Vladimir Putin:✒️ছজিনাৰ পাত আৰু মচুৰ দাইল, ভাপত সিজোৱা মিলেটৰ পৰা তৈয়াৰী মুৰুংগেলাই চাৰু নামৰ চুপৰ পৰা কাশ্মীৰী খাদ্য তথা পৰম্পৰাগত খাদ্যৰে শুকুৰবাৰে নিশা কছ ৰাষ্ট্ৰপতি ভ্লাডিমীৰ পুটিনক আপ্যায়ন কৰা হয়। লগতে ভাৰতীয় কটি, কেশৰযুক্ত পোলাও আৰু ফল-মূলো তেওঁৰ প্ৰতি আগবঢ়োৱা হয়। ফল-মূলৰ মাজত শুকান আৰু কেঁচা দুয়োবিধ থাকে।
কালি ৰাইচিনা হিলস্থিত ৰাষ্ট্ৰপতি ভৱনত ভাৰত ভ্ৰমণৰত ৰাষ্ট্ৰপতিজনৰ বাবে চৰকাৰী নৈশ আহাৰৰ ব্যৱস্থা কৰা হয়। এই উপলক্ষে দেশৰ তিনিওটা প্ৰতিৰক্ষা বাহিনীয়ে ৰাষ্ট্ৰপতি ভৱন প্রাংগণত যৌথ সামৰিক বেণ্ড পৰিবেশন কৰে। ভাৰতীয় নৌসেনাৰ পৰিবেশনত শ্বাহৰুখ খান অভিনীত ‘ফিৰ ভি দিলহে হিন্দুস্তানী’ ছবিৰ গীত, চাৰে ‘জাঁহাচে আচ্চা আৰু কদম কদম বঢ়ায়ে যা’ আদিয়ে স্থান লাভ কৰে। অনুষ্ঠানত কমেও ডেৰশ অতিথিয়ে অংশগ্রহণ কৰে।
লক্ষ্যণীয়ভাৱে পৰম্পৰা ভংগ কৰি এই অনুষ্ঠানলৈ মূল বিৰোধী দলৰ নেতাক চৰকাৰে নিমন্ত্রণ নজনালে। ইয়াকে লৈ তীব্র প্রতিক্ৰিয়াৰ সৃষ্টি হৈছে। উল্লেখ্য যে পুটিনৰ এই ভাৰত ভ্ৰমণৰ প্ৰাক্ষণত মোদী চৰকাৰক আক্ৰমণ কৰি জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে তীব্র কটাক্ষবাণ এৰে। তেওঁ কয় যে মোদী চৰকাৰে অসুৰক্ষিত অনুভৱ কৰি ভাৰত ভ্ৰমণৰত বিদেশী ৰাষ্ট্ৰৰ মুৰব্বীসকলক দেশৰ বিৰোধী দলসমূহৰ নেতাসকলক সাক্ষাতৰ সুযোগ নিদিয়া হৈছে। ৰাহুলৰ এই আক্ৰমণৰ পোটক তুলিবলৈ মোদী চৰকাৰে পুটিনৰ সন্মানার্থে আয়োজিত নৈশভোজৰ অনুষ্ঠানলৈ দেশৰ মূল বিৰোধী দল কংগ্ৰেছৰ সভাপতি খাৰ্গেকো নিমন্ত্রণ নজনোৱা বুলি চর্চা হৈছে।
অৱশ্যে দলৰ কেৰালাৰ সাংসদ শশী থাৰুৰক মোদী চৰকাৰে এই অনুষ্ঠানলৈ নিমন্ত্রণ জনায়। লক্ষ্যণীয়ভাৱে পূৰ্বৰ সমালোচকৰ স্থিতি ত্যাগ কৰি বিগত কিছুমাহ ধৰি থাৰুৰ মোদী চৰকাৰৰ প্ৰশংসাত পঞ্চমুখ হৈ আহিছে। ফলত দলৰ স’তে তেওঁৰ সম্পৰ্কত ঘুণে ধৰিছে। অৱশ্যে এই চৰকাৰী নৈশভোজৰ অনুষ্ঠানলৈ অতিথি নিমন্ত্ৰণৰ প্ৰক্ৰিয়াৰ বিষয়ে অৱগত নহয় বুলি থাৰুৰে আত্মপক্ষ সমর্থনত যুক্তি দিছে। অনুষ্ঠানত তেওঁ অংশগ্রহণো কৰে।
পুটিনৰ নৈশভোজৰ অনুষ্ঠানলৈ খাৰ্গে অথবা ৰাহুলৰ পৰিৱৰ্তে থাৰুৰে নিমন্ত্রণ লাভ কৰাটোৱে আন এক চর্চা মুকলি কৰিছে। বিদেশী ৰাষ্ট্ৰ মুৰব্বীজনৰ সন্মানার্থে আয়োজিত এই নৈশভোজৰ অনুষ্ঠানলৈ নিমন্ত্রণ লাভ নকৰাত তীব্র প্রতিক্রিয়া প্রকাশ কৰিছে কংগ্ৰেছ সভাপতি খার্গেই। মোদী চৰকাৰৰ এই কার্যক পৰম্পৰা ভংগ বুলি অভিহিত কৰিছে কংগ্রেছ সভাপতিজনে। সংসদ ভৱনৰ বাহিৰত আজি তেওঁ সাংবাদিকৰ আগত কয়, ‘পূর্বে এটা পৰম্পৰা আছিল। এই পৰম্পৰা অটল বিহাৰী বাজপেয়ী চৰকাৰেও মানি লৈ ভাৰত ভ্ৰমণৰত বিদেশী ৰাষ্ট্ৰৰ মুৰব্বীসকলক বিৰোধী নেতাৰ স’তে সাক্ষাৎ কৰিবলৈ কৈছিল। কিন্তু আজিকালি চৰকাৰে বিদেশী নেতাসকলক পৰামৰ্শ দিয়ে যাতে তেওঁলোকে বিৰোধী নেতাক সাক্ষাৎ নকৰে।’
খাৰ্গে বা ৰাহুলৰ পৰিৱৰ্তে থাৰুৰক এই নৈশভোজৰ অনুষ্ঠানলৈ নিমন্ত্রণ জনোৱাক লৈ জ্যেষ্ঠ কংগ্রেছ নেতা পৱন খেৰায়ো প্রতিক্রিয়া প্রকাশ কৰিছে। থাৰুৰৰ নাম উল্লেখ নকৰাকৈ খেৰাই কয়, ‘যিসকলে নিমন্ত্রণ আগবঢ়ালে আৰু যিসকলে এই নিমন্ত্রণ পালে তেওঁলোকৰ কাম-কাজো পৰীক্ষা কৰা উচিত।’
উল্লেখ্য যে অলপতে থাৰুৰে কংগ্ৰেছৰ ‘গান্ধী পৰিয়াল’ক পৰোক্ষভাৱে সমালোচনা কৰি এখন ইংৰাজী ৰাষ্ট্ৰীয় কাকতত এটা প্রবন্ধ লিখে। প্রবন্ধটোত তেওঁ মতপোষণ কৰে যে পৰিয়ালতান্ত্রিক দলসমূহৰ অৱস্থা ভাল নহয়। অৱশ্যে কংগ্ৰেছৰ স’তে থাৰুৰৰ সম্পৰ্ক জটিল হোৱাৰ ইংগিত ২০২২ৰ মাজভাগতে স্পষ্ট হয়। তেতিয়া তেওঁ একাংশ কংগ্ৰেছৰ নেতাৰ স’তে মিলি দলৰ নেতৃত্ব সলনিৰ দাবীৰে তদানীন্তন সভানেত্রী ছোনিয়া গান্ধীলৈ এক পত্ৰ প্ৰেৰণ কৰে। পৰৱৰ্তী সময়ত যোৱা জুনত তেওঁ এক সাক্ষাৎকাৰত কয় যে কংগ্ৰেছ আৰু দলৰ আদৰ্শৰ প্ৰতি ১৬ বছৰ তেওঁৰ আনুগত্য আছিল।
পুটিনক অসমৰ চাহৰ পৰা বিভিন্ন সামগ্রী উপহাৰ মোদীৰ
কালি চৰকাৰী নৈশভোজৰ পাছতে ভ্ৰমণৰত ৰুছ ৰাষ্ট্ৰপতিজনে দুদিনীয়া ভাৰত ভ্ৰমণ সামৰি বিদায় লয়। ব্যস্ততাপূর্ণ সূচীৰ মাজতে পুটিনক মোদীয়ে অসমৰ ক’লা চাহৰ লগতে বিভিন্ন সামগ্রী উপহাৰ দিয়ে। তদুপৰি তেওঁ পুটিনক এটা কাৰুকার্য খচিত ৰূপালী ৰঙৰ টি-ছেট উপহাৰ দিয়ে। এই টি-ছেটৰ কাৰুকাৰ্য পশ্চিমবংগৰ মুৰ্ছিদাবাদত কৰা। লগতে মোদীয়ে ৰুছ ৰাষ্ট্ৰপতিজনক মহাৰাষ্ট্ৰৰ হস্ত শিল্পীয়ে তৈয়াৰ কৰা এটা ৰূপালী ঘোঁৰাও উপহাৰ দিয়ে। তদুপৰি আগ্ৰাৰ পৰা সংগ্ৰহ কৰা মাৰ্বলৰ দবা-ছেট, সুগন্ধিযুক্ত বিখ্যাত কাশ্মীৰী কেশৰ আদিও মোদীয়ে পুটিনক উপহাৰ দিয়ে।






























