধ্যে মোকাবিলা কৰাটো সম্ভর নহয়; কিন্তু শেহতীয়াকৈ এই ঔষধৰ যোগান নিয়মীয়া কৰা হ’ব বুলি তেওঁলোকক জনাই থকা হয় বুলিও কয়। কিন্তু বিষয়টো বিশেষকৈ দৰিদ্ৰজনৰ কাৰণে এতিয়া ধান পকে মানে টুনীৰ মৰণৰ দৰে হৈছে।






























