Acs Officer Nupur Bora:
পুনৰ বিপদত বহু বিতৰ্কিত এচিএছ বিষয়া নুপূৰ বৰা ৷ চিএম ভিজিলেঞ্চে বৰাৰ বিৰুদ্ধে পুনৰ ৰজু কৰিলে গোচৰ ৷ বৰপেটাত চৰকাৰী ভূমি ব্যাপক অনিয়মেৰে বিক্ৰী কৰাৰ অভিযোগত চিএম ভিজিলেঞ্চে বৰাৰ বিৰুদ্ধে ৰজু কৰিছে গোচৰ ৷
উল্লেখ্য যে আয়বহিৰ্ভূত গোচৰত চিএম ভিজিলেঞ্চ পূৰ্বতে এচিএছ বিষয়া নুপূৰ বৰাক গ্ৰেপ্তাৰ কৰিছিল ৷ অৱশ্যে কেইটামান মাহ কাৰাগাৰত থকাৰ পিছত কিছুদিন পূৰ্বে জামিন লাভ কৰিছিল ৷
