Wild Elephant Attack:গোৱালপাৰাত অব্যাহত বন্যহস্তীৰ উপদ্ৰৱ

আগিয়াত হাতীৰ আক্ৰমণত কৰুণ মৃত্যু বৃদ্ধৰ

elephant

Wild Elephant Attack:

দিনক দিনে বৃদ্ধি পাইছে হাতী- মানুহৰ সংঘাত ৷ শীতৰ আগমনৰ লগে লগে খাদ্যৰ সন্ধানত জনঅৰণ্যত বন্যহস্তীয়ে সৃষ্টি কৰা উপদ্ৰৱত ত্ৰস্তমাণ হৈ পৰিছে ৰাইজ।

আজি পুৱাই গোৱালপাৰাৰ আগিয়াত হাতীৰ আক্ৰমণত কৰুণ মৃত্যুক সাবটি লয় এজন বৃদ্ধই৷ ৷
গৰাইমাৰি সনাজুলিত পুৱা ঘৰৰ পৰা বাহিৰলৈ ওলাই আহোতেই হাতীয়ে আক্রমণ কৰে এজন লোকক । থিতাতে মৃত্যু হয় চিতেন ৰাভা। ইয়াৰ পিছল স্থানীয় ৰাইজে হুলস্থূল কৰাত বন্যহস্তীটো আঁতৰি যায় ৷ ঘটনাস্থলীত আৰক্ষী আৰু বন বিভাগৰ লোক উপস্থিত হয় ৷ সৰবৰহী লোকজনক মৃত্যুত শোকস্তব্ধ হৈ পৰে সমগ্ৰ সনাজুলি অঞ্চল ৷

Exit mobile version